19/12/2020
যোৱা ০৭/১১/২০২০ তাৰিখে শিক্ষানগৰী পাঠশালাৰ সৃজন একাডেমীত মাহেকীয়া হোৱাৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে কিছু কথা পতা হয় ।আজিৰ দিনটো মাহেকীয়াক লৈ কিবা বেমাৰ হ'লে গাঁৱৰ মানুহে ডাক্তৰক নেদেখুৱাই বেজৰ ওচৰত যোৱা হে প্ৰত্যক্ষ কৰা হয়। প্ৰতিখন গাঁও বা প্ৰতিঘৰ মানুহৰ তাত যোৱাটো সম্ভৱপৰ নহয়। তথাপিও আমাৰ স্কুলৰ মাননীয়া শিক্ষয়িত্ৰী বাইদেউ সকলক লগত লৈ মাহেকীয়া সম্পৰ্কে ছোৱালী খিনিৰ লগত বিতংকৈ আলোচনা কৰাৰ লগতে নিজৰ অঞ্চল সমূহত গৈ মাহেকীয়া হোৱাৰ সময়ত ল'বলগীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে সকলোকে সচেতন কৰিবলৈ অনুৰোধ জনালোঁ।