25/08/2026
আজি শিৱসাগৰ পৌৰসভাৰ মাননীয় কাৰ্যবাহী বিষয়া, উপ-পৌৰপতি আৰু নগৰ কাৰিকৰী বিষয়াসকলে পৌৰসভাৰ অন্তৰ্গত বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত স্থল পৰিদৰ্শন কৰে।
প্ৰথমে ভোগেশ্বৰ বৰুৱা পথ আৰু এ.টি. ৰোডকে ধৰি ৰাজহুৱা স্থানত হোৱা পথ আৰু নলাৰ বেদখল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱা হয়।
ইয়াৰ পিছত ফুকননগৰ জল যোগান আঁচনিৰ চলি থকা কাম আৰু থানামুখত নিৰ্মাণাধীন জল যোগান আঁচনি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি, কাৰিকৰী দিশ আৰু সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰা হয়।
শিৱসাগৰ পৌৰসভাৰ উন্নয়নমূলক কামসমূহৰ গুণগত মান আৰু সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত নিয়মীয়া পৰিদৰ্শন আৰু তদাৰকী অব্যাহত থাকিব।