BJP Morigaon District

BJP Morigaon District BJP Morigaon District official page

30/08/2026

LIVE

ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলা সমিতিৰ উদ্যোগত জিলা সভাপতি সন্মানীয় শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়াৰ সভাপতিত্বত ...
29/08/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলা সমিতিৰ উদ্যোগত জিলা সভাপতি সন্মানীয় শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়াৰ সভাপতিত্বত আজি এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰীযুত Rakesh Das ডাঙৰীয়া, ৰাজ্যিক যুৱ মৰ্চা, উপ-সভাপতি সন্মানীয় ড° নয়ন জ্যোতি হাজৰিকা ডাঙৰীয়া, ৰাজ্যিক সম্পাদক মাননীয় শ্ৰীযুত ৰাহুল নাইডু ডাঙৰীয়া, সহ-আহ্বায়ক শ্ৰীযুত কৌশিক তালুকদাৰ ডাঙৰীয়া, ৰাজ্যিক সহ-প্ৰভাৰী মাননীয় শ্ৰীযুত অভিষেক মুখীয়া ডাঙৰীয়াকে প্ৰমুখ্যে জিলা পৰ্যায়ৰ বিষয়ববীয়া, মণ্ডল সভাপতি তথা নিষ্ঠাবান কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক কেন্দ্ৰ কৰি সভাখনত বিভিন্ন সাংগঠনিক আৰু কৌশলগত দিশ পৰ্যালোচনা কৰা হয়। তৃণমূল পৰ্যায়ত সংগঠনৰ শক্তি অধিক সুসংহত কৰি জনসাধাৰণৰ সৈতে নিবিড় সংযোগ স্থাপনৰ লক্ষ্যৰে আগন্তুক কাৰ্যপন্থা নিৰ্ধাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
BJYM Assam
Ravindra Raju
Pijush Hazarika
Ramakanta Dewri
Ram Prasad Sarkar
প্ৰানজিত হাজৰিকা

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী দলীয় সতীৰ্থ আৰু লা...
22/08/2026

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী দলীয় সতীৰ্থ আৰু লাখ লাখ শুভাকাংক্ষী সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে!!

আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধা সমূহীয়া ভৱনত দন্দুৱা-ভূৰবন্ধা মণ্ডলৰ উদ্যোগত এখন নিৰ্বাচনকেন্দ্ৰিক সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পল্লৱ লোচন দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰী ডাঙৰীয়া, ৰাজ্যিক উপ-সভানেত্ৰী তথা ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলাৰ প্ৰভাৰী শ্ৰীযুতা জুৰী শৰ্মা বৰদলৈ ডাঙৰীয়ানী, সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মৰিগাঁও বিধানসভা সমষ্টিৰ সহ-প্ৰভাৰী শ্ৰীযুত প্ৰণৱ জ্যোতি লহকৰ ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদক শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়া, মৰিগাঁও দন্দুৱা-ভূৰবন্ধা মণ্ডলৰ সভানেত্ৰী শ্ৰীযুতা মিনু পাটৰ দেৱী ডাঙৰীয়ানী, দন্দুৱা-ভূৰবন্ধা মণ্ডলৰ অন্তৰ্গত বুথ সভাপতি আৰু দলীয় কৰ্মকৰ্তাসকল।

উক্ত সভাত আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে নিজৰ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ নিজৰ বুথত সক্ৰিয়ভাৱে জড়িত হৈ অধিক ভোটদান নিশ্চিত কৰিবলৈও আহ্বান জনোৱা হয়।

যোৰহাটৰ বৰ্তমানৰ সাংসদ গৰাকীয়ে অপপ্ৰচাৰেৰে ৰাজনীতিত ব্যস্ত থকাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডা...
18/08/2026

যোৰহাটৰ বৰ্তমানৰ সাংসদ গৰাকীয়ে অপপ্ৰচাৰেৰে ৰাজনীতিত ব্যস্ত থকাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যোৰহাট লোকসভা সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ কাষত থাকি দুৰ্যোগৰ এই কঠিন সময়ত সাহায্য প্ৰদান কৰি আছে।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pabitra Margherita
Santanu Puzari

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই গৌৰৱময় ঐতিহাসিক ক্ষণত আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত জিলা সাধাৰন সম...
15/08/2026

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই গৌৰৱময় ঐতিহাসিক ক্ষণত আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত জিলা সাধাৰন সম্পাদক শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়া, জিলা উপ সভানেত্ৰী শ্ৰীযুতা গুণপ্ৰভা দেৱী ডাঙৰীয়ানী, জিলা সম্পাদিকা শ্ৰীযুতা ৰীতা কোঁৱৰ ডাঙৰীয়ানী, জিলা যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত প্ৰাণজিৎ হাজৰীকা ডাঙৰীয়া, মৰিগাঁও টাউন মণ্ডলৰ সভাপতি শ্ৰীযুত প্ৰতাপ বৰদলৈ ডাঙৰীয়াক প্ৰমুখ্যে দলীয় কৰ্মকৰ্তা সকলৰ উপস্থিতিত জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়াই জাতীয় পতাকা উত্তোলন কৰে।

দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ বাবে আত্মবলিদান দিয়া অগণন বীৰ শ্বহীদক এই পবিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেওঁলোকৰ ত্যাগ আৰু আদৰ্শই আমাক সদায় দেশসেৱাৰ পথত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰি থাকিব।

জয় হিন্দ! 🇮🇳
বন্দে মাতৰম! 🇮🇳

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই গৌৰৱময় ঐতিহাসিক ক্ষণত আজি ভাৰতীয় জনতা পাৰ্টি,মৰিগাঁও টাউন মণ্ডলৰ উদ্যোগত মৰিগাঁও সদৰ...
14/08/2026

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই গৌৰৱময় ঐতিহাসিক ক্ষণত আজি ভাৰতীয় জনতা পাৰ্টি,মৰিগাঁও টাউন মণ্ডলৰ উদ্যোগত মৰিগাঁও সদৰত অনুষ্ঠিত হোৱা "ত্ৰিৰংগা যাত্ৰা"ত অংশগ্ৰহণ কৰে মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰী ডাঙৰীয়া, টাউন মণ্ডলৰ সভাপতি শ্ৰীযুত প্ৰতাপ বৰদলৈ ডাঙৰীয়াক প্ৰমুখ্যে মৰিগাঁৱৰ বিভিন্ন মহাবদ্যালয়ৰ পৰা অহা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সকলক , সন্মানীয় দলীয় কৰ্মকৰ্তা সকল আৰু স্থানীয় ৰাইজ সকল উপস্থিত থাকে।

14/08/2026

বিজেপিৰ উদ্যোগত আয়োজিত 'ত্ৰিৰংগা যাত্ৰা'ৰ পোনপটীয়া সম্প্ৰচাৰ।

📍 খানাপাৰা, গুৱাহাটী।

Address

Morigaon

Alerts

Be the first to know and let us send you an email when BJP Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Morigaon District:

Shortcuts

Share