Nagaon District Administration

Nagaon District Administration Official page of Nagaon District Administration

নগাঁও জিলাৰ সমবায় খণ্ডৰ উন্নয়নমূলক পদক্ষেপসমূহ আগবঢ়াই নিয়াৰ উদ্দেশ্যে, ৩১ আগষ্ট ২০২৬ তাৰিখে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ...
01/09/2026

নগাঁও জিলাৰ সমবায় খণ্ডৰ উন্নয়নমূলক পদক্ষেপসমূহ আগবঢ়াই নিয়াৰ উদ্দেশ্যে, ৩১ আগষ্ট ২০২৬ তাৰিখে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘পাক্স একচেলেৰেটৰ প্ৰগ্ৰাম’ (PAP) আৰু 'এম.পি.এ.চি.এছ.' (MPACS)ৰ সংযোগীকৰণ তথা ব্যৱসায় উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণৰ সন্দৰ্ভত এক বিশেষ সজাগতা তথা পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

নাবাৰ্ডৰ ডি.ডি.এম. শ্ৰী ৰাজেন্দ্ৰ পেৰ্ণা, জিলা প্ৰশাসন আৰু সমবায় বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই সভাত সভাপতিত্ব কৰে অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী গোপাল শৰ্মা, অঃঅঃসেঃ য়ে। সভাত নাবাৰ্ডৰ আঞ্চলিক কাৰ্যালয়, জিলা সমবায় বিভাগ, দ্য অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেড আৰু জিলাখনৰ বিভিন্ন ‘জি.পি.এছ.এছ.’ (GPSS) তথা ‘এম.পি.এ.চি.এছ.’ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত বিতং উপস্থাপনৰ প্ৰদৰ্শনীৰ জৰিয়তে 'পি.এ.পি.' (PAP)ৰ সবিশেষ তুলি ধৰি নাবাৰ্ডৰ ডি.ডি.এম. শ্ৰী ৰাজেন্দ্ৰ পেৰ্ণাই জনায় যে, 'জি.পি.এছ.এছ.'সমূহক বিত্তীয়ভাৱে অধিক শক্তিশালী কৰা আৰু গ্ৰামাঞ্চলৰ ৰাইজক সমবায় ব্যৱস্থাটোৰ সৈতে সক্ৰিয়ভাৱে জড়িত কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। সমবায় সমিতিসমূহে যাতে স্থানীয় ৰাইজৰ সকলো প্ৰয়োজন পূৰণ কৰিব পৰাকৈ একোটা ‘ৱান ষ্টপ শ্বপ’ বা একছত্ৰী সেৱা কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব পাৰে, তাৰ বাবে ব্যৱসায়িক সম্প্ৰসাৰণৰ আৰ্হি প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হৈছে।
কৃষি প্ৰক্ৰিয়াকৰণ, কৃষি সঁজুলি উৎপাদন ও ব্যৱসায়, শস্য চপোৱাৰ পাছত সংৰক্ষণ আৰু ব্যৱস্থাপনা, অন-ফাৰ্ম যান্ত্ৰিকীকৰণ, নবীকৰণযোগ্য শক্তি, খোৱাপানী আৰু ইন্ধনৰ আন্তঃগাঁথনি আদি ৩৬ টা লাভজনক বিষয়ৰ ওপৰত নাবাৰ্ডে ইতিমধ্যে আৰ্হি 'ডি.পি.আৰ.' (Model DPR) প্ৰস্তুত কৰিছে। অৱশ্যে, স্থানীয় চাহিদা, আন্তঃগাঁথনিৰ সুবিধা আৰু বজাৰৰ উপলব্ধতা চাই সমবায় সমিতিসমূহে নিজে আলোচনা কৰি নিজৰ পছন্দৰ কাৰ্যসূচী বাছি ল’ব পাৰিব বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি, নাবাৰ্ডৰ বিশেষ পুনৰ্বিত্তায়ন সুবিধাৰ অধীনত এপেক্স বেংকক মাত্ৰ ৩% ৰেহাই হাৰত ঋণ প্ৰদান কৰা হ’ব, যাতে বেংকটোৱে 'জি.পি.এছ.এছ.' বা 'এম.পি.এ.চি.এছ.'সমূহক সৰ্বোচ্চ ৪% সুদেৰ হাৰত এই ঋণ আগবঢ়াব পাৰে।

সভাৰ মূল ভাষণত অতিৰিক্ত জিলা আয়ুক্ত য়ে ৰাজ্য তথা দেশৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সমবায় খণ্ডৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ সকলো প্ৰতিনিধিকে নাবাৰ্ডৰ এই ‘পি.এ.পি.’ আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জানায়। লগতে, সকলো 'এম.পি.এ.চি.এছ.'ক শীঘ্ৰেই এপেক্স বেংকৰ সৈতে সংলগ্ন হৈ নাবাৰ্ডৰ ৰেহাই মূল্যৰ বিত্তীয় সাহায্যৰে নিজ নিজ ব্যৱসায়িক কাৰ্যসূচী আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে।

With the objective of promoting developmental initiatives in the cooperative sector in Nagaon district, a special awareness-cum-review meeting was held on 31 August 2026 at the Conference Hall of the District Commissioner’s Office. The meeting focused on the convergence of the PACS Accelerator Programme (PAP) with MPACS and the preparation of Business Development Plans.
The meeting was organised jointly by NABARD, the District Administration and the Cooperative Department, with Additional District Commissioner Shri Gopal Sharma, ACS, presiding over the proceedings. The meeting was attended by representatives from the NABARD Regional Office, District Cooperative Department, The Assam Cooperative Apex Bank Ltd., and various GPSSs and MPACSs of the district.
Through a detailed presentation, NABARD DDM Shri Rajendra Perna explained the key aspects of the PACS Accelerator Programme. He stated that the programme primarily aims to financially strengthen GPSSs and actively connect the rural population with the cooperative system. Emphasis has been placed on developing business expansion models so that cooperative societies can evolve into “one-stop shops” or integrated service centres, capable of meeting a wide range of local needs.
NABARD has already prepared Model Detailed Project Reports (DPRs) covering 36 viable business activities, including agricultural processing, manufacturing and trading of agricultural equipment, post-harvest storage and management, on-farm mechanisation, renewable energy, drinking water and fuel infrastructure, among others. However, Shri Perna advised that cooperative societies should select suitable activities through internal discussions, taking into consideration local demand, available infrastructure and market opportunities.
He further informed the participants that, under NABARD’s special refinance facility, loans would be made available to the Apex Bank at a concessional interest rate of 3%, enabling the bank to extend credit to GPSSs and MPACSs at an interest rate of up to 4%.
In his address, the Additional District Commissioner highlighted the significant role of the cooperative sector in the overall development of the State and the country. He urged all representatives to make full use of the opportunities available under NABARD’s PACS Accelerator Programme. He also advised all MPACSs to expeditiously establish linkage with the Apex Bank and initiate suitable business activities by availing themselves of NABARD’s concessional financial assistance.

CMO Assam Himanta Biswa Sarma Devasish Sharma Devasish SharmaOfficial Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও

নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কাৰ্যালয়ৰ সন্মিলন কক্ষত ২৯ আগষ্ট, ২০২৬ তাৰিখে 'জিলা কাৰিকৰী সমিতি'ৰ এখন গুৰুত্...
31/08/2026

নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কাৰ্যালয়ৰ সন্মিলন কক্ষত ২৯ আগষ্ট, ২০২৬ তাৰিখে 'জিলা কাৰিকৰী সমিতি'ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

