Sakhi One Stop Centre Charaideo

Sakhi One Stop Centre Charaideo Women facing physical, sexual,emotion

Sakhi -One Stop Centres (OSCs) are intended to support women affected by violence ,in private and public spaces, within the family,community and at the workplace .

20/11/2025
28/02/2025
যোৱা ইংৰাজী ২৪ জানুৱাৰী ২০২৪ তাৰিখে জিলা মহিলা আৰু শিশু উন্নয়ণ বিভাগ, চৰাইদেউৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, সোণাৰ...
16/02/2024

যোৱা ইংৰাজী ২৪ জানুৱাৰী ২০২৪ তাৰিখে জিলা মহিলা আৰু শিশু উন্নয়ণ বিভাগ, চৰাইদেউৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, সোণাৰীস্থিত পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

যোৱা ইংৰাজী ৭ জানুৱাৰী তাৰিখে WSAF ৰ তত্বাবধাণত আযোজিত মহিলা আৰু শিশুৰ উপৰত হোৱা বিভিন্ন  নিৰ্যাতনৰ ওপৰত হোৱা সজাগতা সভা...
16/02/2024

যোৱা ইংৰাজী ৭ জানুৱাৰী তাৰিখে WSAF ৰ তত্বাবধাণত আযোজিত মহিলা আৰু শিশুৰ উপৰত হোৱা বিভিন্ন নিৰ্যাতনৰ ওপৰত হোৱা সজাগতা সভাত সখী একক অৱস্থান কেন্দ্ৰৰ কেন্দ্ৰ প্ৰশাসক শ্ৰী মতী ইনু ফুকন বাইদেউ সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিভিন্ন নিৰ্যাতনৰ ওপৰত বিস্তিত ভাবে পৰ্যালোচনা কৰে । উক্ত সভাত বিভিন্ন চাহ বাগিচাৰ কৰ্মচাৰীবৃন্দ লগতে বিভিন্ন চাহ বাগিচাৰ ব্যক্তিসকল উপস্থিত থাকে।

মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত তথা জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে  হিংৰিজান বাগিছ...
12/02/2024

মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত তথা জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে হিংৰিজান বাগিছা প্ৰাথমিক বিদ্যালয়ত বাল্য বিবাহ সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে মহকুমাধিপতি(সদৰ) তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া শ্ৰীমতী শ্ৰাৱণা সোনোৱাল। সমল ব্যক্তি হিচাবে সজাগতা সভাখনিত বক্তব্য প্ৰদান কৰে জিলা শিশু সুৰক্ষা কোষৰ সুৰক্ষা বিষয়া শ্ৰী নিৰুপম চুতীয়া আৰু সখী-একক অৱস্থান কেন্দ্ৰৰ কেন্দ্ৰ প্ৰশাসক শ্ৰীমতী ইনু ফুকনে।

ভাৰতবৰ্ষৰ ৭৫ তম গণতন্ত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি  চৰাইদেউ জিলাৰ সখী একক অৱস্থান কেন্দ্ৰৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজিত পত...
12/02/2024

ভাৰতবৰ্ষৰ ৭৫ তম গণতন্ত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি চৰাইদেউ জিলাৰ সখী একক অৱস্থান কেন্দ্ৰৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজিত পতাকা উত্তোলন কাৰ্যসূচীৰ কিছু দৃশ্যাংশ । পতাকা উত্তোলন কৰে কেন্দ্ৰটিৰ কেন্দ্ৰ প্ৰশাসক শ্ৰী মতী ইনু ফুকন বাইদেউৱে । উক্ত কাৰ্যসূচীত কেন্দ্ৰটোৰ কৰ্মচাৰীবৃন্দ লগতে ওচৰ চুবুৰীয়া লোক উপস্থিত থাকে।

