Help People&Feel the Happiness. A Utzal Deka Foundation

Help People&Feel the Happiness. A Utzal Deka Foundation Social work

যোৱাকালি ৰাতি মোৰ মা,ৰূপালী ডেকাৰ পৰলোকপ্ৰাপ্তি ঘটে।মা তুমি নাথাকিলেও মোৰ হৃদয়ত সদায় থাকিবা। তোমাৰ আত্মাৰ শান্তি কামনা...
27/02/2026

যোৱাকালি ৰাতি মোৰ মা,ৰূপালী ডেকাৰ পৰলোকপ্ৰাপ্তি ঘটে।
মা তুমি নাথাকিলেও মোৰ হৃদয়ত সদায় থাকিবা। তোমাৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। আশীৰ্বাদ কৰি থাকিবা মা 🙏🙏

13/02/2026

ধন্যবাদ বাৰ্তা A To Z 🙏

একালত মই অধ্যয়ন কৰা বিদ্যালয় তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্যতম পৰীক্ষাকেন্দ্ৰ হিচাপে থকা "মিলন হাইস্কুল আৰিকুছি"ৰ ...
13/01/2026

একালত মই অধ্যয়ন কৰা বিদ্যালয় তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্যতম পৰীক্ষাকেন্দ্ৰ হিচাপে থকা "মিলন হাইস্কুল আৰিকুছি"ৰ লগত সংলগ্ন থকা বিদ্যালয় সমূহৰ ভিতৰত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথম পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে,২০২৬ ইং বৰ্ষৰ পৰা নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগত থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্য তিনিওটা পৰীক্ষাকেন্দ্ৰ- পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰৰ লগত সংলগ্ন থকা বিদ্যালয়সমূহৰ পৰাও প্ৰথম পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম।

উভতি নহাৰ বাটেৰে জুবিন গাৰ্গঅসমবাসীক কন্দুৱাই চিৰ বিদায় এটা যুগৰ।শ্ৰদ্ধাৰ্ঘ্য...🙏😭😭😭
19/09/2025

উভতি নহাৰ বাটেৰে জুবিন গাৰ্গ
অসমবাসীক কন্দুৱাই চিৰ বিদায় এটা যুগৰ।

শ্ৰদ্ধাৰ্ঘ্য...🙏😭😭😭

🙏🙏
03/08/2025

🙏🙏

মানৱ দৰদী উজ্জ্বল ডেকাৰ সহানুভূতিপূৰ্ণ পদক্ষেপ

দৃষ্টি হীন মাতৃ-পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে নেপাললৈ নিয়াৰ প্ৰস্তুতি

নিউজ ডেস্ক, বাৰ্তা A to Z – ৩১ জুলাই:নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ মুগডী গাঁওৰ এটি হৃদয়স্পৰ্শী ঘটনা। এটা পৰিয়ালৰ দুৰ্গতিপূৰ্ণ বাস্তৱতাই সকলোকে বিষাদগ্রস্ত কৰি তুলিছে। এই পৰিয়ালৰ দুজন সদস্য—মাতৃ আৰু পুত্ৰ—উভয়েই চকুহীনতাৰ ভয়ংকৰ সমস্যাৰ সৈতে জীৱন অতিবাহিত কৰি আছে।মাকগৰাকীয়ে বহু বছৰ ধৰি চকুৰে নেদেখি যন্ত্ৰণাময় জীৱন কটাই আছে। আনহাতে, ২৯ বছৰীয়া পুত্ৰ নয়ন তালুকদাৰ, যিয়ে মিস্ত্ৰি হিচাপে কাম কৰি পৰিয়ালখনৰ ভাৰ বহন কৰিছিল, ২০২১ চনত এক দুৰ্ঘটনাৰ ফলত চকুত চিমেন্ট পৰি প্ৰায় সম্পূৰ্ণ অন্ধ হোৱা অৱস্থালৈ উপনীত হয়। বৰ্তমান তেওঁৰ দৃষ্টিশক্তি ৯৫% হ্ৰাস পাইছে, আৰু চিকিৎসকে মতে দীঘলীয়া আৰু ব্যয়বহুল চিকিৎসাৰ জৰিয়তেই চকু পুনৰুদ্ধাৰ সম্ভৱ হ'ব।অভাব-অনটন সত্ত্বেও নয়নে নিজৰ আৰু মাকগৰাকীৰ চিকিৎসাৰ বাবে যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছে। এই দুঃখ-কষ্টৰ কথা দিনমনি আৰু মাধুৰ্য্যৰ মুখেৰে শুনি, মানৱ দৰদী কটপুহাৰ গাঁৱৰ যুৱ সমাজকৰ্মী উজ্জ্বল ডেকাই ব্যক্তিগত ব্যস্ততাৰ মাজতো সময় উলিয়াই যোৱা দেওবাৰে পৰিয়ালটোৰ ঘৰত উপস্থিত হয়।তেওঁ পৰিয়ালটোৰ দুখত সহানুভূতি প্ৰকাশ কৰাৰ লগতে বৰ্তমান চিকিৎসাৰ সকলো ঔষধ-পাতি আৰু প্ৰয়োজনীয় খৰচৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰে। লগতে তেওঁ চিকিৎসাৰ বাবে আৰ্থিক সহায়ও আগবঢ়ায়।উল্লেখযোগ্য যে, সহানুভূতি আৰু সহায়তালৈ সদায় আগবঢ়ি অহা উজ্জ্বল ডেকাই অতি শীঘ্ৰেই মাতৃ-পুত্ৰ দুজনক উন্নত চিকিৎসাৰ বাবে নেপাললৈ লৈ যোৱাৰ আশ্বাস দিয়ে। এই উদাৰ মনোভাৱই আমাৰ সমাজৰ বাবে এক প্ৰেৰণা হিচাপে বিবেচিত হ’ব।

নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্তী মুগডী গাঁৱৰ একেটা পৰিয়ালৰ মাতৃ-পুত্ৰ দুয়োজনেই চকুৰে নেদেখে। দুৰ্ভগীয়া মাক গৰাকীয়ে ...
27/07/2025

নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্তী মুগডী গাঁৱৰ একেটা পৰিয়ালৰ মাতৃ-পুত্ৰ দুয়োজনেই চকুৰে নেদেখে। দুৰ্ভগীয়া মাক গৰাকীয়ে বহুত বছৰ ধৰি এই যন্ত্ৰনা সহ্য কৰি থকাৰ মাজতে মিস্ত্ৰি কাম কৰা পুত্ৰ নয়ন তালুকদাৰে চকুত চিমেন্ট পৰাৰ ফলত ২০২১ বৰ্ষৰ পৰাই চকুৰে প্ৰায় নেদেখা হৈ আহিছে। যথেষ্ট অভাৱৰ মাজতো নিজৰ সমষ্ট উজাৰি দি কোনোমতে চিকিৎসা চলাই আহিছিল নয়নে । চিকিৎসকে কোৱা মতে বৰ্তমান তেওঁ ৯৫% অন্ধ আৰু যথেষ্ট ব্যয়বহুল আৰু দীঘলীয়া চিকিৎসাৰ জৰিয়তেহে ইয়াৰ সুফল লাভ কৰিব। ২৯ বছৰীয়া যুৱক নয়নৰ মনত চকুৰে সদায়েই পৃথিৱীখন দেখি থকাৰ অজস্ৰ হেপাহ। যোৱা কালি ভাতৃ প্ৰতীম দিনমনি আৰু মাধুৰ্য্যৰ পৰা গম পাই চাকৰিৰ ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই আজি তেওঁলোকৰ ঘৰত উপস্থিত হৈ মাতৃ-পুত্ৰৰ সমস্ত ঔষধৰ খৰছ বহনৰ দায়িত্ব লোৱাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰোঁ। আৰু অহা মাহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে নেপাললৈ নিয়াৰ আশ্বাস প্ৰদান কৰোঁ।

নলবাৰী জিলাৰ অন্তৰ্গত খুইদা গাঁৱৰ পবীন ৰাজবংশী নামৰ ব্যক্তি গৰাকী কেইবাদিন ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছে। সেয়েহে তেখ...
23/05/2025

নলবাৰী জিলাৰ অন্তৰ্গত খুইদা গাঁৱৰ পবীন ৰাজবংশী নামৰ ব্যক্তি গৰাকী কেইবাদিন ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছে। সেয়েহে তেখেতৰ বাসগৃহত উপস্থিত হৈ এবাৰ খবৰ লোৱাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কিছুপৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰোঁ।

নলবাৰী জিলাৰ  বৃহত্তৰ বৰভাগৰ অন্তৰ্গত কট্ পুহা গাঁৱৰ ভিতৰ চুবুৰীৰ শ্ৰী দিপুল দাস কিছুদিনৰ  আগতে যকৃতৰ ৰোগত  আক্ৰান্ত হৈ ...
30/04/2025

নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগৰ অন্তৰ্গত কট্ পুহা গাঁৱৰ ভিতৰ চুবুৰীৰ শ্ৰী দিপুল দাস কিছুদিনৰ আগতে যকৃতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। সৰু লৰা ছোৱালী দুটাক লৈ মাক জনী কিবাকৈ চলি আছিল। দুদিনমান আগত হোৱা ধুমুহাজাকে ঘৰটো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে । আজি তেওঁলোকৰ জৰাজীৰ্ণ বাসগৃহটোৰ অৱস্থা দেখি তৎকালীনভাৱে মেৰামতি কৰি দিও আৰু সন্তান কেইটাৰ কাপোৰৰ ব্যবস্থাও কৰি দিওঁ।

24/03/2025

নলবাৰী জিলাৰ "বৰভাগ প্ৰেছ ক্লাৱ"ৰ উদ্যোগত অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত সমাজ জীৱনৰ লগত জড়িত কিছু মনৰ ভাৱ ব্যক্ত কৰোঁ।

🙏
11/01/2025

🙏

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Help People&Feel the Happiness. A Utzal Deka Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Help People&Feel the Happiness. A Utzal Deka Foundation:

Shortcuts

Share

Category