Sashanka Pegu

Sashanka Pegu Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sashanka Pegu, Public Service, North Lakhimpur.

05/11/2021

ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাইছো।। Tribute to Bhupen hazarika.

02/11/2021
💚💚ড° সিন্ধুতাই সেপকাল💚💚এই গৰাকী মহীয়সী নাৰী হ’ল ড° সিন্ধুতাই সেপকাল ৷  চতুৰ্থ শ্ৰেণীলৈকে পঢ়াৰ পিছত স্কুল এৰি গৰু -মহ  চৰ...
09/10/2021

💚💚ড° সিন্ধুতাই সেপকাল💚💚

এই গৰাকী মহীয়সী নাৰী হ’ল ড° সিন্ধুতাই সেপকাল ৷ চতুৰ্থ শ্ৰেণীলৈকে পঢ়াৰ পিছত স্কুল এৰি গৰু -মহ চৰাই দিন কটাইছিল ৷ ১২ বছৰতে তেওঁক বিয়া দি দিয়ে এটা ৩২ বছৰীয়া মানুহৰ লগত ৷ ২০ বছৰতে তিনিটাকৈ সন্তান জন্ম দিয়াৰ পাছত এদিন যৌতুকৰ বাবে স্বামীয়ে তাইক বেয়াকৈ মাৰধৰ কৰি গোহালিলৈ চোচঁৰাই লৈ যায়৷ তেতিয়াই সিন্ধুতাই আছিল গৰ্ভৱতী ৷ সেইৰাতিয়েই তাই এজনী কন্যা সন্তান জন্ম দিয়ে ৷ তাৰপিছত তাইয়ে পতিৰ ঘৰৰ পৰা ওলাই আহি শ্মশানত থাকিবলৈ লয় ৷ মানুহে তাইক তাৰপৰা ওলাই গলেই ভুত বুলি খেদি আহে ৷ শ্মশানত মৃতকক দিয়া খাদ্য খাই সন্তানটোৰ সৈতে জীয়াই থকাৰ বাবে সংঘৰ্ষ কৰিছিল ৷


এনেকৈ জীয়াই নেথাকো বুলি ৰেলৰ আগত পৰি মৰিবলৈ এদিন ওলাই গ’ল ৷ ৰেলৰ আলিত ঘণ্টা ধৰি পৰি থাকিল কিন্ত ৰেল নাহিল ৷ সেইদিনা ৰেলৰ ধৰ্মঘট আছিল ৷ আকৌ শ্মশানতে আহি দিন কটাবলগীয়া হ’ল কিন্ত মনৰ যান্ত্ৰণা আৰু ভোকৰ হাহাঁকাৰত আকৌ এদিন ৰেলৰ আগত পৰি মৰো বুলি গৈ পৰি থাকিল গৈ ৷ তেনেতে এটা শিশুৰ কান্দোন শুনিবলৈ পালে ৷ গছ এজোপাৰ তলত ৰৈ এটা শিশুৱে কান্দি আছে ৷ তাই উঠি আহিল আৰু শিশুটো যি জোপা গছৰ তলত ৰৈ আছিল গছ জোপালৈ চকু গ’ল ৷ এটা ভঙা ডালত নতুনকৈ পাত ওলাইছে আৰু ফুল ফুলিছে , তেতিয়া তাইয়ে ভাবিলে যে ভঙা গছৰ ডালটোত যদি পাত আৰু ফুল ওলাব পাৰে মই কিয় জীয়াই থাকিব নোৱাৰিম ৷

কান্দি থকা শিশুটোক হাতত ধৰি আৰু নিজৰ সন্তানটিক লৈ ৰেল ষ্টেচন পালেগৈ আৰু তাতে ভিক্ষা মাগিবলৈ আৰম্ভ কৰিলে ৷ যি পাই তাৰে তিনিটা পেট ভৰাই ৷ ষ্টেচনত থকা আন শিশুসকলো আহি তাইৰ লগ লাগিলহি যেন সিহঁতে এজনী মাক হে পালে ৷ এনেকৈ সকলোৱে মিলি ভিক্ষা কৰি থাকোতে এদিন তাইয়ে এটা বেগ পালে আৰু আনি ষ্টেচন মাষ্টাৰক দিলেহি ৷ এইটোৱেই যেন তাইৰ জীৱনৰ টাৰ্নিং পইণ্ট হ’ল ৷ বেগৰ মালিকে তাইক ক’লে তোমাক কি লাগিব কোৱা কাৰণ বেগটোত হয়তু মূল্যৱান কিবা আছিল ৷ তাইয়ে হাতযোৰকৈ ক’লে “ মোক এটা ঘৰৰ ব্যৱস্থা কৰি দিয়ক বাকী একো নেলাগে ৷ ”

