06/07/2026
বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা চিন্তাবিদ চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱৰ জন্ম দিৱস উপলক্ষে প্রাথমিক শিক্ষা বিভাগ, বজালীৰ উদ্যোগত আয়োজিত "অসমীয়া গ্ৰন্থ আৰু সাহিত্য" বিষয়ক অনলাইন কুইজ প্রতিযোগিতাৰ ষষ্ঠ দিনৰ প্ৰশ্ন :-
*...সেই উদাৰ আকাশ , সকলোকে সমানে নিজৰ উত্তাপ দান কৰা সূৰ্য , হেজাৰ হেজাৰ বছৰ অশেষ প্ৰাকৃতিক দুৰ্যোগ সহ্য কৰি মূৰ তুলি থিয় হৈ থকা সু-উচ্চ পৰ্বত , চিৰকাল প্ৰবাহিত মন প্ৰাণ হৰা এই বতাহ.. এইবোৰৰ তুলনাত মানুহ সঁচাকৈয়ে অতি নি:স্ব , অতি সামান্য ।...
উদ্দেশ্য যদি অপাৰ্থিৱ হয় , মন যদি শিলৰ ৰেখাৰ দৰে দৃঢ় হয় তেনেহলে শৰীৰৰ ওপৰত কৰা হাজাৰ আঘাতেও আত্মা আৰু মনক স্পৰ্শ কৰিব নোৱাৰে ।...
অপমানৰ ৰক্ত আৰু ক্ষমাৰক্ত একে নহয় ।অপমানৰ ৰক্ত দ্ৰবীয়, কিন্তু ক্ষমা ৰক্ত প্ৰগাঢ় । অপমান মানুহৰ নিজৰ ছাঁ ৰ দৰে , তোমাৰ সংগ সি পৰিত্যাগ নকৰে , অহৰহ সেইকথা সোঁৱৰাই থাকে ।...
এটা ঘটনাক অন্যায় আখ্যা দিয়া লোকৰ সংখ্যা যথেষ্ট, কিন্তু প্ৰকৃত সময়ত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱা লোকৰ সংখ্যা শূণ্য।...
▪️উপৰোক্ত কেইটামান মন পৰশা শাৰীৰে সমৃদ্ধ অসমীয়া ঔপন্যাস খন কি ? (যিখন উপন্যাস ইতিমধ্যে বিভিন্ন ভাৰতীয় ভাষালৈ অনুদিত হৈছে আৰু ইয়াৰ নাট্য ৰূপো দিয়া হৈছে )।
আৰু
▪️ঔপন্যাসিক গৰাকী কোন ?
(ছবি কেইখনৰ সহায়ত ক'ব লাগে)