যোৱা ইংৰাজী ২৩ জানুৱাৰী ২০২৪ তাৰিখে জিলা মহিলা আৰু শিশু উন্নয়ণ বিভাগ, চৰাইদেউৰ উদ্যোগত  ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, খাগৰ...
24/01/2024

যোৱা ইংৰাজী ২৩ জানুৱাৰী ২০২৪ তাৰিখে জিলা মহিলা আৰু শিশু উন্নয়ণ বিভাগ, চৰাইদেউৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, খাগৰিজান চাহবাগানত অনুষ্ঠিত কৰা হয় ।

যোৱা ইংৰাজী০৬-০১-২০২৪ তাৰিখে  চৰাইদেউ জিলাৰ মহকুমাধিপতি (সদৰ) তথা জিলা সমাজ কল্যাণ বিষয়া শ্ৰীমতী শ্ৰৱণা সোনোৱাল আৰু পোষণ...
11/01/2024

যোৱা ইংৰাজী০৬-০১-২০২৪ তাৰিখে চৰাইদেউ জিলাৰ মহকুমাধিপতি (সদৰ) তথা জিলা সমাজ কল্যাণ বিষয়া শ্ৰীমতী শ্ৰৱণা সোনোৱাল আৰু পোষণ অভিযানৰ জিলা সমন্ধয়ক দ্বীপেন বৰুৱা উপস্থিত হৈ সখীৰ কাৰ্যালয়ৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰে ।

আজি ইংৰাজী  ১১ জানুৱাৰী ২০২৪ তাৰিখে চৰাইদেউ জিলাৰ  মহিলা আৰু শিশু উন্নয়ণ বিভাগৰ উদ্দ্যোগত আৰু অসম ৰাজ্যিক জীবিকা অভিযান ...
11/01/2024

আজি ইংৰাজী ১১ জানুৱাৰী ২০২৪ তাৰিখে চৰাইদেউ জিলাৰ মহিলা আৰু শিশু উন্নয়ণ বিভাগৰ উদ্দ্যোগত আৰু অসম ৰাজ্যিক জীবিকা অভিযান আৰু জিলা আইন সেৱা প্ৰাধিকাৰী, চৰাইদেউৰ সহযোগত মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে হোৱা লিংগ ভিত্তিক হিংসা দূৰীকৰণৰ সন্দৰ্ভত আয়োজিত সজাগতামূলক সভাত সখী একক অৱস্থান কেন্দ্ৰৰ কেন্দ্ৰ প্ৰশাসক শ্ৰী মতী ইন্নু ফুকন সমল ব্যক্তি হিচাপে উপস্থিত থাকে।

যোৱা ২৭ ডিচেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ  বিভিন্ন চাহ বাগানৰ কিছুমান ব্যক্তিয়ে ডব্লিউএছএএফৰ (WSAF) উদ্যোগত সখী একক অৱস্থান...
30/12/2023

যোৱা ২৭ ডিচেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ বিভিন্ন চাহ বাগানৰ কিছুমান ব্যক্তিয়ে ডব্লিউএছএএফৰ (WSAF) উদ্যোগত সখী একক অৱস্থান কেন্দ্ৰ ভ্ৰমণ কৰে। সখী একক অৱস্থান কেন্দ্ৰই মহিলাসকলক প্ৰদান কৰা সহায়ৰ ওপৰত বিতংভাবে আলোচনা কৰা হয় লগতে ঘৰুৱা হিংসা, POCSO আইন আৰু বাল্য বিবাহৰ ওপৰত এখন সজাগতামূলক সভা সখী একক অৱস্থান কেন্দ্ৰ দলৰ দ্বাৰা পৰিচালনা কৰা হয়।

আজি ইউনিচেফৰ শিশু সুৰক্ষা বিষয়া চাইলো আইমোলে সখী একক অৱস্থান কেন্দ্ৰ চৰাইদেউ পৰিদৰ্শন কৰে আৰু আমাক তেওঁৰ মূল্যৱান প্ৰতি...
28/11/2023

