আলোক

আলোক 𝐀 𝐏𝐑𝐎𝐉𝐄𝐂𝐓 𝐓𝐎𝐖𝐀𝐑𝐃𝐒 𝐇𝐎𝐋𝐈𝐒𝐓𝐈𝐂 𝐃𝐄𝐕𝐄𝐋𝐎𝐏𝐌𝐄𝐍𝐓 𝐎𝐅 𝐒𝐓𝐔𝐃𝐄𝐍𝐓𝐒 𝐂𝐎𝐌𝐏𝐋𝐄𝐓𝐄 𝐅𝐑𝐄𝐄 🆓 𝐒𝐄𝐋𝐅 𝐇𝐄𝐋𝐏 𝐈𝐍𝐈𝐓𝐈𝐀𝐓𝐈𝐕𝐄 𝐒𝐎𝐂𝐈𝐀𝐋 𝐒𝐄𝐑𝐕𝐈𝐂𝐄.

পৰিবেশ সচেতনতা প্ৰতিজন ব্যক্তিৰ থকাটো জৰুৰী। বৰ্তমান গোলকীয় উষ্ণতাৰ যি কু-প্ৰভাৱ তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবেশৰ বাবে আমি...
10/08/2026

পৰিবেশ সচেতনতা প্ৰতিজন ব্যক্তিৰ থকাটো জৰুৰী। বৰ্তমান গোলকীয় উষ্ণতাৰ যি কু-প্ৰভাৱ তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবেশৰ বাবে আমি কৰিবলগীয়া বহুত আছে । ভাৰত চৰকাৰৰ তাৰে এক প্ৰদক্ষেপ "স্বচ্ছ ভাৰত অভিযান" । যোৱা ০৯ আগষ্ট,২০২৬ তাৰিখ , দেওবাৰে লক্ষিমপুৰ জিলাৰ My Bharat কেন্দ্ৰৰ উদ্যোগত আৰু @আলোক ৰ সহযোগত আমাৰ গাওঁতে গাঁৱৰ কণ কণ ছাত্ৰ -ছাত্ৰী, যুৱক যুৱতীসকলৰ লগত এই অনুষ্ঠান আয়োজন কৰিলোঁ ।

#আলোক
MY Bharat North Lakhimpur
Mera Yuva Bharat - MY Bharat
Ministry of Youth Affairs and Sports, Government of India
NSS India
Biraj Raj Borah
আলোক

আলোক প্ৰথম বৃহৎ সফলতা ।লক্ষিমপুৰ জিলাভিত্তিক অনুষ্ঠিত হোৱা NASHA MUKT BHARAT ABHIYAN ৰ উপলক্ষত আয়োজিত তৰ্ক, কবিতা, বক্ত...
03/08/2026

আলোক প্ৰথম বৃহৎ সফলতা ।
লক্ষিমপুৰ জিলাভিত্তিক অনুষ্ঠিত হোৱা NASHA MUKT BHARAT ABHIYAN ৰ উপলক্ষত আয়োজিত তৰ্ক, কবিতা, বক্তৃতা, সংগীত আৰু নৃত্য প্ৰতিযোগিতা আমি বিজয়ী হৈ ৰাজ্যিক পৰ্যায়ৰ বাবে নিৰ্বাচিত হৈছো ।

বিজয়ী সকল __
১) বিৰাজ বৰা (আলোক তত্বাৱধায়ক ও সম্পাদক, প্ৰতিস্থাপক)___ কবিতাত ১ম , বক্তৃতাত ৩য় , সংগীতত ২য় ।
২) নৃত্য প্ৰতিযোগিতা _১ম স্থান
__ দীশা কলিতা
মল্লিকা বৰা
মঞ্জু ৰাজখোৱা
দীয়া দত্ত
কাব্যশ্ৰী দত্ত ।

আলোকৰ ফালৰ পৰা পোৱা এই সফলতাত আমি উৎফুল্লিত।
সকলো আগবাঢ়ি যোৱা তাৰে কামনা ।

তত্বাৱধায়ক ও সম্পাদক
আলোক ।
আলোক
Mera Yuva Bharat - MY Bharat
MY Bharat North Lakhimpur
Ministry of Youth Affairs and Sports, Government of India
Ministry of Youth Affairs and Sports, Government of India
NSS India
Biraj Raj Borah

*"আলোক" ৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান****তাং: ০১/০৮/২০২৩**যোৱা ১০ জুলাই তাৰিখৰ পৰা ৩১ জুলাই তাৰিখলৈকে...
02/08/2026

