জাগৰণ দ্য ৰাইজিং চান

জাগৰণ দ্য ৰাইজিং চান Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জাগৰণ দ্য ৰাইজিং চান, Social service, Sonari.

শিক্ষাৰ্থীৰ বৌদ্ধিক উত্তৰণৰ পথত আমি হ’ব খোজো এখন সহায়ৰ হাত
সমাজ-সংস্কৃতি-সাহিত‍্য তথা ৰাজ‍্যখনৰ স্বাৰ্থত আমি হ’ব খোজো এটি শক্তিশালী মাত।

নাস্তি বিদ‍্যাসম্ চক্ষু
জয়তু জাগৰণ- দ‍্য ৰাইজিং চান।

৮০ তম্ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা 🌻
15/08/2026

৮০ তম্ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা 🌻

মধ্যপ্ৰদেশৰ "Dil se sewa" শীৰ্ষক এটি প্ৰসিদ্ধ সংস্থাই অসমৰ বানপীড়িতসকলৰ কাষত এষাৰি মাত দিয়াৰ উদ্দেশ্যে আহি অসমত উপস্থি...
03/08/2026

মধ্যপ্ৰদেশৰ "Dil se sewa" শীৰ্ষক এটি প্ৰসিদ্ধ সংস্থাই অসমৰ বানপীড়িতসকলৰ কাষত এষাৰি মাত দিয়াৰ উদ্দেশ্যে আহি অসমত উপস্থিত হৈছেহি। তেওঁলোকে জাগৰণৰ সৈতে যোগাযোগ কৰাত তেওঁলোকক নাজিৰাত থকাৰ ব্যৱস্থা কৰাৰ লগতে জাগৰণৰ সাধাৰণ সম্পাদকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰে আৰু শিৱসাগৰ তথা চৰাইদেউ জিলাৰ বানপানীৰ সম্পৰ্কে আলোচনা কৰে। কাইলৈ জাগৰণৰ নেতৃত্বত তেওঁলোকক বানে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি থৈ যোৱা বিভিন্ন স্থানলৈ লৈ যোৱা হ'ব। উক্ত স্থানত উপস্থিত হৈ তেওঁলোকে বন্যাৰ্তসকলক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াব বুলি জাগৰণ কতৃপক্ষক অৱগত কৰাই।

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ সৌজন্যত আৰু জাগৰণ দ্য ৰাইজিং চানৰ সহযোগত আমি পুনৰবাৰ বানপানীৰ বিভীষিকাত সৰ্বস্বান্ত হো...
31/07/2026

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ সৌজন্যত আৰু জাগৰণ দ্য ৰাইজিং চানৰ সহযোগত আমি পুনৰবাৰ বানপানীৰ বিভীষিকাত সৰ্বস্বান্ত হোৱা বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ তেওঁলোকৰ দুখ-দুৰ্দশাৰ অংশীদাৰ হোৱাৰ এক আন্তৰিক প্ৰয়াস কৰিলোঁ। প্ৰকৃতিৰ প্ৰচণ্ড তাণ্ডৱত ঘৰ-দুৱাৰ, খেতি-পথাৰ, সা-সম্পত্তি হেৰুৱাই অসহায় হৈ পৰা পৰিয়ালসমূহৰ কাষত থিয় দি সাধ্যানুসাৰে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে তেওঁলোকৰ সংকটৰ সময়ত সামান্য হ'লেও স্বস্তি আৰু আশাৰ সঞ্চাৰ কৰিবলৈ আমি আমাৰ সাধ্যানুযায়ী প্ৰয়াস কৰিলোঁ।

আমি জাগৰণ পৰিয়ালে তৃতীয় দিনাও বন্যাৰ্তসকলৰ কাষত থিয় দিছোঁ। কাইলৈ বানে বিধ্বস্ত কৰা লোকসকলৰ বাবে কাপোৰৰ ব্যৱস্থা কৰিছো...
25/07/2026

