BJP Barbhag Mandal

BJP Barbhag Mandal An official page of BJP Barbhag Mandal Committee.

01/09/2024
02/12/2023

আজি অসম দিৱস বা চ্যুকাফা দিৱস। এই দিনটোতে ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থৈছিল বুলি কোৱা হয়। ১৯৮৭ চনৰ ২ ডিচেম্বৰৰ পৰা এই বিশেষ দিনটো অসম দিৱস হিচাপে পালন কৰি অহা হৈছে।
১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ সৌমাৰপীঠত পদাৰ্পণ, যেন অসমৰ ভাগ্য সলনিৰ কুচকাৱাজহে আছিল ! আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাই ৰাজনৈতিক তথা সমাজতান্ত্ৰিক দৃষ্টিৰে বৰ অসমৰ ভেটি গঢ়ি তুলিছিল। পৰৱৰ্তী পৰ্যায়ত যুগপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাংস্কৃতিক একতাৰে অসমখন বান্ধি পেলোৱাৰ প্ৰচেষ্টাত চ্যুকাফাৰ আদৰ্শৰ অনুৰণন আছিল লক্ষণীয়। অদ্যাপি বাৰেৰহণীয়া সংস্কৃতিৰ নিৰুপম মিলনভূমি অসমৰ সামাজিক ইতিহাস উত্থান-পতনৰ মাজেৰে চিৰপ্ৰৱাহমান। পাটকাই পৰ্বত পাৰ হৈ অসমত ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ধ্বজা বহন কৰা চাওলুং চ্যুকাফাৰ "সাত ৰাজ সামৰি এক ৰাজ" কৰাৰ নীতিয়ে তেওঁক সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ অসমীয়াৰ শাৰীলৈ উত্তীৰ্ণ কৰাইছিল। চ্যুকাফাক কেৱল ৰজা বুলি বিবেচনা কৰিলে ইতিহাসক উপহাস কৰা হ'ব। তেওঁ আছিল এজন ভৱিষ্যদ্ৰষ্টা, জাতিৰ খনিকৰ।
আজি 'অসম দিৱস' বা 'চ্যুকাফা দিৱস'ৰ পৱিত্ৰ দিনটোত বৰ অসমৰ খনিকৰ অসমৰ মহামিলনৰ মহাসংস্কৃতিৰ হোতা, অসীম বীৰত্ব আৰু সাহসৰ প্ৰতীক আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওল্যুং চ্যুকাফাক শ্ৰদ্ধাৰে সোৱৰিছোঁ !

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে কৰ্কট ৰোগীসকলক উন্নত বিশ্বমানৰ চিকিৎসা সেৱা অস...
11/11/2023

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে কৰ্কট ৰোগীসকলক উন্নত বিশ্বমানৰ চিকিৎসা সেৱা অসমতে প্ৰদান কৰিবলৈ নিৰৱচ্ছিন্ন প্ৰচেষ্টা চলাই আহিছে।

প্ৰথম পৰ্যায়ত যোৱা এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৭ খনকৈ কেঞ্চাৰ কেয়াৰ হস্পিতাল উদ্বোধন কৰিছে আৰু নতুনকৈ ৩ খন হস্পিতাল নিৰ্মাণ হৈ আছে।

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দ্বিতীয় পৰ্যায়ত আৰু ৭ খন হাস্পতাল নিৰ্মাণ কৰিবলৈ গৈ আছে যিকেইখনে প্ৰায় ৮০০০ নিযুক্তিৰ পথো মুকলি কৰিব।

খেতিপথাৰত শস্যৰ মংগল কামনা কৰি, চহা ৰাইজৰ জীৱন আৰু খাদ্যভঁৰাল সদায় চহকী হৈ থকাৰ প্ৰাৰ্থনা জনাই আটাইকে অসমীয়াৰ বাপতি সা...
18/10/2023

খেতিপথাৰত শস্যৰ মংগল কামনা কৰি, চহা ৰাইজৰ জীৱন আৰু খাদ্যভঁৰাল সদায় চহকী হৈ থকাৰ প্ৰাৰ্থনা জনাই আটাইকে অসমীয়াৰ বাপতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

আজি বৰক্ষেত্রী বিধানসভা সমষ্টিৰ অন্তৰ্গত  আৰিকুছিৰ পৰা মৰোৱালৈ বৰভাগ উন্নয়ন খণ্ডৰ সৌজন্যত 'মোৰ দেশ, মোৰ মাটি' অভিযানৰ ল...
15/10/2023

