CYSS Charaideo

CYSS Charaideo "সংগ্ৰাম কৰা পঢ়িবলৈ . . . . .পঢ়া দেশ গঢ়িবলৈ"

18/04/2021
"তুলসীৰ তলে, মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে ।।কাৰ ঘৰত, লগাই চাকি গোঁসাই ফুৰে দিনে ৰাতি অ’ ৰাম, অ’ ৰাম ৰাম ৰ...
17/10/2020

"তুলসীৰ তলে, মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে ।।
কাৰ ঘৰত, লগাই চাকি গোঁসাই ফুৰে দিনে ৰাতি
অ’ ৰাম, অ’ ৰাম ৰাম ৰাম ৰাম।।"

সমূহ অসমবাসী ৰাইজলৈ বাপোতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আশা কৰো এই বিহুৱে অসমীয়াৰ জাতিৰ স্বকীয় গৌৰৱময় ইতিহাসৰ ধ্বজ্বা সগৌৰৱে বহন কৰক।অসমৰ ঘৰে ঘৰে জ্বলি উঠক তুলসী তলৰ চাকি আৰু পথাৰত জ্বলি উঠক আকাশবন্তি। কঙালীৰ গৰ্ভতে অঙ্কুৰিত হওক ভোগালীৰ বীজ।

"কিতাপৰ পাতৰ পৰা শিক্ষক-শিক্ষয়িত্রীসকলে তোমালোকৰ চৰিত্ৰ দিব নোৱাৰে। চৰিত্র গঠন আচল জীৱনৰ পৰাহে আহে। প্রকৃতপক্ষে তোমালোক...
02/10/2020

"কিতাপৰ পাতৰ পৰা শিক্ষক-শিক্ষয়িত্রীসকলে তোমালোকৰ চৰিত্ৰ দিব নোৱাৰে। চৰিত্র গঠন আচল জীৱনৰ পৰাহে আহে। প্রকৃতপক্ষে তোমালোকৰ নিজৰ ভিতৰৰ পৰাহে চৰিত্র বিকাশ হ'ব লাগিব।"

অহিংসাৰ পূজাৰী, জাতিৰ জনক, মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীত তেখেতলৈ জনাইছো সুগভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ‌।

ভাৰতীয় ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী তথা দেশৰ স্বাধীনতা সংগ্ৰামৰ ত অন...
27/09/2020

ভাৰতীয় ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী তথা দেশৰ স্বাধীনতা সংগ্ৰামৰ ত অন্যতম প্ৰভাৱশালী বিপ্লবী ছহিদ-ঈ আজম ভগৎ সিংৰ জন্মদিনত তেওঁক শ্ৰদ্ধাৰে সোঁ‌ৱৰিছো।
তেওঁৰ আদৰ্শৰে সকলোৱে অনুপ্ৰাণিত হওঁ‌ক।

"অক্সিমিত্ৰ অভিযান"ৰ আজি দিনটোৰ কিছু দৃশ্য . . . .লংপতীয়া জুটুলনী গাওঁত . . . . . .
20/09/2020

"অক্সিমিত্ৰ অভিযান"ৰ আজি দিনটোৰ কিছু দৃশ্য . . . .লংপতীয়া জুটুলনী গাওঁত . . . . . .

বিয়াল্লিছৰ পুৱা জ্বলিলে তেজৰ জুই,ক্ষুব্ধ জন-দেৱতা জাগিলে      জাগিলে ধৰ্ষিত-দলিত আত্মা            --- যিবা আছিল শুই ।বি...
20/09/2020

বিয়াল্লিছৰ পুৱা জ্বলিলে তেজৰ জুই,

ক্ষুব্ধ জন-দেৱতা জাগিলে

জাগিলে ধৰ্ষিত-দলিত আত্মা

--- যিবা আছিল শুই ।

বিজুলী প্লাৱনে বিয়পি পৰিলে সেনানীৰ আহ্বান

পূৱে-পশ্চিমে ৰজন-জনালে অগ্নিকবিৰ গান

"তই হ, সাজু হ নৱ - জোৱান"

