15/08/2026
🇮🇳 ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন 🇮🇳
সাপেখাতী বৃহত্তৰ যুৱ সমাজৰ উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান উদযাপন কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাৰ আসন অলংকৃত কৰে— শ্ৰদ্ধাৰ মাননীয়
* প্ৰদীপ বড়া — অৱসৰপ্ৰাপ্ত শিক্ষক, সাপেখাতী
* শ্মাখন চন্দ্ৰ কাকতি — অৱসৰপ্ৰাপ্ত শিক্ষক, সাপেখাতী
* পৰিমল দত্ত — সমাজকৰ্মী, সাপেখাতী
* জয়ন্ত বৰুৱা — শিক্ষক, শংকৰদেৱ শিশু নিকেতন, সাপেখাতী
* নিপেন গগৈ — অৱসৰপ্ৰাপ্ত সেনা জোৱান, সাপেখাতী
* নীলম সঞ্জীৱ নাথ — ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সাপেখাতী আৰক্ষী থানা
অনুষ্ঠানত উক্ত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানটোত উপস্থিত থাকে সাপেখাতী বৃহত্তৰ যুৱ সমাজৰ সভাপতি শ্ৰীযুত হেমন্ত গগৈ, সম্পাদক শ্ৰীযুত বিজিত টিপমীয়াৰ লগতে বৃহত্তৰ যুৱ সমাজৰ সকলো বিষয়ববীয়া আৰু সদস্যবৃন্দ।
দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি দেশৰ অখণ্ডতা, শান্তি আৰু প্ৰগতিৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰা হয়।
জয় হিন্দ 🇮🇳
জয় আই অসম ❤️