আজি বৰক্ষেত্রী বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰিকুছিৰ পৰা মৰোৱালৈ বৰভাগ উন্নয়ন খণ্ডৰ সৌজন্যত 'মোৰ দেশ, মোৰ মাটি' অভিযানৰ লগত সংগতি ৰাখি আয়োজিত 'অমৃত কলহ যাত্ৰা'ত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, GMDA ৰ অধ্যক্ষ্য Narayan Deka ডাঙৰীয়া, নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী, APGCL ৰ সঞ্চালক দেৱজিৎ মহন্ত ডাঙৰীয়া, নলবাৰী জিলা বিজেপিৰ সভাপতি ডা° মৃগাংক তালুকদাৰ ডাঙৰীয়া, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা ডাঙৰীয়া, নলবাৰী উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বনদ্বীপ ডেকা ডাঙৰীয়া, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়াৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল, ভাৰতীয় জনতা পাৰ্টি দলৰ বিষয়ববীয়া সকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে
Himanta Biswa Sarma
Jayanta Mallabaruah
Narayan Deka, Barkhetry
BJP Assam Pradesh
BJP Nalbari District

13/10/2023

কিশোৰ কুমাৰ- নামেই যাৰ পৰিচয়। সহস্ৰাধিক চিৰসেউজ গানেৰে ভাৰতীয় সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰা, যাৰ সুৰীয়া গানে আজিও লক্ষ লক্ষ সংগীতপ্ৰেমীৰ হৃদয় স্পৰ্শ কৰে, সেইজন মহান শিল্পী কিশোৰ কুমাৰ দেৱক আজি তেখেতৰ পুণ্য তিথিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুততম বিকাশশীল অৰ্থনীতি হোৱাৰ পথত অগ...
11/10/2023

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুততম বিকাশশীল অৰ্থনীতি হোৱাৰ পথত অগ্ৰসৰ হৈছে।

অহা ১৫ অক্টোবৰ, ২০২৩ ইং তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰক্ষেত্ৰী বিধানসভা সমষ্টিত 'মোৰ মাটি ...
11/10/2023

অহা ১৫ অক্টোবৰ, ২০২৩ ইং তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰক্ষেত্ৰী বিধানসভা সমষ্টিত 'মোৰ মাটি মোৰ দেশ' অভিযানৰ 'অমৃত কলহ যাত্ৰা' ত অংশগ্ৰহণ কৰি আৰিকুছি দূৰ্গা পূজা ফিল্ডৰ পৰা পদযাত্ৰা কৰি মৰোৱা শংকৰদেৱ খেলপথাৰত উপস্থিত হ'ব। আগন্তুক উক্ত অনুষ্ঠানটোৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যৰে আজি বৰভাগ উন্নয়ন খণ্ডৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হোৱাৰ লগতে উক্ত স্থান দুটা পৰিদৰ্শন কৰা হয়।
উক্ত সভাখনৰ লগতে এই পৰিদৰ্শন কালত
উপস্থিত থাকে GMDA ৰ অধ্যক্ষ্য শ্ৰী যুত নাৰায়ন ডেকা ডাঙৰীয়া, নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা ডাঙৰীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুন গগৈ, সহকাৰী আয়ুক্ত উদেষ্ণা শৰ্মা,অসম গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলাৰ প্ৰৱন্ধক চন্দন তালুকদাৰ, ৰাজহ চক্ৰ বিষয়া জিতেন টাইড, খণ্ড উন্নয়ন বিষয়া অপূৰ্ব কুমাৰ চক্ৰৱৰ্তী,ভাজপা বৰভাগ মণ্ডলৰ সভাপতি দীনবন্ধু তালুকদাৰ, বৰক্ষেত্ৰী মণ্ডলৰ সভাপতি মোহন কলিতাৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে।

ভাৰতীয় জনতা পাৰ্টি বৰভাগ মণ্ডলৰ চলি থকা মণ্ডল প্ৰবাস কাৰ্য্যক্ৰমৰ অন্তৰ্গত বোথ সভাপতি সকলৰ সভাখন ৪৭(১) গাওঁ পঞ্চায়তৰ অন্...
30/09/2023