অতিৰিক্ত জিলা আয়ুক্ত তথা নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ, শ্ৰী দিপাংকৰ বৰ্মন, অঃঅঃসেঃৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সঘনাই হোৱা বানপানী আৰু জলমগ্নতাৰ স্থানীয় কাৰণসমূহ আলোচনা কৰা হয় আৰু এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় কাৰিকৰী, গঠনমূলক তথা প্ৰশাসনিক পদক্ষেপ গ্ৰহণৰ ওপৰত আলোকপাত কৰা হয়। ৰাজহ চক্ৰ বিষয়াসকলে প্ৰদান কৰা তালিকা অনুসৰি চিহ্নিত স্থানসমূহত সৰ্বাধিক তিনি দিনৰ ভিতৰত ক্ষেত্ৰভিত্তিক নিৰীক্ষণ সম্পন্ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু পৌৰসভাবোৰক অনুৰোধ জনোৱা হয়।

এই সভাত নগাঁও বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ড° ৰাইহান আহমেদৰ লগতে লোকনিৰ্মাণ বিভাগৰ নগাঁও-বটদ্ৰৱা, ৰহা আৰু বঢ়মপুৰ পথ সংমণ্ডল আৰু কলিয়াবৰ চামগুৰি পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, নগাঁও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, নগাঁও আৰু কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, নগাঁও, ৰহা, কামপুৰ আৰু ধিং পৌৰসভাৰ কাৰ্যবাহী বিষয়া, জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্ৰকল্প বিষয়া তথা কামপুৰ আৰু সদৰ ৰাজহ চক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়াসকল উপস্থিত থাকে।

CMO Assam Himanta Biswa Sarma Keshab Mahanta কেশৱ মহন্ত Devasish Sharma Devasish SharmaOfficial National Disaster Management Authority, India Assam State Disaster Management Authority-ASDMA Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও

জিলাখনৰ হাতীচুং মহাবিদ্যালয়ত ৩১ আগষ্ট ২০২৬ তাৰিখে এক ভূমিকম্প আৰু অগ্নিনিৰ্বাপণ সজাগতা প্রশিক্ষণ কাৰ্যসূচী সফলভাৱে অনুষ...
31/08/2026

জিলাখনৰ হাতীচুং মহাবিদ্যালয়ত ৩১ আগষ্ট ২০২৬ তাৰিখে এক ভূমিকম্প আৰু অগ্নিনিৰ্বাপণ সজাগতা প্রশিক্ষণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হৈ যায়।

এই সজাগতা অনুষ্ঠানটিত নগাঁও ৰাজহ চক্ৰৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া শ্ৰী টিটু দাস আৰু কামপুৰ ৰাজহ চক্ৰৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া শ্ৰী যোগেশ চন্দ্ৰ গৌড়ৰ লগতে
জিলা জৰুৰীকালীন আৰু অগ্নিশামক সেৱাৰ বিষয়াসকল আৰু ডি.ডি.আৰ.এফ.ৰ স্বেচ্ছাসেৱকসকলে উপস্থিত থাকি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক কাৰ্যকৰী কৌশল প্ৰদৰ্শন কৰে।

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীসকলৰ মাজত ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতা, অগ্নি প্ৰতিৰোধৰ উপায়, জৰুৰীকালীন ক্ষিপ্ৰ সঁহাৰি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা সম্পৰ্কে জ্ঞান আৰু সজাগতা বৃদ্ধি কৰা হয়।

CMO Assam Himanta Biswa Sarma Keshab Mahanta কেশৱ মহন্ত Devasish Sharma Devasish SharmaOfficial National Disaster Management Authority, India Directorate of Information and Public Relations, Assam Assam State Disaster Management Authority-ASDMA Janasanyog Nagaon জনসংযোগ নগাঁও

জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কদমগুৰি এম.ই. স্কুলত ২৯ আগষ্ট ২০২৬ তাৰিখে এক ভূমিকম্প সজাগতা আৰু কৃত্রিমৰ আখৰা আয়োজ...
31/08/2026

জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কদমগুৰি এম.ই. স্কুলত ২৯ আগষ্ট ২০২৬ তাৰিখে এক ভূমিকম্প সজাগতা আৰু কৃত্রিমৰ আখৰা আয়োজন কৰা হয়।
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নগাঁৱৰ উদ্যোগত আৰু চামগুৰি ৰাজহ চক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত জিলা দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকল, চামগুৰি ৰাজহ চক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ ক্ষেত্র বিষয়া শ্ৰী বিকাশ শইকীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

