04/09/2026
🔴পাইকাৰকুচি গাঁৱৰ আহিনপুৰ চুবুৰীৰ যোগেন বৰ্মনদেৱ বহুদিনৰে পৰা পেটৰ বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে।আজি আমি তেওঁৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ খা-খবৰ লওঁ আৰু আশু আৰোগ্য কামনা কৰি সামান্য আৰ্থিক সাহায্য আগবঢ়াওঁ।"
🔴কঞাকুছি গাঁৱৰ তপন দাসৰ সহধৰ্মিনীৰ আকস্মিক বিয়োগৰ খবৰ পাই তেওঁৰ বাসগৃহত উপস্থিত হওঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনোৱাৰ লগতে মৃতকৰ ক্ৰিয়া কৰ্মৰ কাৰণে সামান্য আৰ্থিক সহায় আগবঢ়াওঁ। ঈশ্বৰে বিদেহী আত্মাৰ সৎগতি প্ৰদান কৰক।
🔴মাজুশিৰাল গাঁৱৰ বাসিন্দা গীতা দাস বাইদেউ কিছুদিন ধৰি পেটৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল।কিছুদিন পূৰ্বে তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ খা-খবৰ লোৱাৰ লগতে কিঞ্চিৎ আৰ্থিক সহায় আগবঢ়াওঁ। তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ।
🔴কেহেৰুৱা গাঁৱৰ বাসিন্দা খগেন ডেকাৰ বাসগৃহ কালি নিশা হঠাতে হাতীৰ এটা জাকে খগেন ডেকাৰ ঘৰত আক্ৰমণ চলাই তাণ্ডৱৰ সৃষ্টি কৰে। হাতীৰ দলটোৱে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে। আজি আমি তেওঁৰ ঘৰত উপস্থিত হৈ খা-খবৰ লও আৰু কিছু অৰ্থ আগবঢ়াও।
🔴নলবাৰীৰ সন্ধা গাঁৱৰ অকলশৰীয়া তথা শাৰীৰিকভাৱে অসুস্থ ভুবনেশ্বৰ কলিতা দেৱৰ জৰাজীৰ্ণ ঘৰখনত আজি উপস্থিত হৈ তেওঁৰ খা-খবৰ লওঁ আৰু কিছু অৰ্থ আগবঢ়াও। আনহাতে সন্ধা গাঁৱৰ যুৱক সকলৰ সহযোগত কিছু টিনপাতেৰে তেওঁৰ বাসগৃহটো মেৰামতি কৰি দিয়াৰ ইচ্ছাৰ কথা অবগত কৰো l