BJYM Moirabari

BJYM Moirabari Mission:
Empowering youth to transform India into a stronger and prosperous global power.


‘Be th

07/04/2019

অহা কালি মৈৰাবাৰী ত মিত্ৰজোঁট ৰ প্ৰাৰ্থী শ্ৰীযুত #মণি_মাধৱ মহন্ত ডাঙৰীয়া ৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত থাকিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী #কেশব মহন্ত ডাঙৰীয়া,লগতে উপস্থিত থাকিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা #আঙুৰলতা ডেকা ডাঙৰীয়ানী, কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী #মণি মাধৱ মহন্ত ডাঙৰীয়া।
অসম প্ৰদেশ সংখ্যালঘূ মৰ্চাৰ সম্পাদিকা #ছালমা জেচমিন ডাঙৰীয়ানী।

উক্ত সভাখনত সচেতন ৰাইজক উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।
ধন্যবাদ 🙏

Venue:
Time= 6 pm

 #নগাঁৱৰ_ডিউ_কেয়াৰ_হস্পিতালত_মৰ্মান্তিক_ঘটনা : আই চি ইউৰ পৰা বলপুৰ্বক উলিয়াই দিলে ৰোগীক :চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গ...
04/01/2019

#নগাঁৱৰ_ডিউ_কেয়াৰ_হস্পিতালত_মৰ্মান্তিক_ঘটনা : আই চি ইউৰ পৰা বলপুৰ্বক উলিয়াই দিলে ৰোগীক :চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু

নগাঁও চহৰৰ ধিং গেটৰ সমীপত থকা ডিউ কেয়াৰ হস্পিতাল নামৰ ব্যক্তিক খণ্ডৰ চিকিৎসালয়ত সংঘটিত এক মৰ্মান্তিক ঘটনাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি, চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি এগৰাকী ৰোগীক চিকিৎসাধীন অৱস্থাত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই উলিয়াই দিয়ে। কিডনী আৰু হৃদৰোগত আক্ৰান্ত মৈৰাবাৰী অঞ্চলৰ ইছমাইল হুছেইন নামৰ লোকজনক যোৱা ৩০ ডিচেম্বৰৰ বিয়লি চিকিৎসালয়খনৰ জৰুৰী কালীন কক্ষত দেখুওৱাৰ পিছত ভৰ্তি কৰোৱাৰ হয়।
সেই অনুসৰি ৰোগীজনক ভৰ্তি কৰোৱাৰ কিছুসময় পিছত ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি দাবী কৰি আই চি ইউত ভৰ্তি কৰাব লাগিব বুলি চিকিৎসকে পৰামৰ্শ দিয়ে। ইমানলৈকে সকলো ঠিকেই আছিল যদিও আই চি ইউত থকা বেমাৰীৰ বাবে খাদ্যৰ যোগানক লৈ ৰোগীৰ পৰিয়ালৰ লগত চিকিৎসালয়খনৰ কেন্টিন আৰু মালিক ডা: ফৰিদুল হুছেইনে সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় ৰোগীৰ পৰিয়ালৰ লোক। আনকি,খাদ্য আনিবলৈ যোৱা ৰোগীৰ পৰিয়ালৰ লোকক দুৰ্ব্যৱহাৰ কৰাতে ক্ষান্ত নাথাকি বিভিন্ন দাবী-ধমকি দিয়াৰ লগতে উকা কাগজত চহী লৈ আই চি ইউত থকা ৰোগীজনক গতিয়াই উলিয়াই দিয়ে। পিছত উপায়ন্তৰ হৈ ৰোগীজানক আন চিকিৎসালয়লৈ লৈ চিকিৎসা প্ৰদান কৰিব লগা হয়। আই চি ইউত ভৰ্তি কৰাই ৰোগীৰ পৰিয়ালৰ পৰা ব্যাপক পৰিমাণৰ ধন আদায়ৰ এক নাটক ৰছা বুলি অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। চিকিৎসালয় কৰ্তৃপক্ষৰ এনে কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ দিছে। অতি আচৰ্যজনক বিষয় এই যে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনৰ কাষ চপিব বুলি কোৱাত ৰোগীৰ পৰিয়ালৰ লোকক স্বত্বাধিকাৰী ডাঃ ফৰিদুল ইছলাম আৰক্ষীৰ লোক তেওঁৰ পকেটত থাকে বুলিও দম্ভালি মাৰে। ঘটনা সন্দৰ্ভত ভুক্তভোগী ইছমাইল হুছেইনৰ পুত্ৰ‌ ৰেজাউল ইছলামে স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এই এজাহাৰ ভিত্তিত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য, যোৱা ২০১৭ বৰ্ষতো এক অনুৰূপ ঘটনা সংঘটিত হোৱাত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু হৈ আছে বুলি হয়বৰগাঁও আৰক্ষী সুত্ৰে জনাইছে।

28/11/2018
আজি 71তম স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টী কলিয়াবৰ জিলাৰ মৈৰাবাৰী মণ্ডলৰ তৰফৰ পূৱা 7:00 বজাত লহকৰঘাট গাঁও পঞ্চ...
15/08/2017

আজি 71তম স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টী কলিয়াবৰ জিলাৰ মৈৰাবাৰী মণ্ডলৰ তৰফৰ পূৱা 7:00 বজাত লহকৰঘাট গাঁও পঞ্চায়ত,7:40 বজাত ধিং থানাত আৰু 8:20 বজাত ভাৰতীয় জনতা পাৰ্টী মৈৰাবাৰী মণ্ডল কাৰ্য্যালয়ত পতকা উত্তোলন কৰা হয় ।
Pic credit:

Address

MOIRABARI MANDAL MARKET
Morigaon
782126

Alerts

Be the first to know and let us send you an email when BJYM Moirabari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Moirabari:

Share