20/09/2025
হৃদয়ে হৃদয়ে স্বজাতিক ভালপোৱাৰ সুবাস
------------------------------------------------------------
জুবিন দা!
ফেঁহজালি পুৱাতেই তোমালৈ মনত পেলাইছো
সাগৰৰ তলিত শুৱৰ মন যোৱা কালজয়ী গীতি শিল্পৰ জনক
তুমি কুশলে আছা নে ?
আৱেগেৰে
বিবেকক প্ৰশ্ন কৰিছো
কিয় এনে হ'ল তোমাৰ ?
মানৱতাৰ জয় গান গাবলৈ
হৃদয়ে হৃদয়ে স্বজাতিক ভালপোৱাৰ সুবাস
বিলাবলৈ জুবিন দা তুমি ওভতি আহা
ব'হাগত কুলিৰ মাতত
অসমীক জগায় তুলিবলৈ
তোমাৰ আবৰ্তমানত কোনে গাব
"সোণেৰে সজোৱা পঁজা জহি খহি যায়"
অসমীৰ মাটিৰ উমত তুমি জীপাল
আইৰ সেন্দুৰীয়া মুখৰ প্ৰশান্তিত তুমি সুখী
তোমাৰ আত্মাত প্ৰতিভাত হয় দেশ প্ৰেমৰ অমল প্ৰাণ
এটা জাতিক জীয়াই ৰখাৰ
তুমি মঙ্গল ধ্বনি
নতুন পুৰুষৰ কলিজা তুমি
মন্দিৰে মন্দিৰে বাজিছে
আজি তোমাৰ আৰতি
জুবিন দা!
তুমি অসমীয়াৰ সৰ্বোচ্চ বিপ্লৱী সত্বা
সৰৱ কন্ঠ তুমি মানৱতাৰ পূজাৰী
জননীৰ পৰ্বত কন্দৰ নদ-নদী পাহাৰ ভৈয়ামৰ
প্ৰকৃতি চৰাই ভালপোৱা তুমি দৰদী শিল্পী
জোনাক ভালপোৱা
স্নেহময়ী শব্দ তোমাৰ
জনতাৰ গীতিকবি তুমি
বৰলুইতৰ বহ্নিমান শব্দ
জাতিক পোহৰ বিলোৱা
উজ্বল নক্ষত্ৰ তুমি
হৃদয়ে হৃদয়ে স্বজাতিক ভালপোৱাৰ সুবাস
ওপজা মাটিৰ গান তুমি
স্বদেশ স্বজাতিৰ স্বাভিমান
জুবিন দা! তুমি সদা জ্যোতিষ্মান । ।
------------------------------------------------
কন্দৰ্প কুমাৰ কলিতা
19/09/2025