31/08/2026
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেৱা আৰু সুশাসনৰ গৌৰৱোজ্জ্বল ২৫ টা বছৰৰ পূৰ্তি উপলক্ষে অহা মাহেকজোৰা 'সেৱা সংকল্প অভিযান' সুচাৰুৰূপে ৰূপায়ণ কৰাৰ অৰ্থে আজি এক গুৰুত্বপূৰ্ণ ৰাজ্যিক কৰ্মশালাত উপস্থিত থাকোঁ।
বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই সভাখনত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত বি এল সন্তোষ ডাঙৰীয়া, উত্তৰ-পূৰ্বাঞ্চলৰ সহ-তত্ত্বাৱধায়ক শ্ৰীযুত ৰাজীৱ বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডা° ৰণোজ পেগু ডাঙৰীয়া, মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়া, সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়াকে ধৰি বিধায়কসকল আৰু দলৰ বহুসংখ্যক জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে।
ৰাইজৰ সেৱা আৰু সুশাসনৰ এই যাত্ৰাক অধিক শক্তিশালী কৰি তুলিবলৈ আমি সকলোৱে সংকল্পবদ্ধ।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh