09/06/2025
অহা কালিলৈ অৰ্থাৎ ১০ জুন ২০২৫ তাৰিখ মঙ্গল বাৰে শিৱসাগৰ জিলাৰ বৰ্তমানৰ জিলা সমিতিৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভা শিৱসাগৰ নগৰৰ ঐতিহাসিক কে.পি.এম হলত পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হব। উক্ত সভাত উপস্থিত থাকি দলীয় কায্যকৰ্তা সকলক মাৰ্গদৰ্শণ কৰি বাধিত কৰিব আমাৰ সকলোৰে আদৰৰ বিজেপি অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া দেৱে।
জিলা খনলৈ অহা ৰাজ্যিক সভাপতি মহোদয়ক জিলাখনৰ বিভিন্ন স্তৰৰ কায্যকৰ্তা সকলে ঐতিহাসিক শিৱদ'লৰ সন্মুখৰ পৰা কালি প্ৰসাদ মেম'ৰিয়েল হললৈ পদব্ৰজে সমদল কৰি আদৰি আনিবলৈ প্ৰস্তুতি কৰা হৈছে। সেয়ে উক্ত কায্যসূচীত জিলাখনৰ প্ৰতিটো স্তৰৰ প্ৰতিজন কায্যকৰ্তাক উপস্থিত থাকিবলৈ সন্মানীয় জিলা সভাপতি শ্ৰীযুত বিতোপন ৰাইদঙীয়া দেৱে অনুৰোধ জনাইছে।
জিলা কাৰ্য্যনিৰ্বাহক সভাৰ আপেক্ষিত ব্যক্তি সকল:-
১)ৰাজ্যিকৰ বিষয়ববীয়া, কাৰ্য্যনিবাহক সদস্য,
২) মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া/কাৰ্য্যনিবাহক সদস্য।
৩) সাংসদ, বিধায়ক ৷
৪) পৌৰসভা আৰু জিলা পৰিষদৰ অধ্যক্ষ/অধ্যক্ষা ৷
৫) অধ্যক্ষ আৰু উপাধ্যক্ষ,( ৰাজ্যিক নিকায়/নিগম/আয়োগ/উন্নয়ন পৰিষদ/ স্বায়ত্ত্বশাসিত পৰিষদ)
৬)জিলা বিষয়ববীয়া,
৭) মৰ্চাৰ জিলা সভাপতি,
৮)জিলা কাৰ্য্যনিবাহক সদস্য/বিশেষ আমন্ত্ৰিত সদস্য/স্হায়ী আমন্ত্ৰিত সদস্য সকল।
৯) মণ্ডল সভাপতি আৰু সাধাৰণ সম্পাদক ৷
আপোনালোকৰ উপস্থিতি আৰু গঠনমূলক দিহাপৰামৰ্শই সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ লগতে অনাগত দিনত দলৰ এক সবল সাংগঠনিক ভেটিৰ ৰূপৰেখা নিৰ্ধাৰণ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী।
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
Harish Dwivedi
Bitupon Raidongia
Sushanta Borgohain