Nalbari Police

Directions Contact the organization

Nalbari Police For emergency, please contact Police Control Room, Nalbari +916026900965

🚨 অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান | ঘগ্ৰাপাৰ আৰক্ষী থানা | নলবাৰী আৰক্ষীনলবাৰী আৰক্ষীয়ে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সত্ৰ গাঁৱত অ...
05/10/2026

🚨 অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান | ঘগ্ৰাপাৰ আৰক্ষী থানা | নলবাৰী আৰক্ষী

নলবাৰী আৰক্ষীয়ে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সত্ৰ গাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়। এই অভিযানত প্ৰায় ২০০ লিটাৰ চুলাই নষ্ট কৰা হয়।

🚨 Drive Against Illicit Liquor | Ghograpar PS | Nalbari Police

Nalbari Police conducted a drive against illicit liquor at Satra Village under Ghograpar PS, during which approximately 200 litres of locally made illicit liquor were destroyed.



CMO Assam
Assam Police
DGPAssamPolice

🚨 ড্ৰাগছ বিৰোধী সজাগতা সভা | নলবাৰী থানা | নলবাৰী আৰক্ষী০৪/১০/২০২৬ তাৰিখে নলবাৰী আৰক্ষীয়ে নলবাৰী থানা পৰ্যায়ৰ নাগৰিক স...
04/10/2026

🚨 ড্ৰাগছ বিৰোধী সজাগতা সভা | নলবাৰী থানা | নলবাৰী আৰক্ষী

০৪/১০/২০২৬ তাৰিখে নলবাৰী আৰক্ষীয়ে নলবাৰী থানা পৰ্যায়ৰ নাগৰিক সমিতি আৰু জয়মংগলা মহিলা সমিতিৰ সহযোগত জয়মংগলাৰ পামুৱা চুপাত এখন সজাগতা সভাৰ আয়োজন কৰে।

এই সভাত ড্ৰাগছৰ ক্ষতিকাৰক প্ৰভাৱ আৰু যুৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। ড্ৰাগছজনিত কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ স্থানীয় ৰাইজক আৰক্ষীৰ সৈতে মিলি কাম কৰিবলৈ আহ্বান জনোৱা হয়।

এখন নিচামুক্ত আৰু সুৰক্ষিত সমাজ গঢ়াৰ দিশত আমি সকলো একত্ৰিত।

🚨 Drug Abuse Awareness Meeting | Nalbari PS | Nalbari Police

Today, on 04/10/2026, Nalbari Police, along with the Nalbari Thana Level Nagarik Committee and Joymangla Mahila Committee, organised an awareness meeting at Pamuha Chupa, Joymangla, Nalbari.

The meeting focused on the harmful effects of drug abuse and the importance of keeping young people away from drugs. The local community was encouraged to work together with the Police to prevent drug-related activities.

Together for a drug-free and safer society.



CMO Assam
Assam Police
DGPAssamPolice

🚨 চাইবাৰ অপৰাধ সজাগতা কাৰ্যসূচী | নলবাৰী আৰক্ষীনলবাৰী আৰক্ষীৰ উদ্যোগত Conference Hall, SSP Office, Nalbari ত চাইবাৰ অপৰা...
04/10/2026

🚨 চাইবাৰ অপৰাধ সজাগতা কাৰ্যসূচী | নলবাৰী আৰক্ষী

নলবাৰী আৰক্ষীৰ উদ্যোগত Conference Hall, SSP Office, Nalbari ত চাইবাৰ অপৰাধ সজাগতা সম্পৰ্কীয় এটি কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আৰিফ আহমেদে নেতৃত্ব কৰে আৰু নলবাৰীৰ উপ-আৰক্ষী অধীক্ষক (অপৰাধ) শ্ৰীমতী মৃগাক্ষী দাস, এ পি এছ উপস্থিত থাকে।

অনুষ্ঠানত আৰক্ষী কৰ্মীসকলৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াত মূলতঃ চাইবাৰ নিৰাপত্তা, অনলাইন প্ৰৱঞ্চনা প্ৰতিৰোধ, ব্যক্তিগত তথ্যৰ সুৰক্ষা আৰু ডিজিটেল মাধ্যমৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

উপস্থিত সকলোকে অ'টিপি (OTP)/পিন (PIN) বা ব্যক্তিগত তথ্য কাকো নিদিবলৈ, সন্দেহজনক লিংক নোখোলিবলৈ আৰু কোনো চাইবাৰ প্ৰৱঞ্চনাৰ সন্মুখীন হ'লে পলম নকৰি চাইবাৰ ক্ৰাইম হেল্পলাইন ১৯৩০ নম্বৰত যোগাযোগ কৰিবলৈ সজাগ কৰি তোলা হয়।

সজাগ হওক। সুৰক্ষিত থাকক।

🚨 Cyber Crime Awareness Programme | Nalbari Police

Nalbari Police organised a Cyber Crime Awareness Programme at the Conference Hall, SSP Office, Nalbari, chaired by Arif Ahmed, APS, Addl. SP (Crime), Nalbari, and Smt. Mrigakshi Das, APS, Dy. SP (Crime), Nalbari was also present in the event.

