12/07/2026
📍 ৰহা প্ৰেছ ক্লাৱ
ৰহা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় শ্ৰী শশীকান্ত দাস ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে ৰহা সমষ্টিৰ জনসাধাৰণৰ সেৱাৰ দায়িত্ব লাভ কৰাৰ উপলক্ষে আজি ৰহা আঞ্চলিক সাংবাদিক সন্থাই আন্তৰিক সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে।
এই অনুষ্ঠানত উপস্থিত থাকি মাননীয় বিধায়ক গৰাকীয়ে সাংবাদিক সমাজৰ মৰম, আস্থা আৰু শুভেচ্ছাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনতো ৰহাৰ সৰ্বাংগীন উন্নয়ন আৰু জনকল্যাণৰ স্বাৰ্থত সকলোৰে সহযোগিতা কামনা কৰে।
উক্ত অনুষ্ঠানত বিজেপি ৰহা বাৰপূজীয়া মণ্ডলৰ সভাপতি শ্ৰী নীলোৎপল লাহন ডাঙৰীয়া আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, ৰহা বাৰপূজীয়া মণ্ডলৰ সভাপতি শ্ৰী জিতুমণি দাস ডাঙৰীয়া উপস্থিত থাকে।
সবল ৰহা, সমৃদ্ধ অসম গঢ়াৰ সংকল্পত আমি একেলগে আগবাঢ়োঁ।💪
Sashi Kanta Das
BJP Assam Pradesh
BJP Nagaon District
BJYM Assam
Nilotpal Lahan
Jitumoni Das New
Vivek Kr Patar