06/11/2022
শিৱসাগৰ জিলাৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা৷
শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অনুষ্ঠিত এই সজাগতা সভাত চৰকাৰৰ বিভিন্ন জনকল্যাণ আঁচনি সমুহৰ লাভালাভৰ উপৰিও কোন সকল হিতাধিকাৰীয়ে এই চৰকাৰী সুবিধা খিনি লাভ কৰিব পাৰে তাৰ ওপৰতো এক মনোগ্ৰাহী কাৰ্যসূচী ৰূপায়িত কৰে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগ ,হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগ , সখী একক অৱস্থান কেন্দ্ৰ , শিৱসাগৰ জিলা কৃষি বিভাগ , শিৱসাগৰ জিলা আৰক্ষী বিভাগকে আদি কৰি বহু কেইটা বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ উপস্থিত থাকি বিভাগ সমুহৰ পৰা লাভ কৰিব পৰা সুবিধা সমুহৰ বিষয়ে অৱগত কৰি জনসাধাৰণক এই সুবিধা সমুহ লবলৈ আহ্বান জনায় ।
শিৱসাগৰৰ অন্যতম এখন মহিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জিলা আৰু সত্ৰ ন্যায়ধীশ , শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়, মুখ্য ন্যায়িক দণ্ডাধীশ , শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান অধক্ষ্য ।
গুৰুত্বপূৰ্ণ বিষয় শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ, জিলা সত্ৰ ন্যায়ধীশৰ লগতে শিৱসাগৰ আইন ব্যৱস্থাৰ বিষয় সচিবৰ বক্তৃতাত নগৰৰ মাজমজিয়াত অনুষ্ঠিত এই বিশাল আইনী সেৱাৰ প্ৰথমখন সজাগতা সভা
সাধাৰণ জনতাৰ সহায়ৰ বাবে অনুষ্ঠিত কৰা জিলা আইন সেৱা প্ৰাধিকাৰীৰ এই সজাগতা সভাত জিলা মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজেশ বড়ো , সত্ৰ ন্যায়ধীশ লুহিত কুমাৰ শইকীয়া , শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ , বিদ্যালয় খনৰ প্ৰধান গৰাকীৰ লগতে আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা পঞ্চ মুখী বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অধিবক্তা গণিতা ফুকনে আঁত ধৰা সজাগতা সভাৰ এই কাৰ্যসূচীত জিলা আৰক্ষী বিভাগৰ হৈ বিশেষ ভাবে বক্তব্য প্ৰদান কৰে উপ আৰক্ষী অধীক্ষক আৰিফ আহমেদে । শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ শিৱসাগৰৰ সচিব সাগৰিকা বৰপূজাৰীয়ে সজাগতা সভাত উপস্থিত সকলোকে আদৰণি সম্ভাষণ জ্ঞাপন কৰাৰ উপৰিও কাৰ্যসূচীৰ শেষত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়াই ।