মানহজনে তাইক এটা ঘৰ সাজি দিলে আৰু তাইয়ে তাতে অনাথ শিশুসকলক ৰখাৰ ব্যৱস্থা কৰিলে ৷ এনেকৈ শিশুৰ সংখ্যা বাঢ়ি গ’ল আৰু অনাথ আলয়ৰ বাবে সাহায্য আহিবলৈ ধৰিলে ৷ হাজাৰৰ ওপৰৰ শিশু আৰু মাক এজনী ৷ তাত থকা শিশু পঢ়ি শুনি ডাক্তৰ -ইঞ্জিনিয়াৰ ক’ত হ’ল হিচাপ নাই ৷ অনেক উচ্চ পদাধিকাৰী হ’ল ৷ তাইৰ বয়স হৈ আহিলেও মুক্তমনেৰে সকলো কাম কৰি গৈছিল ৷ এদিন তাইৰ আশ্ৰমলৈ মলিয়ন কাপোৰ পিন্ধা এটা বৃদ্ধ মানুহ সোমাই আহিল ৷ তাইয়ে তাক চিনি পালে কিন্ত সি তাইক চিনি নেপালে ৷ তাইয়ে কেনেকৈ গৰু গোহালিত তাইক অত্যাচাৰ কৰি পেলাই দিছিল সকলো মনত পেলাই দিলে আৰু ক’লে ইয়াত সকলো মোৰ শিশু তুমিওঁ মোৰ পতি নহয় শিশু হৈ হে থাকিব পাৰিবা ৷ ভাগ্য সকলোৰে সদায় একে নেযায় ৷ যাক যৌতুকৰ বাবে আধামৰা কৰি মাৰি পেলাই দিছিল আজি তাৰ চৰনতে পৰিবলগীয়া হ’লহি ৷

এইগৰাকী মমতাময়ী নাৰী আজি দেশ- বিদেশ বিখ্যাত ৷ ৭৫০ টা পুৰস্কাৰে সন্মানিত হৈছে ৷ মাডাৰ অফ থাউচেণ্ড অৰফ্যানাচ নামেৰে জনাজাত ৷
উৎস:- গ্ৰন্থ সুবাস
গুগল

08/10/2021

Old is gold 💐🌟💕💚📻📻

শিক্ষা আহৰণৰ লক্ষ্যৰে 💚💕🍀
23/09/2021

শিক্ষা আহৰণৰ লক্ষ্যৰে 💚💕🍀

21/09/2021

সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ সহযোগত কোকৰাঝাৰত অন্যায়ভাৱে কোকৰাঝাৰ পুলিচৰ হাতত এনকাউন্টাৰ হোৱা জ্যংচাৰ মুছাহাৰীৰ আৰু জনক ব্ৰহ্মৰ ন্যায়ৰ দাবীত কোকৰাঝাৰত পদযাত্ৰা( প্ৰতিবাদ)।
All assam tribal students' union_AATSU

All assam tribal students' union_AATSU আজি সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী দেৱ কুমাৰ পেগুৰ  ন...
20/09/2021

All assam tribal students' union_AATSU
আজি সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী দেৱ কুমাৰ পেগুৰ নেতৃত্বত চিৰাং জিলাৰ এগৰাকী মেধাৱী ছাত্ৰীৰ দুৰাৰোগ্য বেমাৰৰ পৰিস্থিতিৰ বুজ লও। চিৰাং জিলাৰ ৰাঙীজোলা ফৰেষ্ট ৰিজাৰ্ভৰ মৌনচি নাৰ্জাৰীৰ কিশোৰী চুমিকা নাৰ্জাৰে দীৰ্ঘদিনৰ পৰা অচিনাক্ত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৱে মেধাৱী ছাত্ৰী চুমিকা নাৰ্জাৰীক উপযুক্ত চিকিৎসাৰ বাবে অসমৰ সকলো হৃদয়ৱান ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ আহ্বান জনাইছে। গতিকে সকলো ব্যক্তিয়ে নূন্যতম কিবা এটা হলেও সহায় কৰি ছোৱালীজনীৰ চিকিৎসাৰ বাবে সহায় কৰেযেন।

Ac :- 7378010118231
Ifsc:- PUNB0RRBAGB
A/c holder:- Bikiraj Narjary( Brothers)
Branch :- Amguri Branch

Today, under the leadership of Shri Dev Kumar Pegu, Union General Secretary, All Assam Tribal Students union , take stock of the plight of a brilliant student of Chirang district. Sumika Narjary , daughter of Monsi Narjary of Rangizola Forest Reserve in Chirang district, has been suffering from an unidentified incurable disease for a long time. The family below the poverty line has urged meritorious student Sumika Narjary to seek help from all the hearty people of Assam for proper treatment. So all people help girls even if they have something minimum your donate.

Kindly help please and share with your friends..

Address

North Lakhimpur
787055

Telephone

+916002153828

Website

Alerts

Be the first to know and let us send you an email when Sashanka Pegu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category