02/03/2026
📌 : আগন্তুক দৌল মহোৎসৱ উপলক্ষে জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ৰ নিৰ্দেশ মৰ্মে এন আই এক্ট, ১৮৮১-ৰ অধীনত অহা ইং ৪ মাৰ্চ, ২০২৬ (বুধবাৰ) তাৰিখে সমগ্ৰ জিলাখনতে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।
গুৰুজনাৰ জন্মস্থানৰ আধ্যাত্মিক পৰিৱেশ আৰু দৌল উৎসৱৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণে যাতে উলহ-মালহেৰে এই উৎসৱ পালন কৰিব পাৰে, তাৰ বাবে জিলা প্ৰশাসনে এই চৰকাৰী বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অৱশ্যে পৰীক্ষাৰ দায়িত্বত নিয়োজিত বিষয়া, কৰ্মচাৰী আৰু শিক্ষকসকল অথবা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। সংশ্লিষ্ট সকলো চৰকাৰী বিভাগক ৪ মাৰ্চ তাৰিখে যদি কোনো জৰুৰী বিষয় থাকে, তেন্তে সেয়া যাতে যথাযথভাৱে নিষ্পত্তি কৰা হয় তাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।
এই সন্দৰ্ভত অধিক তথ্য আৰু বিস্তাৰিত বিৱৰণ জানিবলৈ সংলগ্ন কৰা মূল চৰকাৰী অধিসূচনাখন পঢ়ি চাবলৈ অনুৰোধ জনোৱা হ’ল।
On the occasion of the upcoming Doul Mahotsav, as per the directive of the District Commissioner, Shri Devasish Sharma, IAS, a local holiday has been declared across the entire district on 4th March 2026 (Wednesday) under the provisions of the NI Act, 1881.
Considering the spiritual ambience of the birthplace of Gurujana and the significance of the Doul festival, the district administration has taken this decision to enable the public to celebrate the festival with joy and devotion.
However, officers, staff and teachers engaged in examination duties or connected with essential services shall remain exempted from the purview of this holiday. All concerned Government departments have been instructed to ensure that urgent matters, if any, are duly attended to on the said day, i.e., March 4 2026.
To know more, read the attached notification below.
CMO Assam Himanta Biswa Sarma Devasish Sharma Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও