04/08/2026
উজনি অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে শ্ৰীশ্ৰী পদুমনি আই থান পৰিচালনা সমিতিয়ে 'মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি'লৈ ১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।
আজি মাননীয় লখিমপুৰ সমষ্টিৰ বিধায়ক শ্ৰী মানৱ ডেকা ডাঙৰীয়াৰ হাতত এই চেক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়। সমিতিৰ এই উদাৰ পদক্ষেপে সমাজৰ প্ৰতি দায়বদ্ধতা আৰু মানৱীয় মূল্যবোধৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
এই মহৎ উদ্যোগৰ বাবে শ্ৰীশ্ৰী পদুমনি আই থান পৰিচালনা সমিতিলৈ আন্তৰিক কৃতজ্ঞতা আৰু শলাগ। 🙏🏻
Himanta Biswa Sarma :: Manab Deka :: Shyamal Sharma