23/08/2026
শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ বি.এছ.চি. পঞ্চম ষান্মাসিকৰ ছয়গৰাকী ছাত্ৰ-ছাত্ৰী — স্নেহা দাস, নিহাৰিকা বৰুৱা, দীপশিখা দাস, অলিম্পিকা গগৈ, পাৰিজাত কলিতা আৰু ফামিন য়াছমিন আহমেদে — জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া কাৰ্যালয়, শিৱসাগৰত ০১ জুলাই ২০২৬ৰ পৰা ১০ জুলাই ২০২৬লৈ ৬০ ঘণ্টীয়া ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰে।
উক্ত ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী পশু চিকিৎসা বিষয়া (স্থানীয় শাখা),শিৱসাগৰ ডাঃ মাৰ্জিনা বেগম আৰু জিলা ৰোগ নিৰ্ণয় পৰীক্ষাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ মীনাক্ষী কলিতা তত্বাৱধানত সফলতাৰে সম্পন্ন কৰা হয়।
ইণ্টাৰ্ণশ্বিপৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে পশু কল্যাণ, পশু পৰিচালনা, পশু পুষ্টি, পশুৰ আচৰণ, বিভিন্ন পশুৰ টিকাকৰণ ব্যৱস্থা, পশু চিকিৎসা শিবিৰ পৰিদৰ্শন, পশুৰ পৰা মানুহলৈ সংক্ৰমিত হ’ব পৰা ৰোগ, বিভিন্ন পৰজীৱীজনিত ৰোগ, আফ্ৰিকান ছোৱাইন জ্বৰ (ASF)আৰু ক্ষেত্ৰভিত্তিক সমীক্ষা আদি বিষয়ত ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতা অৰ্জন কৰে।
ইণ্টাৰ্ণশ্বিপৰ সমগ্ৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্মনিষ্ঠা, শৃংখলাবদ্ধতা, আন্তৰিকতা আৰু নতুন বিষয় শিকাৰ আগ্ৰহ প্ৰশংসনীয় আছিল। ইণ্টাৰ্ণশ্বিপ সফলতাৰে সম্পূৰ্ণ কৰাৰ স্বীকৃতি স্বৰূপে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া কাৰ্যালয়, শিৱসাগৰৰ তৰফৰ পৰা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল শৈক্ষিক আৰু পেছাগত ভৱিষ্যতৰ বাবে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া কাৰ্যালয়, শিৱসাগৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হ’ল। 💐