আখৰাৰ আৰম্ভণিতে ক্ষেত্র বিষয়া গৰাকীয়ে ভূমিকম্পৰ সময়ত অৱলম্বন কৰিবলগীয়া সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন স্থানান্তৰ প্ৰক্ৰিয়া, "ড্ৰপ-কাভাৰ-হোল্ড" (Drop-Cover-Hold) কৌশল আৰু জৰুৰীকালীন সময়ত কৰণীয় সম্পৰ্কে এটি সজাগতামূলক বক্তব্য আগবঢ়ায়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দৰ অংশগ্ৰহণেৰে সম্পন্ন হোৱা এই কাৰ্যসূচীৰে বিদ্যালয়খনত দুৰ্যোগ বিষয়ক সজাগতা, পূৰ্বপ্ৰস্তুতি আৰু সঠিক সঁহাৰি জনোৱাৰ ক্ষমতা বৃদ্ধি কৰা হয়।

CMO Assam Himanta Biswa Sarma Keshab Mahanta কেশৱ মহন্ত Devasish SharmaOfficial Devasish Sharma National Disaster Management Authority, India Assam State Disaster Management Authority-ASDMA Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও

31/08/2026

⚽ফুটবল জগতৰ এক সোণালী যুগৰ সামৰণি....বিশ্ব ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগে লগে সমাপ্ত হ’ল প্ৰায় ২০ বছৰীয়া এক অবিস্মৰণীয় কেৰিয়াৰ।

কেৱল আৰ্জেণ্টিনাতেই নহয়, সমগ্ৰ বিশ্বৰ লগতে আমাৰ জিলাখনৰো লাখ লাখ ক্ৰীড়াপ্ৰেমীৰ হৃদয় জয় কৰা লিঅ’নেল মেছি কেৱল এজন খেলুৱৈয়েই নহয়, তেওঁ হৈছে কষ্ট, একাগ্ৰতা আৰু সফলতাৰ এক অনবদ্য প্ৰতীৰূপ। তেওঁৰ এই উজ্জ্বল কেৰিয়াৰে আমাৰ জিলাৰ উদীয়মান ক্ৰীড়াবিদসকলক সদায় অনুপ্ৰাণিত কৰি ৰাখিব। ফুটবল জগতলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে মেছিলৈ জিলা প্ৰশাসন আৰু জিলাবাসীৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰা হ’ল।

With global football superstar Lionel Messi bidding farewell to international football, an unforgettable career spanning nearly two decades has come to an end. Messi has won the hearts of millions of football lovers...not only in Argentina and across the world, but also among countless sports enthusiasts in our district. He is not merely a footballer; he is an extraordinary embodiment of hard work, dedication and success. His remarkable career will continue to inspire the emerging sportspersons of our district for generations to come.

For his unparalleled contribution to the world of football, the District Administration and the people of the district extend their heartfelt gratitude and best wishes to Lionel Messi for the journey ahead.



Leo Messi

31/08/2026

জিলাখনৰ বিভিন্ন অঞ্চলত ফিচাৰী নিৰ্মাণ বা অন্যান্য কাৰণত বহু কালভাৰ্ট বন্ধ কৰি দিয়াৰ ফলত পানীৰ স্বাভাৱিক প্ৰবাহ বাধাগ্ৰস্ত হৈ পৰিছিল। ইয়াৰ ফলত অঞ্চলসমূহৰ জনসাধাৰণে চৰম দুৰ্দশা ভুগিবলগীয়া হোৱা বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হয়। জনসাধাৰণৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে চৰকাৰী ৰাস্তাৰ কালভাৰ্টসমূহ অবৈধভাৱে বন্ধ কৰা কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে। আয়ুক্তগৰাকীৰ এই নিৰ্দেশ মৰ্মে আজি ৩১ আগষ্ট, ২০২৬ তাৰিখে ৰূপহী ৰাজহ চক্ৰৰ অধীনস্থ ৰৌমাৰী আৰু বৰপেটা গাঁৱত প্ৰশাসনে অভিযান আৰম্ভ কৰি বন্ধ হৈ থকা বহুকেইটা কালভাৰ্ট ইতিমধ্যে মুকলি কৰিছে।

