19/08/2026
আজি ১৯/০৮/২০২৬ ইং তাৰিখ বুধবাৰে, মহিলা আৰু শিশু বিকাশ বিভাগৰ পুঁজিৰে (NIDA Phase - II) নিৰ্মিত বজালী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ১৬৫ নং খাৰাধৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো ২৬ নং বজালী বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্রীযুত ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াৰ হৈ বিশিষ্ট সমাজ কর্মী শ্রীযুত মুকুট কলিতা আৰু শ্রীযুত ৰাতুল ৰয় ডাঙৰীয়াই বজালী জিলা পৰিষদৰ সভানেত্রী শ্ৰীযুতা মিনাক্ষী দাস, বজালী আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰীযুত জিতেন দাস, বজালী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া শ্ৰীযুত ধ্ৰুৱজ্যোতি দাস, অঃ অঃ সেঃ, শ্রীযুত জ্যোতি কুমাৰ দাস, জিলা সমাজ কল্যাণ বিষয়া বজালী, বিশিষ্ট সমাজকৰ্মী তথা স্থানীয় ৰাইজৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ।
Bajali Administration
Panchayat & Rural Development, Assam
Directorate of Women & Child development, Assam
Atul Bora অতুল বৰা