Deori Autonomous Council - DAC

Deori Autonomous Council - DAC Deori Autonomous Council An interim body of DAC was constituted in the same year.

The Deori Autonomous Council was established under the Deori Autonomous Council Act, 2005 passed by Assam Legislative Assembly with its Headquarter at Bhimbor Nagar, P.O.: Dikrong, Narayanpur, District: Lakhimpur, Assam, Pin- 784164 (India). The Deori Autonomous Council Act, 2005 provides that the Deori Autonomous Council shall be constituted “comprising of *Satellite Areas and Core Areas for soci

al, economic, educational, ethnic and cultural advancement of the Deori and other Scheduled Tribe communities residing therein.”

দেউৰী স্বায়ত্তশাসিত পৰিষদে সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে বানপীড়িত ৰাইজৰ সহায়ৰ উদ্দেশ্যে  মুখ্যমন্ত্ৰী সাহায্য পুঁজিল...
03/08/2026

দেউৰী স্বায়ত্তশাসিত পৰিষদে সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে বানপীড়িত ৰাইজৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ অনুদান আগবঢ়ায়। এই অনুদান আনুষ্ঠানিকভাৱে অসমৰ মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত অৰ্পণ কৰে পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী ডাঙৰীয়াই।

এই অনুষ্ঠানত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ভাস্কৰ দেউৰী ডাঙৰীয়া, কাৰ্যবাহী সদস্য শ্ৰী ৰাকেশ বৰদেউৰী ডাঙৰীয়া, শ্ৰী শশাঙ্কৰ বৰদেউৰী ডাঙৰীয়া আৰু সাধাৰণ সদস্য শ্ৰী জিণ্টুছান দেউৰী ডাঙৰীয়াও উপস্থিত থাকে।

Himanta Biswa Sarma | CMO Assam | Bhoirab Deori

26/07/2026
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ৮ নং যোৰহাট সমষ্টিৰ বানাক্ৰান্ত অঞ্চলসমূহত পৰিষদৰ উদ্যোগত বানপীড়িত লোকসকলৰ মাজত সাহায্য সামগ...
22/07/2026

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ৮ নং যোৰহাট সমষ্টিৰ বানাক্ৰান্ত অঞ্চলসমূহত পৰিষদৰ উদ্যোগত বানপীড়িত লোকসকলৰ মাজত সাহায্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰে পৰিষদৰ সদস্য শ্ৰী কেশৱ দেউৰী ডাঙৰীয়াই।

Himanta Biswa Sarma | Bhoirab Deori

বানপীড়িত অঞ্চল পৰিদৰ্শনদেউৰী স্বায়ত্তশাসিত পৰিষদৰ ৮ নং যোৰাহাট সমষ্টিৰ অন্তৰ্গত নামদেউৰী, ১ নং দেউৰী আৰু ২ নং দেউৰী গা...
21/07/2026

বানপীড়িত অঞ্চল পৰিদৰ্শন

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ৮ নং যোৰাহাট সমষ্টিৰ অন্তৰ্গত নামদেউৰী, ১ নং দেউৰী আৰু ২ নং দেউৰী গাঁৱৰ বানপীড়িত অঞ্চলসমূহ পৰিষদৰ সাধাৰণ সদস্য শ্ৰী কেশৱ দেউৰী ডাঙৰীয়াই পৰিদৰ্শন কৰে।

পৰিষদে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ খবৰ লোৱাৰ লগতে প্ৰয়োজনীয় সহায়-সহযোগিতা অতি শীঘ্ৰে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

Himanta Biswa Sarma । Bhoirab Deori

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত জাগুন নামফাই দেউৰী গাঁৱত যোৱা কেইদিনমান ধৰি অবিৰতভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত অঞ্চল...
21/07/2026

