21/08/2024
আজি আহো আন এটা ভিতৰুৱা অঞ্চলৰ কাহিনীৰ মাজলৈ..... গাঁৱত বছৰেকীয়া বৰ সবাহ আৰু ভাওনাৰ আয়োজন । গাঁৱৰ ডেকা চামে চিন্তা কৰিলে..... অন্য ঠাইৰ ভাওনাবোৰ ইমান ধুনীয়া হয়, কাৰিকৰী দিশবোৰ ইমান উন্নত, এই বাৰ আমাৰ ইয়াটো পাতিম,টকা যি যায় যাব......এই বুলি বাহিৰৰ ভাওনা শিল্পীৰ লগত যোগাযোগ কৰিলে আৰু গাঁৱৰ ও দুই চাৰিজন ক ভাও দি দহ দিন মানৰ পৰা আখৰা চলিল । একে বাৰে ভিতৰুৱা অঞ্চল হোৱাৰ বাবে কেইবাজনো ভাওনা শিল্পী সেই গাঁৱতেই থাকি ল'ব লগাত পৰিল । সুন্দৰ ভাওনা প্ৰদৰ্শন হোৱাৰ পিছত সকলো ঘৰা ঘৰি হ'ল । ভাওনাৰ পিছদিনাই এগৰাকী বোৱাৰী থানা পালেহি..... ছাৰ ছাৰ সৰ্বনাশ হ'ল ঘৰৰ সকলো সোণৰ মাল চুৰি হ'ল, মোৰ খিনি টো নিলেই ননদ কেইজনীৰ ও নিলে ......। সেই মতে গোচৰ তৰিলে আৰু তদন্ত আৰম্ভ হ'ল ।
পুলিচৰ প্ৰাৰম্ভিক তদন্তত জগৰীয়া কৰিলে,বাহিৰৰ পৰা ভাওনা কৰিবলৈ যোৱা ল'ৰা কেইজনক। তেওঁ লোকক বিচাৰি থানা পোৱালেগৈ আৰু জোৰদাৰ সুধা পোচা চলিত। হাতত হেণ্ডকাপ লগাই ডাক্তৰী পৰিক্ষা কৰি থানাতেই এক ৰাতি ৰাখিলে আৰু পিছদিনা অভিযুক্ত নহয় বুলি এৰি দিলে । এই সমগ্ৰ ঘটনাটোত, অযথা হেণ্ডকাপ লগোৱা কাণ্ডটোত, ভাওনা শিল্পী কেইজনে মৰ্মান্তিক দুখ পালে,তাতে লাজ অপমান আছেই । সেই ভাওনা শিল্পী কেইজনে কি কৰিব, ইমান টো ক্ষমতাশালী নহয় ওলোটাই প্ৰশ্ন ও কৰিব পাৰে । কিন্তু তেওঁ লোকৰ ওচৰত এটাই সম্পদ আছে,সেয়া হ'ল অগাধ ঈশ্বৰৰ প্ৰতি ভক্তি । সেয়ে পিছদিনা সেই খন গাঁৱৰ নামঘৰত গৈ ৰাইজ গোটাই পৰম ঈশ্বৰক কাকতি কৰি ক'লে......হে পৰম ঈশ্বৰ অন্ত:যামি তুমি নাৰায়ণ,আমি ভাওনাৰ শিল্পী সদায়েই তোমাৰেই ভকতি । তুমি টো জানা আমি চোৰ নহয়, অযথা অপমান , অযথা হেণ্ডকাপ লাগিল, সেয়ে তোমাতেই মিনতি , তুমি বিচাৰ কৰিবা আৰু তাৰ বিনিময়ত, তোমাৰ গুণানুকীৰ্তন কৰি এখন ভাওনা আমি নিজা খৰচত কৰি দিম.......। এই কথাখিনি শেষ নহওঁতেই উপস্থিত গঞাৰ মাজত কান্দোনৰ ৰুল বৈ গ'ল। যেন অতিথি নিমন্ত্ৰণ কৰি আনি ৰাজহুৱা কৈ আঘাত দিয়া হ'ল ।
ইতিমধ্যে এই কথা বোৰ প্ৰকৃত চোৰৰ কানত পৰিল ।চোৰ ঘৰৰ ভিতৰত চটফটাবলৈ ধৰিলে আৰু সকলো কথা ৰাজহুৱা কৰিলে.......ৰাইজ সকল মই য়ে চোৰ কৰিছিলোঁ আৰু মই য়ে গৈ মিছা গোচৰ দিছিলোঁ। সোণৰ কিছু চহৰত বিক্ৰী কৰিলো আৰু কিছু আছে......।
ৰাইজ আঁচৰিত হ'ল আৰু সেই মতে পুলিচৰ তদন্ত পুনৰ আৰম্ভ হ'ল। নাজানো সেই তদন্ত ই কি ৰূপ লয়, বিভাগীয় বিষয়াই জানিব। কিন্তু এটা ডাঙৰ প্ৰশ্ন আহিল অযথা কেইজনমান সংস্কৃতিবান যুৱকক হেণ্ডকাপ লগাই অপমানিত কৰা হ'ল । আমাৰ এটা ধাৰণা আছে, ঢোল এটা বজাই ঘুৰি ফুৰা যুৱক জনক, ভাওনা শিল্পী যুৱক সকলক গুৰুত্ব নিদো, তাতকৈ কপালত ফোট লৈ অহা চেঙেলীয়া এটা দেখিলেও চকীৰ পৰা উঠি সম্ভাষণ জনাবলৈ মন কৰো । কিন্তু এটা ঢোলীয়াই,এজন ভাওনাৰ শিল্পী য়ে সংস্কৃতিৰ ক্ষেত্ৰখন ধৰি ৰাখিছে, সেই কথা কল্পনাৰ সীমা ৰেখাই ঢুকি নাপাওঁ।
এতিয়া মূল প্ৰশ্ন, সেই অঞ্চলৰ ৰাইজে পুলিচক কি ভাৱে ল'ব, সেই হেণ্ডকাপ লগা ল'ৰা কেইজনে কি ভাৱত পুলিচক চাব , পুলিচৰ প্ৰতি সেই ভিতৰুৱা অঞ্চলত বিশ্বাসযোগ্যতা কিমান থাকিব ? কালিলৈ সময়ত খবৰ বোৰ দিব নে ? সেই পুলিচ অফিচাৰ জনে ক্ষমা খুজিব নে? এইয়া বৰ্তমান সময়ত বিভিন্ন অঞ্চলৰ ছবি। সেয়ে এই বোৰ দিশত পুলিচৰ মূৰব্বী সকলে, জিলাৰ মূৰব্বী সকলে নজৰ ৰাখক ।