আমি জাগৰণ পৰিয়ালে তৃতীয় দিনাও বন্যাৰ্তসকলৰ কাষত থিয় দিছোঁ। কাইলৈ বানে বিধ্বস্ত কৰা লোকসকলৰ বাবে কাপোৰৰ ব্যৱস্থা কৰিছোঁ। সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ।

এষাৰি মাত- বন‍্যাৰ্তসকললৈ।🗓️২৪-০৭-২০২৬।পুৱাই চৰাইদেউৰ লাকুৱা আৰু চন্তকলৈ ৰাওনা হ’বলগীয়া জাগৰণৰ দলটিক সাহাৰ্য‍্য পুঁজিৰ স...
25/07/2026

এষাৰি মাত- বন‍্যাৰ্তসকললৈ।
🗓️২৪-০৭-২০২৬।

পুৱাই চৰাইদেউৰ লাকুৱা আৰু চন্তকলৈ ৰাওনা হ’বলগীয়া জাগৰণৰ দলটিক সাহাৰ্য‍্য পুঁজিৰ সিংহভাগ প্ৰদান কৰি হিচাপ-নিকাচৰ অন্তত চাও প্ৰণৱ মিলন গগৈদেৱৰ নেতৃত্বত শিৱসাগৰৰ বানমুখলৈ যাবলগীয়া দলটিৰ সৈতে গৈ শিৱসাগৰীয়া ৰাইজৰ হাহাকাৰ পৰিস্থিতিবোৰ আৰু অসহায় মুখবোৰ দেখি আহিলোঁ।

সন্ধিয়া হোৱাৰ বাবে আজি ৰেচনৰ টোপোলা বিতৰণ কৰিব পৰা নগ’ল। সেয়েহে জিলা আয়ুক্ত তথা প্ৰশাসনৰ সৈতে কথা পাতি সামগ্ৰীবোৰ নিৰ্দিষ্ট ঠাইত প্ৰশাসনৰ তদাৰকত ৰখা হৈছে। কাইলৈ সেইবোৰ বিতৰণ হ’ব।

লাকুৱাৰ বৰবৰুৱামৈদাম নামঘৰত কেইবাজনো বানেৰে বিধ্বস্ত কৰি যোৱা ব্যক্তিৰ কথা আমাক অৱগত কৰাই।সেইমৰ্মে জাগৰণৰ সাঃসম্পাদক চিন...
25/07/2026

লাকুৱাৰ বৰবৰুৱামৈদাম নামঘৰত কেইবাজনো বানেৰে বিধ্বস্ত কৰি যোৱা ব্যক্তিৰ কথা আমাক অৱগত কৰাই।সেইমৰ্মে জাগৰণৰ সাঃসম্পাদক চিন্ময় ভূঞা আৰু কোষাধ্যক্ষ বিতুপন বৰগোহাঁইৰ নেতৃত্বত জাগৰণ উপদেষ্টা সংগীতা বৰুৱা বড়াকে প্ৰমুখ্যে সাতজনীয়া সদস্যৰ এটা তাত উপস্থিত হৈ তেওঁলোকক এবাৰৰ আহাৰ আৰু খোৱা পানী যোগান ধৰোঁ। পৰৱৰ্তী সময়ত চন্তকৰ অতি ভিতৰত বানে বিধ্বস্ত কৰা কেইটামান পৰিয়ালক সাধ্যানুসাৰে জাগৰণে সহায়ৰ হাত আগবঢ়ায়। এইয়া কেতিয়াও যথেষ্ট হ'ব নোৱাৰে।
সকলো আগবাঢ়ি আহক তেওঁলোকৰ কাষলৈ। আমাৰ QR ৰ জৰিয়তে আপোনালোকে তেওঁলোকৰ সুবিধাৰ্থে অৰ্থ প্ৰেৰণ কৰিব পাৰিব। আমি যিমান পাৰোঁ তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়ায় দিম। খোৱাপানী আৰু কাপোৰ যথেষ্ট প্ৰয়োজন।

Address

Sonari
785690

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918099350957

Website

Alerts

Be the first to know and let us send you an email when জাগৰণ দ্য ৰাইজিং চান posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to জাগৰণ দ্য ৰাইজিং চান:

Shortcuts

Share

Category