ভাৰতীয় জনতা পাৰ্টি বৰভাগ মণ্ডলৰ চলি থকা মণ্ডল প্ৰবাস কাৰ্য্যক্ৰমৰ অন্তৰ্গত বোথ সভাপতি সকলৰ সভাখন ৪৭(১) গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰকুলহাটী বৰনামঘৰ প্ৰাঙ্গনত অনুস্থিত হয় | ভাৰতীয় জনতা পাৰ্টি বৰভাগ মণ্ডলৰ সভাপতি শ্ৰী দীনবন্ধু তালুকদাৰ দেৱে সভাপতিত্ব কৰা সভা খনত GMDA অধ্যক্ষ শ্ৰী যুত নাৰায়ণ ডেকা দেৱ, নলবাৰী জিলা পৰিষদৰ সন্মানীয় অধ্যক্ষ তথা মণ্ডল প্ৰবাস কাৰ্য্যক্ৰমৰ আহ্বায়ক শ্ৰী নিতুল ডেকা ডাঙৰীয়া, উপস্থিত সন্মানীয় মণ্ডল সম্পাদক সকল, ৰাজ্যিক সমিতিৰ আমন্ত্ৰিত সদস্য শ্ৰী লক্ষী কলিতা, নলবাৰী জিলা বি জে পিৰ উপ সভাপতি শ্ৰী জয়ন্ত বুজৰবৰুৱাৰ লগতে জিলা আৰু মণ্ডলৰ অন্যান্য বি্ষয় ববীয়া আৰু কাৰ্যকৰ্তা সকল উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে।

আজি মণ্ডল প্ৰবাস কাৰ্য্যক্ৰম অনুস্থানৰ অংশ হিচাপে দামোদৰ ধাম পাণ্ডুলাত শক্তি কেন্দ্ৰ প্ৰমুখ সকলৰ এখন সভা অনুস্থিত হয় | স...
28/09/2023

আজি মণ্ডল প্ৰবাস কাৰ্য্যক্ৰম অনুস্থানৰ অংশ হিচাপে দামোদৰ ধাম পাণ্ডুলাত শক্তি কেন্দ্ৰ প্ৰমুখ সকলৰ এখন সভা অনুস্থিত হয় | সভাত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ তথা মণ্ডল প্ৰবাস কাৰ্য্যক্ৰমৰ আহ্বায়ক শ্ৰী নিতুল ডেকা ডাঙৰীয়া সহ আহ্বায়ক শ্ৰী পংকজ ডেকা আৰু শ্ৰী প্ৰদীপ পাটোৱাৰী ডাঙৰীয়া উপস্থিত থাকে | মণ্ডল সাধাৰন সম্পাদক শ্ৰী দ্বিপেন কলিতাই আত ধৰা সভাখনত সভাপতিত্ব কৰে মণ্ডল সভাপতি শ্ৰী দীনবন্ধু তালুকদাৰে |

আজি 25/09/2023 ইং তাৰিখ সোমবাৰে জন সংঘৰ প্ৰতিস্থাপক সম্পাদক তথা একাত্ম মানৱ দৰ্শনৰ প্ৰবৰ্তক পণ্ডিত প্ৰৱৰ দীনদয়াল উপাধ্যা...
25/09/2023

আজি 25/09/2023 ইং তাৰিখ সোমবাৰে জন সংঘৰ প্ৰতিস্থাপক সম্পাদক তথা একাত্ম মানৱ দৰ্শনৰ প্ৰবৰ্তক পণ্ডিত প্ৰৱৰ দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী আৰু মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি চলি থকা সেৱা পষেক উপলক্ষে ভাৰতীয় জনতা পাৰ্টি বৰভাগ মণ্ডল কাৰ্য্যালয়ত আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰী সকলক লৈ এখন সভাৰ আহ্বান কৰা হয় | সভাত আয়ুষ্মান কাৰ্ডৰ হিতাধীকাৰি সকলৰ মাজত আয়ুষ্মান কাৰ্ড সমুহ বিতৰন কৰা হয় | উক্ত অনুস্থানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ সন্মানীয় সভাপতি ডা০ মৃগাংক তালুকদাৰ ডাঙৰীয়া ,প্ৰমুখ্যে ভা জ পা নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি শ্ৰী মৃগাংক দাস ডাঙৰীয়া,ভা জ পা বৰভাগ মণ্ডলৰ সভাপতি শ্ৰী দীনবন্ধু তালুকদাৰ ডাঙৰীয়া, মণ্ডল প্ৰভাৰী শ্ৰী পঙ্কজ ডেকা ডাঙৰীয়াকে ধৰি অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে | সভাত উপস্থিত নেতৃবৃন্দই পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে |

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when BJP Barbhag Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share