BJYM Morigaon District

BJYM Morigaon District The Bharatiya Janata Yuva Morcha (BJYM) is the youth wing of the Bharatiya Janata Party.

It was founded in 1978, and its first national president was Kalraj Mishra.

ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়াৰ সভাপতিত্বত আজি এক গুৰুত্বপূৰ্ণ ...
15/07/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়াৰ সভাপতিত্বত আজি এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সম্পাদক শ্রীযুত অভিজিৎ নাথ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ তথ‍্য প্রযুক্তি সদস্য শ্রীযুত জয়ন্ত বৰুৱা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্রীযুত ৰামপ্রসাদ সৰকাৰ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি যুৱ মৰ্চা বিষয়ববীয়া সকলৰ লগতে বিভিন্ন মণ্ডলৰ মণ্ডল সভাপতিসকল উপস্থিত থাকি সংগঠন অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে মূল্যৱান মতামত আগবঢ়োৱাৰ লগতে আগন্তুক “মই মোৰ ৰক্ষক” কাৰ্য্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা কৰা হয়।

Himanta Biswa Sarma
Dilip Saikia
RD FC
Pijush Hazarika
Rakesh Das
Ram Prasad Sarkar
BJP Assam Pradesh
BJYM Assam

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যিক যুৱ মৰ্চাৰ মাননীয় সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়াৰ সভাপতিত্বত আজি...
13/07/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যিক যুৱ মৰ্চাৰ মাননীয় সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়াৰ সভাপতিত্বত আজি এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।

উক্ত সভাত ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়া লগতে ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সামাজিক মাধ্যম আহ্বায়ীকা শ্রী Tina Das ডাঙৰীয়ানীয়ে অংশগ্রহন কৰে।

সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰভাৰী শ্ৰীমতী ৰত্না সিং ডাঙৰীয়ানী, ৰাজ্যিক যুৱ মৰ্চাৰ বিষয়ববীয়াসকল, বিভিন্ন জিলাৰ সভাপতি, জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকল উপস্থিত থাকি সংগঠন অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে মূল্যৱান মতামত আগবঢ়ায়।

Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
BJYM Assam

১৯৪৯ চনৰ ৯ জুলাই তাৰিখটোৱে আমাৰ দেশৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰিছিল। জ্ঞান, চৰিত্ৰ আৰু একতাৰ মন্...
09/07/2026

১৯৪৯ চনৰ ৯ জুলাই তাৰিখটোৱে আমাৰ দেশৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰিছিল। জ্ঞান, চৰিত্ৰ আৰু একতাৰ মন্ত্ৰৰে দীক্ষিত হৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিগত দশক ধৰি ছাত্ৰ সমাজক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।

দেশৰ প্ৰতিটো সংকটৰ সময়তে আগভাগ লোৱা, ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ ৰক্ষা কৰা আৰু নৱপ্ৰজন্মৰ মাজত দেশপ্ৰেম জগাই তোলাৰ ক্ষেত্ৰত সদায় সক্ৰিয়। আজিৰ এই পবিত্ৰ প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসত সংগঠনটোৰ প্ৰতিগৰাকী কৰ্মী তথা শুভাকাংক্ষীলৈ ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলা তৰফৰ পৰা জনালোঁ অশেষ শুভকামনা।

"উঠা, সজাগ হোৱা আৰু লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে নৰ'বা।"যুৱশক্তিৰ প্ৰাণপুৰুষ, মহান দাৰ্শনিক, ভাৰতীয় সংস্কৃতিক বিশ্ব দৰবাৰত...
04/07/2026

"উঠা, সজাগ হোৱা আৰু লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে নৰ'বা।"

যুৱশক্তিৰ প্ৰাণপুৰুষ, মহান দাৰ্শনিক, ভাৰতীয় সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা যুগপুৰুষ স্বামী বিবেকানন্দ দেৱৰ পুণ‍্যতিথিত ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলা তৰফৰ পৰা তেখেতলৈ অলেখ সেৱা আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। তেখেতে দেখুৱাই যোৱা মানৱ সেৱা আৰু আধ্যাত্মিকতাৰ পথ আমাৰ বাবে চিৰনমস্য।🙏

ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা অনুষ্ঠিত হৈ থকা পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ আজি অংশ স্বৰূপে ভাৰতীয় জনতা ...
03/07/2026

ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা অনুষ্ঠিত হৈ থকা পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ আজি অংশ স্বৰূপে ভাৰতীয় জনতা পাৰ্টি, জাগী- ভকতগাঁও মণ্ডলৰ প্ৰশিক্ষণ বৰ্গত সমল বক্তা হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়াই সত্ৰ সম্বোধন কৰে ।

আজিৰ এই প্ৰশিক্ষণ বৰ্গত জাগী- ভকতগাঁও মণ্ডলৰ সন্মানীয় মণ্ডল সভানেত্রী শ্রীযুতা মল্লিকা বৰদলৈ ডাঙৰীয়ানী, বৰ্গ প্ৰমুখ শ্রীযুতা বিনীতা দৈমাৰী ডাঙৰীয়ানী, এই প্ৰশিক্ষণ মহাঅভিযানৰ জিলা তত্ত্বাৱধায়ক শ্ৰীযুত ধৰণীধৰ বৰদলৈ ডাঙৰীয়া প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টি, জাগী- ভকতগাঁও মণ্ডলৰ বিভিন্ন দায়িত্ব প্ৰাপ্ত কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে ।

Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
BJYM Assam
BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় ৰাজ্যিক সাংগঠনিক সাধ...
01/07/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, মৰিগাঁও জিলাৰ গৌৰৱ অসম চৰকাৰৰ মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পীয়ুষ হাজৰিকা ডাঙৰীয়া, মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্রীযুত ৰামপ্রসাদ সৰকাৰ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা সাধাৰণ সম্পাদক শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি সন্মানীয় বিধায়ক সকল ক্ৰমে - শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া, শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া, শ্ৰীযুত দিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, বিজেপি অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সম্পাদক শ্ৰীযুত ৰাতুল শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলাৰ প্ৰভাৰী শ্ৰীযুত প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, নগাঁও জিলা সভাপতি শ্ৰীযুত সুৱৰ্ণ সিং ডাঙৰীয়াক প্ৰমুখ্যে কৰি মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা উপস্থিত সংশ্লিষ্ট দলীয় সতীৰ্থ সকলৰ উপস্থিতিত জাগীৰোডস্থিত পৰিদৰ্শন বঙলাত অনুষ্ঠিত হোৱা বিশেষ সাংগঠনিক সভাত ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়াই অংশগ্ৰহণ কৰে।

Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
Pijush Hazarika
Ramakanta Dewri
প্ৰানজিত হাজৰিকা
Ram Prasad Sarkar
Nirmal Konwar
BJP Assam Pradesh
BJYM Assam

ভাৰতীয় জনতা যুৱ মৰ্চা, কপিলী মণ্ডলৰ প্ৰাক্তন সভাপতি দেৱজিত ডেকা দলৈ (জোন দা) ৰ বিয়োগৰ খবৰটো পাই অতিকৈ ব্যথিত হৈছোঁ । ভ...
27/06/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, কপিলী মণ্ডলৰ প্ৰাক্তন সভাপতি দেৱজিত ডেকা দলৈ (জোন দা) ৰ বিয়োগৰ খবৰটো পাই অতিকৈ ব্যথিত হৈছোঁ । ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ তৰফৰ পৰা আমাৰ প্ৰাক্তন সতীৰ্থ জনক চিৰবিদায় জনালোঁ।

মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাণিপুৰ পঞ্চায়ত ভৱনত ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও নগৰ মণ্ডলৰ পণ্ডিত দীনদয়াল উপাধ্যায়...
26/06/2026

মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাণিপুৰ পঞ্চায়ত ভৱনত ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও নগৰ মণ্ডলৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানৰ অংশস্বৰূপে দুদিনীয়াকৈ আয়োজিত প্ৰশিক্ষণ বৰ্গৰ আজি সমাপন সত্ৰটি ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়াই সম্বোধন কৰে।

মৰিগাঁও টাউন মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰতাপ বৰদলৈ দেৱৰ সঞ্চালনাত আয়োজিত এই বৰ্গত বৰ্গ প্ৰমুখ শ্ৰীযুত জয়ন্ত বৰা দেৱ, এই প্ৰশিক্ষণ মহাঅভিযানৰ জিলা তত্ত্বাৱধায়ক শ্ৰীযুত ধৰণীধৰ বৰদলৈ দেৱৰ প্ৰমুখ্যে মণ্ডলৰ বিভিন্ন দায়িত্ব প্ৰাপ্ত কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে ।

Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
Ram Prasad Sarkar
Nirmal Konwar
BJYM Assam
BJP Assam Pradesh

ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক আটাইতকৈ ক’লা অধ্যায়, ১৯৭৫ চনৰ আজিৰ দিনটোতে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ...
25/06/2026

ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক আটাইতকৈ ক’লা অধ্যায়, ১৯৭৫ চনৰ আজিৰ দিনটোতে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। গণতন্ত্ৰৰ কণ্ঠৰোধ কৰি সংবিধানক অৱমাননা কৰা সেই দিনটোৰ ক’লা ইতিহাস আমি কেতিয়াও পাহৰিব নোৱাৰোঁ।দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে যিসকল লোকে অমানুষিক যাতনা ভোগ কৰিবলগীয়া হৈছিল আৰু সংবিধানৰ সৰ্বোচ্চতা বৰ্তাই ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰিছিল, সেই সকলো মহান ব্যক্তিৰ প্ৰতি আজিৰ দিনটোত ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। 🙏

আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে যিসকল লোকে অমানুষিক যাতনা ভোগ কৰিবলগীয়া হৈছিল আৰু সংবিধানৰ সৰ্বোচ্চতা বৰ্তাই ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰিছিল, সেই সকলো মহান ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এটি অনুষ্ঠান পাতা হয়।

উক্ত অনুষ্ঠানটিত ভাৰতীয় জনতা যুৱ মৰ্চা, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰানজিত হাজৰিকা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি শ্রীযুত ৰামপ্রসাদ সৰকাৰ ডাঙৰীয়া, জিলা সাধাৰন সম্পাদকদ সন্মানীয় শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ্যে জিলা বিষয়ববীয়াসকল, যুৱ মৰ্চা বিষয়ববীয়া সকলৰ লগতে নগৰ মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Address

Morigaon

Alerts

Be the first to know and let us send you an email when BJYM Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share