আজি ইউনিচেফৰ শিশু সুৰক্ষা বিষয়া চাইলো আইমোলে সখী একক অৱস্থান কেন্দ্ৰ চৰাইদেউ পৰিদৰ্শন কৰে আৰু আমাক তেওঁৰ মূল্যৱান প্ৰতিক্ৰিয়া প্ৰদান কৰে।

*চৰাইদেউত শিশুৰ বিৰুদ্ধে হিংসা, ইতিবাচক পুৰুষত্ব তথা মনো-সামাজিক সমৰ্থনৰ ওপৰত জিলা পৰ্যায়ৰ অভিসৰণ সভা সম্পন্ন*সোণাৰি, ২২...
22/09/2023

*চৰাইদেউত শিশুৰ বিৰুদ্ধে হিংসা, ইতিবাচক পুৰুষত্ব তথা মনো-সামাজিক সমৰ্থনৰ ওপৰত জিলা পৰ্যায়ৰ অভিসৰণ সভা সম্পন্ন*
সোণাৰি, ২২ ছেপ্তেম্বৰঃ এবিটা-ইউনিচেফৰ উদ্যোগত তথা চৰাইদেউ জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সৌজন্যত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ কক্ষত শিশুৰ বিৰুদ্ধে হিংসা, ইতিবাচক পুৰুষত্ব আৰু মনো-সামাজিক সমৰ্থন সন্দৰ্ভত এখনি জিলা পৰ্যায়ৰ অভিসৰণ সভা অনুষ্ঠিত হৈ যায়। সভাখনিৰ উদ্বোধন কৰি মহকুমাধিপতি(সদৰ) তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া শ্ৰাৱণা সোনোৱালে কয় যে বৰ্তমান সমাজত শিশু আৰু মহিলাৰ বিৰুদ্ধে ভয়াৱহভাৱে বাঢ়ি অহা হিংসা প্ৰতিৰোধ কৰিবৰ বাবে প্ৰতিটো বিভাগে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। বিশেষকৈ চাহ-বাগিছা অঞ্চলসমূহত এই সংখ্যা সৰ্বাধিক। পুৰুষৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁলোকে ইতিবাচক নেতৃত্বসুলভ গুণেৰে সমাজক আগুৱাই নিব লাগিব।
পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰে এবিটা-ইউনিচেফৰ চক্ৰ সমন্বয়ক মনোজ গগৈয়ে। সভাত চৰাইদেউ জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ পূৰবী নেওগেও বক্তব্য প্ৰদান কৰে। এবিটা-ইউনিচেফৰ কাৰ্যক্ৰম পৰিচালক মুক্তিকাম বৰদলৈয়ে বিস্তাৰিতভাৱে পাৱাৰপইণ্টসহ পৰ্যালোচনা আগবঢ়ায়।
আজিৰ পৰ্যালোচনা সভাখনত অভয়পুৰ, সাপেখাতী আৰু লাকুৱা প্ৰকল্পৰ বিষয়াত্ৰয় ক্ৰমে মিৰাণ্ডা সোনোৱাল, মৌচুমী গগৈ আৰু সুপ্ৰিয়া বৰদলৈ, সমল মুখ্য সেৱিকাবৃন্দ ক্ৰমে গীতাঞ্জলি গগৈ, শশী ডেকা, মৌচুমী ৰেখা গগৈ আৰু মিতালী বৰা, জিলা শিশু সুৰক্ষা কোষৰ ড° প্ৰীতিমণি গগৈ ফুকন আৰু নিৰুপম চুতীয়া প্ৰমুখ্যে সখী-একক অৱস্থান কেন্দ্ৰ, পোষণ অভিযান আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিৰ কৰ্মচাৰীৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Address

Sonari
785690

Alerts

Be the first to know and let us send you an email when Sakhi One Stop Centre Charaideo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sakhi One Stop Centre Charaideo:

Share

Category