The programme was attended by families of police personnel and local community members, with emphasis on cyber safety, prevention of online fraud, protection of personal information and responsible digital practices.

Participants were sensitised to never share OTP/PIN or personal details, avoid suspicious links and promptly report cyber fraud through the Cyber Crime Helpline 1930.

Be Aware. Be Safe. Stay Secure. 🔐

#1930

CMO Assam
Assam Police
DGPAssamPolice

🚨 ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে সজাগতা সভা | নলবাৰী আৰক্ষীনলবাৰী আৰক্ষীৰ উদ্যোগত  Conferance Hall, SSP Office, Nalbari ত ড্ৰাগ...
04/10/2026

🚨 ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে সজাগতা সভা | নলবাৰী আৰক্ষী

নলবাৰী আৰক্ষীৰ উদ্যোগত Conferance Hall, SSP Office, Nalbari ত ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আৰিফ আহমেদ ডাঙৰীয়াই নেতৃত্ব কৰা এই অনুষ্ঠানত উপ-আৰক্ষী অধীক্ষক (অপৰাধ) শ্ৰীমতী মৃগাক্ষী দাস, এ পি এছ-ও উপস্থিত থাকে।

অনুষ্ঠানটিত আৰক্ষী জোৱানসকলৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াত মূলতঃ ড্ৰাগছ আসক্তি প্ৰতিৰোধ, যুৱ প্ৰজন্মক সুৰক্ষিত কৰা, সমাজৰ অংশগ্ৰহণ সুদৃঢ় কৰা আৰু এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বিষয়সমূহক লৈ আলোচনা কৰা হয়।

🚨 Awareness Campaign Against Drug Abuse | Nalbari Police

Nalbari Police organised an Awareness Campaign Against Drug Abuse at the Conference Hall, SSP Office, Nalbari, chaired by Arif Ahmed, Addl. SP (Crime), Nalbari, and Smt. Mrigakshi Das, APS, Dy. SP (Crime), Nalbari was also present in the event.

The programme was attended by families of police personnel and local community members, with discussions focused on preventing drug abuse, protecting the youth, strengthening community participation and promoting a drug-free society.

Say NO to Drugs. Say YES to Life. 💙



CMO Assam
Assam Police
DGPAssamPolice

03/10/2026
03/10/2026
🚨 অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান | ঘগ্ৰাপাৰ আৰক্ষী থানা | নলবাৰী আৰক্ষীঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰ গাঁৱত নলবাৰী আৰক্...
02/10/2026

🚨 অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান | ঘগ্ৰাপাৰ আৰক্ষী থানা | নলবাৰী আৰক্ষী

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰ গাঁৱত নলবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত প্ৰায় ২৫০ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰা হয়।

🚨 Drive Against Illicit Liquor | Ghograpar PS | Nalbari Police

Nalbari Police conducted a drive against illicit liquor at Satra Village under Ghograpar PS, during which approximately 250 litres of locally made liquor were destroyed.



CMO Assam
Assam Police
DGPAssamPolice

সজাগতা সভা | নলবাৰী আৰক্ষীআজি আমৃখোৱা অঞ্চলত TLC আৰু গাঁও উন্নয়ন সমিতি, আমৃখোৱা-ৰ সক্ৰিয় সহযোগিতা আৰু সমৰ্থনত এখন সজাগ...
02/10/2026

সজাগতা সভা | নলবাৰী আৰক্ষী

আজি আমৃখোৱা অঞ্চলত TLC আৰু গাঁও উন্নয়ন সমিতি, আমৃখোৱা-ৰ সক্ৰিয় সহযোগিতা আৰু সমৰ্থনত এখন সজাগতা সভা অনুষ্ঠিত হয়।
সভাত ড্ৰাগছৰ অপব্যৱহাৰ, জুৱা, বাল্য বিবাহ, মানৱ সৰবৰাহ আৰু অন্যান্য অসামাজিক কাৰ্যকলাপকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সামাজিক বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এনে অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ লগতে অঞ্চলটোত শান্তি, সম্প্ৰীতি আৰু জনসুৰক্ষা বজাই ৰখাৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টাৰ গুৰুত্ব সম্পৰ্কে স্থানীয় ৰাইজক সজাগ কৰা হয়।

অনুষ্ঠানত শ্ৰী বিবেকানন্দ দাস, APS, SSP নলবাৰী-ও উপস্থিত থাকি উপস্থিত ৰাইজক মূল্যৱান পৰামৰ্শ আৰু দিহা-পৰামৰ্শ আগবঢ়ায়। তেওঁ এখন অধিক সুৰক্ষিত আৰু সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু মত-বিনিময়ৰ মাজেৰে সভাখন সফলভাৱে সম্পন্ন হয়।

Awareness Meeting | Nalbari Police

Today, an awareness meeting was conducted at Amrikhowa with the active cooperation and support of the TLC and Gaon Unnayan Committee, Amrikhowa.

Important social issues including drug abuse, gambling, child marriage, human trafficking, and other anti-social activities were discussed. The community was sensitized on the importance of collective efforts in preventing such activities and maintaining peace, harmony, and public safety.

Shri Bibekananda Das, APS, SSP Nalbari, was also present on the occasion and shared valuable insights and guidance with the gathering, emphasizing the importance of active community participation in making society safer and more secure.

The meeting concluded successfully with active participation and meaningful interaction from the local community.

Together for a safer, peaceful and drug-free society.



CMO Assam
Assam Police
DGPAssamPolice

🚨 BSNL tower কেবল চুৰিৰ ঘটনা উদঘাটন | মুকালমুৱা থানা | নলবাৰী আৰক্ষীকমাৰকুছিৰ BSNL টাৱাৰৰ পৰা প্ৰায় ১২০ মিটাৰ ৪জি (4G) ...
02/10/2026

🚨 BSNL tower কেবল চুৰিৰ ঘটনা উদঘাটন | মুকালমুৱা থানা | নলবাৰী আৰক্ষী

কমাৰকুছিৰ BSNL টাৱাৰৰ পৰা প্ৰায় ১২০ মিটাৰ ৪জি (4G) পাৱাৰ কেবল আৰু প্ৰায় ১৫০ মিটাৰ ফিডাৰ কেবল চুৰি কৰাৰ অভিযোগত দুজন ব্যক্তিক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰিছে।

অভিযানৰ সময়ত চোৰাং কেবলসমূহৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত AS-01-VC-2682 নম্বৰৰ এখন ই-অট’ৰিক্সাও জব্দ কৰা হয়। উদ্ধাৰ হোৱা সকলো সামগ্ৰীৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.১০ লাখ টকা।
আটক কৰা ব্যক্তি দুজন হৈছে—

১. শ্বহিদুল ইছলাম (১৯), পিতৃৰ নাম/ঠিকনা: কুৰুবৰি, মুকালমুৱা, নলবাৰী

২. শ্বহিদুল মোল্লা (২৬), ঠিকনা: কোঁৱৰপুৰ, হাজো, কামৰূপ

এই সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ 303(2)/3(5) ধাৰাৰ অধীনত 167/2026 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

🚨 BSNL Tower Cable Theft Detected | Mukalmua PS | Nalbari Police

A cable theft case relating to KamarKuchi BSNL Tower has been detected. Two persons were apprehended in connection with the alleged theft of 4G power cable (approx. 120 metres) and tower feeder cables (approx. 150 metres).

The stolen cables and an E-Auto Rickshaw bearing Regd. No. AS-01-VC-2682, valued at approximately ₹1.10 lakh, were recovered.

The apprehended persons are Sahidul Islam (19), R/O Kurubori, Mukalmua, Nalbari, and Sahidul Mollah (26), R/O Kunwarpur, Hajo, Kamrup.

A case has been registered vide Mukalmua PS Case No. 167/2026 U/S 303(2)/3(5) BNS.



CMO Assam
Assam Police
DGPAssamPolice

🩸 ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস | নলবাৰী আৰক্ষীআজি ০১/১০/২০২৬ তাৰিখে নলবাৰী আৰক্ষীয়ে নলবাৰী আৰক্ষী ৰিজাৰ্ভত ৰাষ্...
01/10/2026

🩸 ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস | নলবাৰী আৰক্ষী

আজি ০১/১০/২০২৬ তাৰিখে নলবাৰী আৰক্ষীয়ে নলবাৰী আৰক্ষী ৰিজাৰ্ভত ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস পালন কৰে। মানুহৰ জীৱন ৰক্ষাৰ এই মহান উদ্দেশ্যক সমৰ্থন জনাই আৰক্ষী জোৱানসকলে স্বেচ্ছাই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে।

মানৱতাৰ এটোপাল। ৰক্তদান কৰক। জীৱন ৰক্ষা কৰক।

🩸 National Voluntary Blood Donation Day | Nalbari Police

Today, on dated 01/10/2026, Nalbari Police observed National Voluntary Blood Donation Day at Police Reserve, Nalbari. Police personnel came forward to donate blood and support the noble cause of saving lives.

One Drop of Humanity. Give Blood. Save Lives.



CMO Assam
Assam Police
DGPAssamPolice

Address

Near 27 National Highway
Nalbari
781337

Website

Alerts

Be the first to know and let us send you an email when Nalbari Police posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nalbari Police:

Shortcuts

Share