District Agricultural Office, Bajali

District Agricultural Office, Bajali Official Page of District Agriculture Office, Bajali

আজিৰ দিনটোত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে ঘৰে ঘৰেগৈ তথা শিবিৰ অনুষ্ঠিত কৰি কৃষক পঞ্জীয়ন তথা শস্...
24/08/2026

আজিৰ দিনটোত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে ঘৰে ঘৰেগৈ তথা শিবিৰ অনুষ্ঠিত কৰি কৃষক পঞ্জীয়ন তথা শস্য বীমাকৰণৰ কাম সম্পন্ন কৰে।
Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

আজি বজালী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত "প্ৰণালীগত সাৰ বিক্ৰী প্...
19/08/2026

আজি বজালী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত "প্ৰণালীগত সাৰ বিক্ৰী প্ৰক্ৰিয়া"ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে বজালী জিলা আয়ুক্ত শ্ৰীযুত পাৰ্থপ্ৰতীম মজুমদাৰ ডাঙৰীয়াই। ইয়াৰ জৰিয়তে এতিয়াৰে পৰা কৃষকসকলে ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ- "Framework for Fertilizer Sale" নামৰ মোবাইল এপৰ জৰিয়তে ৰাসায়নিক সাৰ বুক কৰিব পাৰিব। লগতে নিজৰ খেতি মাটিত কিমান পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ে খেতিয়কজনৰ কৃষিভূমিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি মোবাইল এপে নিজে নিৰূপণ কৰিব আৰু সেই অনুসৰি সাৰ ক্ৰয় কৰিব পাৰিব। উক্ত অনুষ্ঠানত বজালী জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্ত(কৃষি), জিলা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়াসহ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী সহিতে বিভিন্ন কৃষি চক্ৰৰ পৰা বহুকেইগৰাকী কৃষকৰ লগতে সাৰৰ খুচুৰা বিক্রেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলে অংশগ্ৰহণ কৰে।
Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

জিলাখনৰ প্ৰতিজন কৃষকৰ কৃষক পঞ্জীয়ন (farmer registration) সম্পূৰ্ণ কৰিবৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। বজালী জিলা কৃষ...
07/08/2026

জিলাখনৰ প্ৰতিজন কৃষকৰ কৃষক পঞ্জীয়ন (farmer registration) সম্পূৰ্ণ কৰিবৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। বজালী জিলা কৃষি বিভাগৰ উদ্যোগত বিভিন্ন গাঁৱত অনুষ্ঠিত কৰি থকা শিবিৰ সমূহত আহি নিজৰ কৃষক পঞ্জীয়ন সম্পন্ন কৰিবৰ বাবে কৃষক ৰাইজক অনুৰোধ জনালো।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

আজিৰ দিনটোত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে ঘৰে ঘৰেগৈ তথা শিবিৰ অনুষ্ঠিত কৰি কৃষক পঞ্জীয়ন তথা শস্...
03/08/2026

আজিৰ দিনটোত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে ঘৰে ঘৰেগৈ তথা শিবিৰ অনুষ্ঠিত কৰি কৃষক পঞ্জীয়ন তথা শস্য বীমাকৰণৰ কাম সম্পন্ন কৰে।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

বজালী জিলা কৃষি বিভাগৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ মাজত এইছ.এম.এন.ই.এইচ (HMNEH) আঁচনিৰ অধীনত উন্নতজাতৰ আপ...
01/08/2026

বজালী জিলা কৃষি বিভাগৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ মাজত এইছ.এম.এন.ই.এইচ (HMNEH) আঁচনিৰ অধীনত উন্নতজাতৰ আপেল বগৰীৰ পুলি, ড্ৰেগন ফলৰ পুলি, ক'কোৱা গছৰ পুলি, মধুৰীআমৰ পুলি, আনাৰসৰ পুলি(Sucker আৰু slips) তথা কঁঠালৰ পুলি বিতৰণ কৰা হয়। এই পদক্ষেপৰ জৰিয়তে কৃষকসকলক উচ্চ মূল্যৰ উদ্যান শস্যৰ খেতিৰ প্ৰতি উৎসাহিত কৰাৰ লগতে উদ্যান শস্যৰ খেতিৰ সম্প্ৰসাৰণ, কৃষি বৈচিত্ৰ্য বৃদ্ধি আৰু কৃষকসকলৰ জীৱন-জীৱিকাৰ মানদণ্ড উন্নীতকৰণৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

31-07-2026 আৰু 01-08-2026 তাৰিখত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে অনুষ্ঠিত কৰা কৃষক পঞ্জীয়ন তথা শস...
01/08/2026