*"আলোক" ৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান**
**তাং: ০১/০৮/২০২৩**
যোৱা ১০ জুলাই তাৰিখৰ পৰা ৩১ জুলাই তাৰিখলৈকে আলোক ৰ উদ্যোগত দক্ষিণ তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে সর্বমুঠ ৮ টাকে কৰ্মশালা সফলতাৰে সম্পন্ন কৰাৰ পাছত ০১/০৮/২০২৩ তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ জোৎস্না হাজৰিকা বাইদেউৰ বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শ্ৰী যুত বুবুল হাজৰিকা ছাৰৰ সভাপতিত্বৰে দিনযোৰা ২২টা কাৰ্যসূচীৰে দিনযোৰা আকৰ্ষণীয় অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বহুকেইটা সংগীতআৰু নৃত্যৰ পৰিবেশন আৰু প্ৰদৰ্শন কৰা হয়। সকলো শিক্ষাগুৰু, নিমন্ত্ৰিত অতিথি আৰু কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা সকলো প্ৰশিক্ষক প্ৰশিক্ষীকাক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ মাজতে লক্ষিমপুৰ জিলাৰ অসম জ্ঞান ভূমি একাডেমীৰ শিক্ষক শ্ৰী যুত দ্বীপেজ্যোতি শইকীয়া ছাৰে ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় AI, ROBOTICS & INNOVATIONৰ ওপৰত বক্তৃতা প্ৰদান কৰে, আলোক ৰ সভাপতি শ্ৰী যুত ভ্ৰিগু মিলি য়ে শাৰীৰিক ব্যায়াম আৰু সু-স্বাস্থ্যৰ ওপৰত এক বক্তৃতা প্ৰদান কৰে আৰু আলোকৰ প্ৰতিষ্ঠাপক , তত্বাৱধায়ক ও সম্পাদক শ্ৰী বিৰাজ বৰাই (মই) ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি LIFE SKILL DEVELOPMENT (জীৱন দক্ষতা বিকাশ) ৰ ওপৰত বক্তৃতা প্ৰদান। কৰোঁ ।আলোকৰ উপ সভাপতি শ্ৰী তথা লক্ষিমপুৰ জিলাৰ Achivers' Academy ৰ শিক্ষক শ্ৰী মান পাপু দাস দাসে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ কথা অৱগত কৰে । ইয়াৰ পাছত কৰ্মশালাৰ অন্তত অনুষ্ঠিত হোৱা সংগীত নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰাৰ‌ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোৰ অন্ত পৰে আবেলি ৩:২০ বজাত ।

এই ক্ষেত্ৰত সহায় সহযোগিতা কৰা সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বয়োজ্যেষ্ঠ তথা অঞ্চলৰ সকলো ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।
ধন্যবাদ
তত্বাৱধায়ক ও সম্পাদক
বিৰাজ বৰা
আলোক
আলোক
Mera Yuva Bharat - MY Bharat
MY Bharat North Lakhimpur
Ministry of Youth Affairs and Sports, Government of India
NSS India Biraj Raj Borah

01/08/2026
আলোক ৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাবিষয় : আত্মপ্ৰতিৰক্ষামূলক দক্ষতা বিকাশ প্ৰশিক্ষণপ্ৰশিক্ষক: শ্ৰী ভৃগু মিলি ,লক্ষিমপু...
25/07/2026

আলোক ৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা
বিষয় : আত্মপ্ৰতিৰক্ষামূলক দক্ষতা বিকাশ প্ৰশিক্ষণ
প্ৰশিক্ষক: শ্ৰী ভৃগু মিলি ,লক্ষিমপুৰ জিলাৰ এজন বিশিষ্ট ক্ৰীড়াবিদ ।

স্হান : দক্ষিণ তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়
সময় : পুৱা ১১ বজাত

বিৰাজ বৰা
তত্বাৱধায়ক ও সম্পাদক
আলোক
6001937904

সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বয়োজ্যেষ্ঠ তথা অঞ্চলৰ সকলো ৰাইজলৈ নিমন্ত্ৰণ জনালোঁ ।‌সময় : পুৱা ১০ বজাত ।যোগ প্ৰশিক্ষক : 👉...
25/07/2026

সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বয়োজ্যেষ্ঠ তথা অঞ্চলৰ সকলো ৰাইজলৈ নিমন্ত্ৰণ জনালোঁ ।‌
সময় : পুৱা ১০ বজাত ।

যোগ প্ৰশিক্ষক : 👉বিশ্বৰেকৰ্ড গঢ়োতা, ৰাষ্ট্ৰীয় পৰ্যায়ত যোগেৰে সন্মান বুটলিবলৈ সক্ষম হোৱা লক্ষিমপুৰৰ আৰ্থ যোগা একাডেমীৰ প্ৰতিষ্ঠাপক আৰু প্ৰশিক্ষিক শ্ৰী জয়লক্ষী পায়েঙ ।

যোগাসন কৰ্মশালাৰ বাবে সকলোৱে তলৰ বস্তুসহ সাজু হৈ আহিব ___

১) যোগাসনৰ বাবে উপযুক্ত 👉 T-shirt (বগা হ'লে ভাল ) , 👉হাফ পেণ্ট ।

(জিঞ্ছ নহ'ব ❌, টান কাপোৰ নহ'ব ❌)

২) যোগাসনৰ বাবে বহিবলৈ যোগা ঢাৰি বা অন্য ঢাৰি বা কোমল কাপোৰ ।

৩) বহী আৰু কলম

৪) পানীৰ বটল

Address

Simaluguri, Kuhiarbari, Panigaon, Lakhimpur
North Lakhimpur
787052

Alerts

Be the first to know and let us send you an email when আলোক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category