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত জাগুন নামফাই দেউৰী গাঁৱত যোৱা কেইদিনমান ধৰি অবিৰতভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত অঞ্চলজুৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এই দুৰ্যোগত বহু পৰিয়াল বিভিন্ন সমস্যাৰ সন্মুখীন হয়।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বানপীড়িত ৰাইজৰ সুবিধাৰ্থে ৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ কাৰ্য্যবাহী সদস্য শ্ৰীযুত যোগেন দেউৰী ডাঙৰীয়াই ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বান সাহায্য সামগ্ৰী আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰে।

Himanta Biswa Sarma | Bhoirab Deori

সৰ্বভাৰতীয় NEET-2026 পৰীক্ষাত ৯৮.৫% নম্বৰ লাভ কৰাৰ লগতে All India Category Rank 194 স্থান দখল কৰি দেউৰী সমাজলৈ গৌৰৱ কঢ়...
17/07/2026

সৰ্বভাৰতীয় NEET-2026 পৰীক্ষাত ৯৮.৫% নম্বৰ লাভ কৰাৰ লগতে All India Category Rank 194 স্থান দখল কৰি দেউৰী সমাজলৈ গৌৰৱ কঢ়িয়াই অনা নাৰায়ণপুৰৰ মাজৰ চাপৰি দেউৰী গাঁৱৰ সু-কন্যা এঞ্জেলিনা দেউৰীক আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী ডাঙৰীয়াৰ নিৰ্দেশত পৰিষদৰ উপাধ্যক্ষা শ্ৰীমতী নন্দিতা দেউৰী ডাঙৰীয়ানীৰ নেতৃত্বত কাৰ্যবাহী সদস্য আৰু সাধাৰন সদস্য সকলে সাক্ষাৎ কৰি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

Himanta Biswa Sarma | Bhoirab Deori

দেউৰী সমাজৰ গৌৰৱৰ ক্ষণলখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাজৰ চাপৰি দেউৰী গাঁৱৰ কন্যা শ্ৰীমতী এঞ্জেলিনা দেউৰীয়ে সদ্যঘোষিত NEET-2...
17/07/2026

দেউৰী সমাজৰ গৌৰৱৰ ক্ষণ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাজৰ চাপৰি দেউৰী গাঁৱৰ কন্যা শ্ৰীমতী এঞ্জেলিনা দেউৰীয়ে সদ্যঘোষিত NEET-2026 পৰীক্ষাত ৯৮.৫% নম্বৰ লাভ কৰাৰ লগতে All India Category Rank – 194 দখল কৰি উজ্জ্বল সফলতা অৰ্জন কৰিছে।

তেওঁৰ এই অসাধাৰণ কৃতিত্বই দেউৰী সমাজৰ বাবে এক গৌৰৱৰ অধ্যায় ৰচনা কৰিছে। এই উল্লেখযোগ্য সফলতাৰ বাবে এঞ্জেলিনা দেউৰীক দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ, সুস্বাস্থ্য আৰু সৰ্বাংগীন সফলতা কামনা কৰিলোঁ।

Himanta Biswa Sarma | Bhoirab Deori

27/06/2026
১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অতিথিশালাত অনুষ্ঠিত যোগাভ্যাস কাৰ্যসূচী…
21/06/2026

১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অতিথিশালাত অনুষ্ঠিত যোগাভ্যাস কাৰ্যসূচী…

সকলোলৈকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।যোগ কেৱল এক ব্যায়াম নহয়, ই হৈছে সুস্থ দ...
21/06/2026

সকলোলৈকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

যোগ কেৱল এক ব্যায়াম নহয়, ই হৈছে সুস্থ দেহ, শান্ত মন আৰু ইতিবাচক জীৱনশৈলীৰ এক অনন্য পথ। আহক, আমি সকলোৱে নিয়মীয়া যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ কৰি শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সুস্থতাৰ দিশে আগবাঢ়োঁ আৰু আনকো এই সুন্দৰ অভ্যাস গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰোঁ।

Address

Narayanpur
North Lakhimpur
784164

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Deori Autonomous Council - DAC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Deori Autonomous Council - DAC:

Shortcuts

Share