31-07-2026 আৰু 01-08-2026 তাৰিখত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে অনুষ্ঠিত কৰা কৃষক পঞ্জীয়ন তথা শস্য বীমা শিবিৰৰ কিছু মূহুৰ্ত।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

আজি জিলা কৃষি বিভাগৰ বিষয়াসকলে কৃষক পঞ্জীয়ন তথা শস্য বীমা শিবিৰ অনুষ্ঠিত কৰে। জিলাখনৰ প্ৰতিজন কৃষকৰ পঞ্জীয়ন সম্পূৰ্ণ ...
30/07/2026

আজি জিলা কৃষি বিভাগৰ বিষয়াসকলে কৃষক পঞ্জীয়ন তথা শস্য বীমা শিবিৰ অনুষ্ঠিত কৰে। জিলাখনৰ প্ৰতিজন কৃষকৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবৰ বাবে আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

আজি জিলা কৃষি বিষয়াৰ উদ্যোগত বজালী জিলাৰ সমূহ ৰাসায়নিক সাৰ বিক্ৰেতাৰ লগত FSAS ব্যৱস্থাৰ ওপৰত এক প্ৰশিক্ষণ তথা আলোচনাচক...
29/07/2026

আজি জিলা কৃষি বিষয়াৰ উদ্যোগত বজালী জিলাৰ সমূহ ৰাসায়নিক সাৰ বিক্ৰেতাৰ লগত FSAS ব্যৱস্থাৰ ওপৰত এক প্ৰশিক্ষণ তথা আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত কৃষি উন্নয়ন বিষয়া তথা কৃষি পৰিদৰ্শক সকল উপস্থিত থাকে। জিলা কৃষি বিষয়া ভূমিধৰ দত্তই সকলো ৰাসায়নিক সাৰ বিক্ৰেতাক নিৰ্ধাৰিত চৰকাৰী মূলত কৃষকক ৰাসায়নিক সাৰ বিক্ৰী কৰিব লাগিব বুলি সকিয়াই দিয়াৰ উপৰিও অসাধু ব্যৱসায়ীৰ উপৰত বিহিত ব্যৱস্থাৰ লোৱা হব বুলি তথা তেনে কামৰ পৰা বিৰত থাকিবৰ বাবে ব্যৱসায়ী সকলক অনুৰোধ জনাই।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

অসমৰ বহুকেইখন জিলাৰ লগতে বজালী জিলাতো অতি কম দিনৰ ভিতৰত সাৰ বিক্ৰী ব্যৱস্থাৰ (Fertilizer Sale Application System) শুভাৰম...
29/07/2026

অসমৰ বহুকেইখন জিলাৰ লগতে বজালী জিলাতো অতি কম দিনৰ ভিতৰত সাৰ বিক্ৰী ব্যৱস্থাৰ (Fertilizer Sale Application System) শুভাৰম্ভণি হব। কৃষক সকলে এই FSAS ব্যৱস্থাৰ জৰিয়তে ৰাসায়নিক সাৰ বুক কৰি নিকটতম দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব। কৃষক সকলক সাৰ বুকিংৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে প্ৰতিখন গাঁৱৰ বিপৰীতে একোজনকৈ সহায়তাকাৰী (facilitator) দিয়া হৈছে । কৃষি সম্প্ৰসাৰণ সহায়ক, গাওঁ প্ৰাধান তথা কৃষি আৰু জীবিকা সখী সকলে সহায়তাকাৰী হিচাবে কৃষক সকলক সাৰ বুকিংৰ সময়ত সহায় কৰিব পাৰিব। সেয়েহে এই ব্যৱস্থাৰ ওপৰত বিষদ বিৱৰণ দাঙি ধৰাৰ উদেশ্যে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত সমূহ সহায়তাকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

কালি আৰু আজিৰ দিনটোত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে অনুষ্ঠিত কৰা কৃষক পঞ্জীয়ন তথা শস্য  বীমা শিব...
29/07/2026

কালি আৰু আজিৰ দিনটোত বজালী জিলাৰ বিভিন্ন গাঁৱত জিলা কৃষি বিভাগৰ বিষয়াসকলে অনুষ্ঠিত কৰা কৃষক পঞ্জীয়ন তথা শস্য বীমা শিবিৰৰ কিছু মূহুৰ্ত।

Pijush Hazarika
Department of Agriculture, Assam
Bajali Administration

Address

Madan Rauta Nagar
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when District Agricultural Office, Bajali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share