জিলা প্ৰশাসনৰ এই বিশেষ কাৰ্যসূচী অনাগত দিনসমূহতো নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব।

CMO Assam Himanta Biswa Sarma Devasish Sharma Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত জিলাখনৰ  শিঙিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙিমাৰী ব্ল'ক মিছন মেনেজমেন্ট ইউনিটে ...
31/08/2026

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত জিলাখনৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙিমাৰী ব্ল'ক মিছন মেনেজমেন্ট ইউনিটে (BMMU) আজি ৩১ আগষ্ট, ২০২৬ তাৰিখে মাগুৰমাৰীৰ ৰাজহুৱা ভৱনত “আত্মসহায়ক গোটৰ সদস্যসকলৰ দীৰ্ঘস্থায়ী জীৱিকাৰ বাবে কেডাৰসকলৰ শক্তিশালীকৰণ” বিষয়ক এক বিশেষ সক্ষমতা বৃদ্ধি কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰে।

জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয় মুখ্য অতিথিৰূপে উপস্থিত থকা এই বিশেষ উদ্যোগত আত্মসহায়ক গোটৰ কেডাৰসকলৰ দক্ষতা বৃদ্ধি কৰা আৰু গ্ৰামীণ মহিলাসকলৰ বাবে স্থায়ী জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
আয়ুক্ত মহোদয়ে নিজৰ ভাষণত উল্লেখ কৰে যে গ্ৰামীণ অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত আত্মসহায়ক গোটৰ মহিলাসকলৰ ভূমিকা অপৰিসীম আৰু কেডাৰসকলৰ দক্ষতাই গ্ৰামীণ মহিলাসকলক আত্মনিৰ্ভৰশীলতার পথত আগুৱাই নিয়াত সহায় কৰিব।
এই কাৰ্যসূচীৰ জৰিয়তে গ্ৰামীণ সমাজখনক অধিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন প্ৰশস্ত কৰাৰ এক প্ৰশংসনীয় প্ৰচেষ্টা চলোৱা হয়।

আজিৰ এই কাৰ্যসূচীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলা প্ৰকল্প পৰিচালক শ্ৰী শংখপ্ৰবাল শ্যাণ্ডিল্য প্ৰমুখ্যে বহু সংখ্যক আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত থাকে।

CMO Assam Himanta Biswa Sarma Devasish Sharma Devasish SharmaOfficial Directorate of Information and Public Relations, Assam Assam State Rural Livelihoods Mission Janasanyog Nagaon জনসংযোগ নগাঁও

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM), জিলা অভিযান পৰিচালনা গোট, নগাঁও...
31/08/2026

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM), জিলা অভিযান পৰিচালনা গোট, নগাঁও জিলাৰ উদ্যোগত দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা (DDU-GKY)ৰ অধীনত আজি ৩১ আগষ্ট, ২০২৬ তাৰিখে চামগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বিশেষ সজাগতা শিবিৰ সফলতাৰে আয়োজন কৰা হয়।
জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয় মুখ্য অতিথি ৰূপে উপস্থিত থকা এই শিবিৰত গ্ৰামীণ অঞ্চলৰ যোগ্য যুৱক-যুৱতীসকলক বিনামূলীয়া বৃত্তিমুখী দক্ষতা বিকাশ প্ৰশিক্ষণ, কৰ্মসংস্থাপনৰ সুবিধা আৰু এক সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ দিশত সঠিক মাৰ্গদৰ্শন প্ৰদান কৰা হয়।
জিলা আয়ুক্ত মহোদয়ে নিজৰ বক্তব্যত যুৱপ্ৰজন্মক সময়ৰ সৈতে তাল মিলাই নিজৰ দক্ষতাক চিনাক্ত কৰিবলৈ আৰু চৰকাৰী আঁচনিসমূহৰ সুযোগ গ্ৰহণ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায়। তেখেতে কয় যে এনেধৰণৰ প্ৰশিক্ষণে গ্ৰাম্য যুৱক-যুৱতীসকলক কেৱল কৰ্মসংস্থাপন প্ৰদানেই নকৰে, বৰঞ্চ সমাজত তেওঁলোকৰ এক সুকীয়া পৰিচয় গঢ়াত সহায় কৰিব।

