AGP Cachar District

AGP Cachar District Official Page of AGP Cachar District

26/07/2026
শুভ জন্মদিন অগপ'র কার্যকরী সভাপতি তথা আসাম সরকারের কেবিনেট মন্ত্ৰী শ্রীযুক্ত Keshab Mahanta কেশৱ মহন্ত মহাশয়।Happy Birth...
06/07/2026

শুভ জন্মদিন অগপ'র কার্যকরী সভাপতি তথা আসাম সরকারের কেবিনেট মন্ত্ৰী শ্রীযুক্ত Keshab Mahanta কেশৱ মহন্ত মহাশয়।

Happy Birthday Sir! 🎉

24/06/2026
24/06/2026

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বিশিষ্ট সংগীতশিল্পী শ্ৰীমতী বিউটী শৰ্মা বৰুৱা ডাঙৰীয়ানী আৰু বিশিষ্ট নাট্যব্যক্তিত্ব শ্ৰী গুণাকৰ দেৱগোস্বামী ডাঙৰীয়াক সম্বৰ্ধনা জনোৱা হয়।

অগপৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়া আৰু মাননীয় কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াই সম্বৰ্ধনা জ্ঞাপন কৰি অসমীয়া সংগীত জগতলৈ বৰুৱা ডাঙৰীয়ানীৰ সুদীৰ্ঘ আৰু উল্লেখযোগ্য অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে অসমীয়া নাট্যচৰ্চা, লোক-সংস্কৃতি সংৰক্ষণ আৰু সাংস্কৃতিক জাগৰণৰ ক্ষেত্ৰত দেৱগোস্বামী ডাঙৰীয়াই আগবঢ়োৱা অসামান্য অৱদানৰ শলাগ লয়।

শ্ৰীমতী বিউটী শৰ্মা বৰুৱা ডাঙৰীয়ানী অসমীয়া সুগম সংগীত, লোকসংগীত, ভজন আৰু শাস্ত্ৰীয় সংগীতৰ জগতৰ এক সুপৰিচিত নাম। ছয় দশকৰো অধিক সময় ধৰি নিজৰ সুমধুৰ কণ্ঠ আৰু একাগ্ৰ সাধনাৰে তেখেতে অসমীয়া সংগীতক সমৃদ্ধ কৰি আহিছে। তেখেতৰ গীতসমূহে অসমীয়া সংস্কৃতি আৰু সমাজ জীৱনৰ অনুভৱক সজীৱ ৰূপত প্ৰতিফলিত কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্মক সংগীতচৰ্চাৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে।

উল্লেখ্য যে শ্ৰী গুণাকৰ দেৱগোস্বামী ডাঙৰীয়া অসমৰ অন্যতম বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা আৰু নাট্য-গৱেষক। সত্ৰীয়া পৰম্পৰা, লোককলা আৰু আধুনিক নাট্যভাৱনাৰ সৃষ্টিশীল সমন্বয়েৰে তেখেতে অসমীয়া নাট্যজগতলৈ নতুন দিশ উন্মোচন কৰিছে। 'মাটি আখৰা'ৰ দৰে অভিনৱ নাট্য-প্ৰশিক্ষণ পদ্ধতিৰ উদ্ভাৱক হিচাপে তেখেতে দেশ-বিদেশত সমাদৰ লাভ কৰাৰ লগতে সংগীত নাটক অকাডেমী বঁটাসহ বহু সন্মান আৰু স্বীকৃতিৰে বিভূষিত হৈছে।

24/06/2026

Address

Trunk Road
Silchar
788001

Website

Alerts

Be the first to know and let us send you an email when AGP Cachar District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share