Lachit Gogoi

Lachit Gogoi মানৱ সেৱাই জীৱনৰ পৰম আৰু মুখ্য ধৰ্ম
M/s morden handloom common facilitation centre (proprietor)
Ex-vice president OBC morcha BJP (Assam pradesh)

12/08/2026

🙏🙏🙏💐🌹

ৰজত আহোম গগৈ ডাঙৰীয়া,গগৈ ঐক্যমঞ্চৰ এজন গণ্যমান্য কেন্দ্ৰীয় সভাপতি হিচাপে আপুনি যি ভুল তথ্য প্ৰচাৰ কৰিছে, তাৰ বাবে মই এজন...
09/08/2026

ৰজত আহোম গগৈ ডাঙৰীয়া,
গগৈ ঐক্যমঞ্চৰ এজন গণ্যমান্য কেন্দ্ৰীয় সভাপতি হিচাপে আপুনি যি ভুল তথ্য প্ৰচাৰ কৰিছে, তাৰ বাবে মই এজন গগৈ উপাধিধাৰী সাধাৰণ নাগৰিক হিচাপে আপোনাক তীব্ৰ গৰিহণা দিছোঁ আৰু এই কাৰ্যত নিজকে লজ্জিতবোধ কৰিছোঁ।
সামাজিক মাধ্যমত নেপালী জনগোষ্ঠীক লৈ আপুনি যি কটু মন্তব্য কৰিছে, সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আপুনি নিজকে কি বুলি ভাবিছে? এইখন অসম— সকলো জাতি-জনগোষ্ঠী এক হৈ বাস কৰা এনাজৰীৰ অসম। শিলখনন হৈ থকা অঞ্চলত নেপালী সম্প্ৰদায়ৰ লোক বাস কৰাৰ বাবেই বানপানী হয় বুলি ভবাটো এক চূড়ান্ত মূৰ্খামি আৰু কাল্পনিক ধাৰণা। এনে ধৰণৰ ঢুলুঙা মন্তব্যই দুটা সম্প্ৰদায়ৰ মাজত বিভেদ আৰু সংঘাত সৃষ্টি কৰাৰ তীব্ৰ শংকা কঢ়িয়াই আনে।
মই এজন সাধাৰণ আহোম ব্যক্তি হিচাপে বিশ্বাস কৰোঁ যে সকলো জনগোষ্ঠীক একত্ৰিত কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু গৌৰৱৰ বিষয়। স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শই আমাক সমাজত বৈষম্য বা বিভেদ সৃষ্টি কৰিবলৈ নিশিকায়। এই বিপদৰ সময়ত সকলো জনজাতি-জনগোষ্ঠীক নিৰ্বিশেষে সমিলমিলেৰে আগুৱাই লৈ যোৱাটোহে আমাৰ প্ৰকৃত কৰ্তব্য।
(নেপালীসকল বাস কৰা অঞ্চল “নিজৰ ধ্বংসৰ নিজে কাৰণ” বুলি কোৱা কথাষাৰ একেবাৰে অসঙ্গত আৰু অযুক্তিকৰ।)
এজন সাধাৰণ আহোম নাগৰিক হিচাপে আপোনাক অনুৰোধ জনাইছোঁ— জাতি-সমাজৰ মাজত বিভেদ সৃষ্টি কৰা এনে মন্তব্যৰ পৰা বিৰত থাকক। ভৱিষ্যতে যাতে এনে ধৰণৰ অপ্ৰীতিকৰ কথা নিলিখে তাৰে আশা ৰাখিলোঁ।

লাচিত গগৈ
চৰাইদেউ

08/08/2026
আমাৰ মুখ্যমন্ত্ৰী আমাৰ গৌৰৱ🙏🙏🙏🌹🌹🌹
08/08/2026

আমাৰ মুখ্যমন্ত্ৰী আমাৰ গৌৰৱ🙏🙏🙏🌹🌹🌹

06/08/2026

🙏🙏🙏💐

29/07/2026
🙏🙏🙏💐
29/07/2026

🙏🙏🙏💐

"গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰঃ।
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰীগুৰুৱে নমঃ॥"

গুৰু পূৰ্ণিমা ভাৰতীয় সংস্কৃতিৰ এক পৱিত্ৰ উৎসৱ। আমাৰ জীৱনক সঠিক দিশ প্ৰদান কৰা গুৰুজনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ এইয়া এক মহৎ সুযোগ।

গুৰুৱে কেৱল জ্ঞানেই নিদিয়ে, জীৱনৰ সঠিক মূল্যবোধ, আদৰ্শ আৰু কৰ্তব্যৰ পথো দেখুৱায়। মহৰ্ষি বেদব্যাসৰ পৰা আজিৰ যুগৰ শিক্ষকসকললৈকে গুৰু-শিষ্য পৰম্পৰাই আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰি আহিছে।

গুৰু পূৰ্ণিমাৰ এই পৱিত্ৰ ক্ষণত জ্ঞান, প্ৰজ্ঞা আৰু সৎ মূল্যবোধৰ বীজ সিঁচি সমাজ আলোকিত কৰি অহা প্ৰতিগৰাকী গুৰুলৈ সশ্ৰদ্ধ প্ৰণাম জনাই সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

#গুৰু_পূৰ্ণিমা

Address

Sivasagar
Sibsagar
785666

Alerts

Be the first to know and let us send you an email when Lachit Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category