এই সজাগতামূলক শিবিৰত উপস্থিত যুৱক-যুৱতীসকলে চৰকাৰীভাৱে স্বীকৃত প্ৰশিক্ষণ, কৰ্মসংস্থাপনৰ সুযোগ আৰু বিশেষজ্ঞসকলৰ পৰা কেৰিয়াৰ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰে। উক্ত কাৰ্যসূচীত চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ইন্দ্ৰজিৎ বেজবৰুৱা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলা প্ৰকল্প পৰিচালক শ্ৰী শংখপ্ৰবাল শ্যাণ্ডিল্য প্ৰমুখ্যে বিশেষ অতিথিবৃন্দ, মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু বিপুল সংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে।

CMO Assam Himanta Biswa Sarma Devasish Sharma Directorate of Information and Public Relations, Assam Assam State Rural Livelihoods Mission Janasanyog Nagaon জনসংযোগ নগাঁও

ৰহা অঞ্চলৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সামগ্ৰিক অৱস্থা আৰু টোলপ্লেজা সংক্ৰান্তীয় বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাই ৰহা আঞ্চ...
31/08/2026

ৰহা অঞ্চলৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সামগ্ৰিক অৱস্থা আৰু টোলপ্লেজা সংক্ৰান্তীয় বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাই ৰহা আঞ্চলিক ছাত্ৰ সংস্থা (AASU), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ৰহা আঞ্চলিক সমিতি (AJYCP), ৰহা আঞ্চলিক তিৱা ছাত্ৰ সংস্থা (ATSU) আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক সমিতি (MASS ) য়ে আজি ৩১ আগষ্ট, ২০২৬ তাৰিখে পথ অৱৰোধৰ এটা কাৰ্যসূচীত গ্ৰহণ কৰে ।

উক্ত বিষয়টো অতি গুৰুত্বসহকাৰে লৈ জিলা প্ৰশাসনে তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ কৰে। জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয় আৰু ৰহা সম-জিলাৰ আয়ুক্ত ড৹ অংকিতা বৰা, অঃঅঃসেঃ ডাঙৰীয়ানীয়ে তাৎক্ষনিকভাৱে অৱৰোধস্থলীত উপস্থিত হৈ পথ অৱৰোধ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাধান কৰে। ইয়াৰ লগতে NHAIৰ সৈতে আলোচনা কৰি টোলপ্লেজা আৰু ঘাইপথৰ বিভিন্ন সমস্যাৰ অতি সোনকালে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। জিলা প্ৰশাসনৰ এনে ক্ষিপ্ৰ আৰু যোগাত্মক হস্তক্ষেপৰ ফলত ৰাইজৰ পথ অৱৰোধ কাৰ্যসূচী তাৎক্ষণিকভাৱে প্ৰশমিত হয়।

উল্লেখযোগ্য যে, আয়ুক্ত মহোদয়ে প্ৰতিবাদকাৰীৰ লগতে উক্ত অঞ্চলৰ লোকসকলৰ সৈতে পথৰ সমস্যাসমূহো সৰজমিনে নিৰীক্ষণ কৰে।

CMO Assam Himanta Biswa Sarma Devasish Sharma Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও

অসম চৰকাৰৰ অধীনস্থ অসম দক্ষতা উন্নয়ন মিছনৰ নৰ্থ ইষ্ট স্কিল চেণ্টাৰ,  গুৱাহাটীয়ে প্লেচমেণ্ট সহায়তাসহ বিভিন্ন দক্ষতাভিত...
31/08/2026

