সদৌ অসম বাউৰী , ক্ষেত্ৰপাল ,ৰী সমাজ

  • Home
  • India
  • Sibsagar
  • সদৌ অসম বাউৰী , ক্ষেত্ৰপাল ,ৰী সমাজ

সদৌ অসম বাউৰী  , ক্ষেত্ৰপাল ,ৰী সমাজ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সদৌ অসম বাউৰী , ক্ষেত্ৰপাল ,ৰী সমাজ, Social service, Lakwa, Sibsagar.

আমি সমাজ নেতৃত্ব দিয়া সকল সমাজক সুপৰিচালনা কৰাটো আমাৰ কৰ্তব্য । সমাজৰ ধনী , দুখীয়া , শিক্ষিত , অশিক্ষিত সকলোৱে যাতে সন্ম...
30/03/2025

আমি সমাজ নেতৃত্ব দিয়া সকল সমাজক সুপৰিচালনা কৰাটো আমাৰ কৰ্তব্য । সমাজৰ ধনী , দুখীয়া , শিক্ষিত , অশিক্ষিত সকলোৱে যাতে সন্মান সহ জিবন নিৰ্বাস কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সুবেব্যস্থা কৰিব লাগে । যিকোনো সিদ্বান্ত লোৱাৰ আগত নিজৰ সামৰ্থ অনুযায়ি নহয় সমাজৰ সাধাৰন শ্ৰমিক দূখীয়া সকল ওপৰত কি প্ৰভাৱ পৰিব এই বিষয়ে বিবেচনা কৰিব লাগে । সমাজক পৰিচালনা কৰক কিন্তু শাসন নকৰিব । বাইচী পৰম্পৰা গ্ৰাম মাঝী সকল দ্বাৰা সৃষ্টি কৰা শুধিকৰন ৰীতি নীতি । কিন্ত্ৰ জৰিমানৰ দিবলগীয়া ধন টকা অত্যাধিক হৱাৰ বাবে সাধাৰন দুখীয়া খেতিয়ক সকল শোষন হোৱা দেখা গৈছে । বাবে বাইচী দিব নোৱাৰি , বিবাহ হব নোৱাৰিছে । বহু মহিলা বিবাহ নোহোৱাকৈ বিধবা হৈ আছে । মহিলাৰ সৌন্দয্য তথা স্বাভিমান স্বৰূপ সেন্দুৰ নোপোৱাকৈ বিধবা নাৰিৰ সকল সন্মুখত থিয় হৈ পাইছে নে ? বাইচী হওক , বাইচী থাকিব , কিন্তু ব্যক্তিৰ সামৰ্থ বিবেচনা নকৰাকৈ সিদ্বান্ত লোৱাটো নৈতিক সিদ্বান্ত হব নোৱাৰে । ৩০০০ টকা জৰিমনাৰ ধন উপাৰ্জন কৰিব বাবে শ্ৰমিক এজন ১২ দিন শ্ৰম কৰে , চাহ বাগিছাৰ কৰ্মচাৰি প্ৰায় ৩ দিন আৰু চৰকাৰি কৰ্মচাৰি ২ দিন কাম কৰে ইতাদি । গতিকে বাইচী জৰিমনা ধন সযাজত সমান শাস্তি হব নোৱাৰে । শাস্তি এনে হওক যাতে সকলোৱে সমান ভুগিৱ । ১/ অন্য সমাজৰ ছোৱালি আনিলে বাউৰী সমিতিত পদ লোৱাৰ অধিকাৰ নাথাকে । ২/ এক বচৰ লৰা জন সমাজত আনে খোৱা পাত পেলাব , লৰা জন চকীত বহিব নোৱাৰিব আদি শাস্তি হলে ভাল হব । নহলে আৰ্থিক সামৰ্থবান সকল সহজে বাইচী দি সমাজক নিয়ত্ৰণ কৰিব আৰু দূখীয়া সকল বাইচীৰ বাবে ধনৰ অভাবত বিবাহ হব নোৱাৰিব সমাজৰ বাহিত থাকিব । ই কেতিয়াও ন্যায় সিদ্বান্ত হব নোৱোৰে ।কোন সমিতিয়ে বাইচী জৰিমনা ধনৰ হিচাপ ৰাখিছে ? বেংক একাউটত জৰিমনা ধন ৰাখিছে নে ?সাধাৰন শ্ৰমিক দূখীয়া সকলো খুব কষ্টৰে উপাৰ্জন কৰা ধন জৰিমনা হিচাপে গ্ৰহন কৰোটো ঠিকেই কিন্তু ইয়াৰ সদব্যবহাৰ হওক । আহক আমি সকলোৱে সকলোৰ প্ৰতি সন্মান জনাই সমাজৰ বাবে কাম কৰি যামপ্ৰত্যেক গ্ৰামত সামুহিক বাউৰী বাইচী পাতক । আৰু কম বাঝেটত সামাজিক ভুলৰ বাবে কম জৰিমনাৰে সকলোক একে লগে শুধিকৰণ কৰক । ইয়াৰ বাবে ৩ মাহ আগতে সমিতি গঠণ কৰি ৬ কিস্থি কৰি ৫০০ টকা হিচাপে মাত্ৰ ৩০০০ হাজাৰ জৰিমানাতে যদি গ্ৰামত ৫টা মান হলে প্ৰায় ১৫ টকাত গ্ৰাম ভিত্তি কৰক । আপোনাৰ গ্ৰামৰ আপুনি সিদ্বান্ত লওক 🙏 ।
শ্ৰীবসন্ত বাউৰী

