03/10/2026
১ অক্টোবৰ ২০২৬ তাৰিখে তেজপুৰ গোটৰ অন্তর্গত ৮ অসম বেটেলিয়ন এন.চি.চি.ৰ অধীনস্থ কলিয়াবৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন.চি.চি. গোটৰ উদ্যোগত কলিয়াবৰ সম জিলাৰ আয়ুক্তৰ কার্যালয় চৌহদত এক বিশেষ পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ইফালে, ২ অক্টোবৰ তাৰিখে জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উপলক্ষে কলিয়াবৰৰ সম জিলাৰ আয়ুক্ত শ্ৰীযুত তেজছ অগ্নিহোত্ৰী, ভাঃপ্ৰঃসেঃ ৰ নেতৃত্বত কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীবৃন্দই কাৰ্যালয় চৌহদত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।
ইয়াৰ পিছতেই সম জিলা আয়ুক্তগৰাকীৰ নেতৃত্বত এক বিশেষ স্বচ্ছতা অভিযান চলোৱা হয়। এই অভিযানত সহকাৰী, ৰাজহ চক্ৰ বিষয়া, কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ লগতে কলিয়াবৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন.চি.চি. গোটৰ কেডেটসকলে অতি উৎসাহিতভাৱে অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ অন্তত সম-জিলা আয়ুক্তগৰাকীয়ে এন.চি.চি. কেডেটসকলৰ সৈতে ভাব-বিনিময় কৰে আৰু পৰিচ্ছন্নতা তথা নাগৰিক দায়িত্ববোধ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকৰ এনে সক্ৰিয় অংশগ্ৰহণৰ ভূয়সী প্ৰশংসা কৰে।
A special cleanliness and awareness programme was organised on 1 Oct 2026 at the premises of the Kaliabor Co District Commisioner's Office by the NCC Unit of Kaliabor College (Autonomous), under 8 Assam Battalion NCC, Tezpur Group.
On 2 Oct 2026, on the occasion of Gandhi Jayanti, Kaliabor Co District Commissioner Shri Tejas Agnihotri,IAS, along with officers and staff of the office, paid floral tributes to the statue and portrait of Mahatma Gandhi at the office premises.
Thereafter, a cleanliness drive was conducted under the leadership of the Co-District Commissioner, with active participation from the Assistant Commissioners, Circle Officer, office staff and members of the NCC Unit of Kaliabor College (Autonomous). The Co District Commissioner also interacted with the NCC cadets and appreciated their active participation in promoting cleanliness and civic responsibility.
Aranyak Saikia Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও Kaliabor Co-District