অসম চৰকাৰৰ অধীনস্থ অসম দক্ষতা উন্নয়ন মিছনৰ নৰ্থ ইষ্ট স্কিল চেণ্টাৰ, গুৱাহাটীয়ে প্লেচমেণ্ট সহায়তাসহ বিভিন্ন দক্ষতাভিত্তিক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ বাবে আবেদন আহ্বান জনাইছে। এই প্ৰশিক্ষণ অতি সোনকালে আৰম্ভ হ’ব।
প্ৰশিক্ষণৰ বাবে উপলব্ধ খণ্ডসমূহ হ’ল হস্পিটেলিটি – হাউছকিপিং, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, বিউটি এণ্ড ৱেলনেছ আৰু ৰিটেইল ছাৰ্ভিচেছ। পাঠ্যক্ৰমসমূহ ছিংগাপুৰৰ ITEES-ৰ আন্তঃৰাষ্ট্ৰীয় পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইয়াত ১০০% প্লেচমেণ্ট সহায়তা, অত্যাধুনিক আন্তঃগাঁথনি, আধুনিক শিক্ষণ সুবিধাসম্পন্ন সুসজ্জিত লেবৰেটৰি, আন্তঃক্রিয়াশীল ঔদ্যোগিক অভিজ্ঞতা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰমাণিত প্ৰশিক্ষকৰ সুবিধা আগবঢ়োৱা হৈছে।
এই প্ৰশিক্ষণৰ যোগ্যতাসীম ১৭ ৰ পৰা ২৫ বছৰ বয়সৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে ধাৰ্য্য কৰা হৈছে। পাঠ্যক্ৰমৰ ৰেহাইপ্ৰাপ্ত মাচুল বছৰি ১৬,২০০ টকা আৰু অতিৰিক্ত প্ৰযোজ্য মাচুল মুঠ ১৭,৭০০ টকা, যি ত্ৰৈমাসিক কিস্তিত পৰিশোধ কৰিব পৰা যাব। অৱশ্যে এই মাচুলত খাদ্য আৰু আৱাসৰ সুবিধা অন্তৰ্ভুক্ত নহয়।
বিশেষভাৱে উল্লেখ্য যে NESC-ৰ ৬ মহীয়া ৰিটেইল (Retail) পাঠ্যক্ৰমৰ প্ৰথম ৫০ খন আসনৰ মাচুল INFOSYS কোম্পানীৰ ফালৰ পৰা স্পনছৰ হিচাপে সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে, য’ত খোৱা-থকাৰ খৰচ অন্তৰ্ভুক্ত নহ’ব।

প্ৰশিক্ষণ কেন্দ্ৰৰ ঠিকনা নৰ্থ ইষ্ট স্কিল চেণ্টাৰ, এন এইচ-৩৭, গড়চুক, গুৱাহাটী, অসম।

অধিক তথ্যৰ বাবে 9706773838 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা www.skillmissionassam.org ৱেবছাইট ভ্ৰমণ কৰিব পাৰিব।

Alert: IndiaSkills Competition 2026–27 is here!

Have the skill, talent and determination to take it to the national stage?

The IndiaSkills Competition 2026–27 brings together 60+ skill categories, offering students, ITI trainees, apprentices and skilled professionals an opportunity to showcase their expertise, compete at the highest level and aspire to represent India at WorldSkills. 🌍🏆

✨ Step up. Showcase your skills. Make Assam proud!

👉 Register now:
🔗 https://www.skillindiadigital.gov.in/account/register

Skill India
NSDC National Skill Development Corporation
Assam Skill Development Mission
WorldSkills
North East Skill Centre



CMO Assam Himanta Biswa Sarma Devasish Sharma Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও

Address

Office Of The District Commissioner
Nagaon
782001

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+913672233185

Alerts

Be the first to know and let us send you an email when Nagaon District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nagaon District Administration:

Shortcuts

Share