"মনেৰ কথা"পঞ্চায়ত নিৰ্বাচনৰ ৰণটংকাৰ বাজিলেই,শাসক-বিৰোধীৰ নাটক আজি আৰম্ভ হ’ব।ভাতৃত্বৰ অভিনয়ত মচগুল হ’ব নেতাসকল,শ্ৰমিকৰ দ...
22/03/2025

"মনেৰ কথা"

পঞ্চায়ত নিৰ্বাচনৰ ৰণটংকাৰ বাজিলেই,
শাসক-বিৰোধীৰ নাটক আজি আৰম্ভ হ’ব।
ভাতৃত্বৰ অভিনয়ত মচগুল হ’ব নেতাসকল,
শ্ৰমিকৰ দুৱাৰত আতিথ্যৰ প্ৰহসন চলিব।

চাহ বাগিচাত পাত চিঙিব হাতেৰে,
মাটিৰ বাটেদি খোজ কাঢ়ি বাগিচাত খাব।
শাসক ৰাজমহলৰ ধন ঢালিব,
শ্ৰমিকৰ হাতত ধন, অথচ ন্যায় নাথাকিব।

নিৰ্বাচন শেষ হ’লে ঢাপলি মাৰি শুই থাকিব,
পাঁচ বছৰ শ্ৰমিকৰ কষ্টক কেঞ্চি মাৰিব।
শ্ৰমৰ গাদীত উঠি পূঁজিপতি হ’ব,
আৰু শ্ৰমিক? কেবল ভোকেৰে দিন গুণিব।

নিৰ্বাচনৰ নাটকত শ্ৰমিকক জনাই আদৰণি,
কিন্তু ভোট পোৱাৰ পাছত পাহৰি যায় সৰুজনক।
শাসক-বিৰোধী সকলো একে পথৰ যাত্ৰী,
শ্ৰমিকৰ বুকুৰ ওপৰত ক্ষমতাৰ খেল।

এতিয়া প্ৰশ্ন—
শ্ৰমিক কেতিয়া সজাগ হ’ব?
কেতিয়া জানিব নিজৰ অধিকাৰৰ কথা?
নামাত্ৰ ধনৰ আশাত নিজক বিক্ৰী নকৰে,
নিজৰ ন্যায়ৰ বাবে সংগঠিত হ’ব?

আহক, মনেৰ কথা পাতো, সঁচা কথা কওঁ,
শ্ৰমিক সমাজে নিজৰ অধিকাৰ বিচাৰি,
শোষণৰ বিৰুদ্ধে মাত উঠাওঁ! মোৰ লগত মনেৰ কথা।

শ্ৰদ্ধাসহ  সদৌ অসম বাউৰী (ক্ষেত্ৰপাল, ৰী) সমাজৰ নেতৃত্ব বৃন্দ আৰু ৰাইজ     গভীৰ কৃতজ্ঞতাৰ সৈতে আপোনালোকক জনাইছোঁ যে আজি,...
10/03/2025

শ্ৰদ্ধাসহ
সদৌ অসম বাউৰী (ক্ষেত্ৰপাল, ৰী) সমাজৰ নেতৃত্ব বৃন্দ আৰু ৰাইজ

গভীৰ কৃতজ্ঞতাৰ সৈতে আপোনালোকক জনাইছোঁ যে আজি, ১০ মাৰ্চ ২০২৫ তাৰিখে, সোনাৰি জিলাৰ কাৰ্য্যালয়ত শ্ৰীবংশিবাদন ক্ষেত্ৰপালৰ সহযোগত সমাজৰ কাৰ্য্যালয় স্থাপন আৰু ৰেজিস্ট্ৰেচনৰ বাবে ভূমি চুক্তি (LAND AGREEMENT) সম্পন্ন কৰা হৈছে।

আপোনালোকৰ আন্তৰিক সহযোগ অব্যাহত থাকিলে, অতি সোনকালে সদৌ অসম বাউৰী (ক্ষেত্ৰপাল, ৰী) সমাজ সমিতিৰ ৰেজিস্ট্ৰেচন সম্পন্ন হ'ব। এই মহৎ উদ্যোগৰ সফলতাৰ বাবে আপোনালোকৰ মূল্যবান সহায়ৰ প্ৰয়োজন আছেই।

বিশেষকৈ, সমাজৰ কল্যাণৰ নিমিত্তে নিজৰ দুই কঠা মূল্যবান ভূমি দান কৰি উদাৰচিত্ত আৰু মহানতাৰ পৰিচয় দিয়া কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক

🔹 শ্ৰীযুত গকুল বাউৰী 🔹

দেৱলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ এই অমূল্য দান অবিহনে সমাজৰ এই বৃহৎ পদক্ষেপৰ বাস্তৱায়ন সম্ভৱ নহ'লহেতেন।

তেখেতৰ এই মহানুভৱতা সদায় স্মৰণীয় হৈ থাকিব।

ইতি,
শ্ৰীবসন্ত বাউৰী
সাধাৰণ সম্পাদক
সদৌ অসম বাউৰী (ক্ষেত্ৰপাল, ৰী) সমাজ

19/02/2025

W.B. পুৰুইলীয়া বাউৰী সমাজ গ্ৰাম ব্যবস্থা বিষয়ে আলোচনা ।

12/02/2025

লাকুৱা পূব বাউৰী গ্ৰামত পতাকা উত্তোলন গ্ৰাম মাঝীৰ দ্বাৰা ০৯/০২/২৫

11/02/2025

Address

Lakwa
Sibsagar
785688

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম বাউৰী , ক্ষেত্ৰপাল ,ৰী সমাজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category