১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ লগতে প্ৰতিজন বীৰ শ্বহীদৰ এই মৃত্যু তিথিত তেখেতসকলক পুনৰ বাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো । এই ক্ষণত আশা কৰো তেখেতৰ আদৰ্শৰে প্ৰতিজন অসমীয়াৰ অন্তৰত জাতিসত্বা ৰোপিত হওক৷ লগতে প্ৰতিগৰাকী অসমীয়া জীয়ৰীৰ অন্তৰত সাহসেৰে উপচাই দিয়ক যাতে সমাজত নাৰী জাতিৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰূদ্ধে সাহেৰে যুঁজ দিব পাৰে । কনকলতাৰ আদৰ্শৰে অসম খন আকৌ এবাৰ উজলি পৰক ।
।। জয় আই অসম ।।

"অক্সিমিত্ৰ অভিযান"ৰ আজিৰ দিনটোৰ কাৰ্যসূচী  "কানুবাৰী বালিজান প্ৰগতি যুৱ সংঘৰ" সহযোগত  কানুবাৰী বালিজান গাওঁত  সম্পন্ন ক...
19/09/2020

"অক্সিমিত্ৰ অভিযান"ৰ আজিৰ দিনটোৰ কাৰ্যসূচী "কানুবাৰী বালিজান প্ৰগতি যুৱ সংঘৰ" সহযোগত কানুবাৰী বালিজান গাওঁত সম্পন্ন কৰা হয় . . . . .

“ স্বাস্থ্যই পৰম সম্পদ”“সজাগ আৰু সচেতনতাই আপোনাৰ দেহৰ মহৌষধস্বৰূপ”নমস্কাৰবৰ্তমান ক'ৰণাই (ক'ভিড-১৯) অসমত যি ভয়ংকৰ পৰিস্থি...
19/09/2020

“ স্বাস্থ্যই পৰম সম্পদ”
“সজাগ আৰু সচেতনতাই আপোনাৰ দেহৰ মহৌষধস্বৰূপ”
নমস্কাৰ
বৰ্তমান ক'ৰণাই (ক'ভিড-১৯) অসমত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া আমাৰ সকলোৰে বাবে অত্যন্ত বিপদজনক ৷ ক'ৰণাৰ সময়চোৱাত আমাৰ দেহত অস্কিজেনৰ পৰিমাণ পৰ্যাপ্ত পৰিমানে থকাটো অতি প্ৰয়োজনীয়।সেয়েহে আমি আমাৰ গাঁওঁবাসীৰ স্বাস্থ্যৰ প্ৰতিলক্ষ্য ৰাখি এক *অক্সিমিটাৰ* (অক্সিজেন পৰিমাণ মাপ) পৰীক্ষা আয়োজন কৰিছো ৷ গতিকে আপোনাৰ গাওঁৰ সকলোৰে সুস্বাস্থ্যৰ বাবে যথা সময়ত উল্লেখিত স্হানত আপোনাৰ পৰিয়ালৰ সহিতে আহি স্বাস্থ্য ও সমাজ সচেতনতাৰ পৰিচয় দিয়ক ৷

*স্হান - জুটুলনী লাইব্ৰেৰী ফিল্ড।*

*সময়- দেওবাৰ 20 ছেপ্টেম্বৰ, দিনৰ 2.30 ৰ পৰা আৰম্ভ*

যোৱা কালি অৰ্থাৎ ইং ১৮-০৯-২০২০ তাৰিখে আপৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ত "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" চৰাইদেউ জিলা সমিতিখন গ...
19/09/2020

যোৱা কালি অৰ্থাৎ ইং ১৮-০৯-২০২০ তাৰিখে আপৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ত "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" চৰাইদেউ জিলা সমিতিখন গঠন কৰা হয়,লগতে "অস্কিমিত্ৰ অভিযান"ৰ শুভ-আৰম্ভণি কৰা হয়।

"আমি পঢ়িম,আমি যুঁজিম,আমি গঢ়িম"

যদি আপুনিও আমাৰ এই যাত্ৰাৰ সমভাগি হব বিচাৰে তেন্তে যোগাযোগ কৰক-
প্লাৱন বছা-৯৬১৩১৮৪৪০৬
অম্লানজ্যোতি কোঁ‌ৱৰ-৬০০১৫৮৭৪০৯

ৰাষ্ট্ৰীয় নিবনুৱা দিৱস
17/09/2020

ৰাষ্ট্ৰীয় নিবনুৱা দিৱস

ছাত্র যুৱ সংগ্ৰাম সমিতি , চৰাইদেও জিলালৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কৰ্মমুখী আৰু সৰ্বাংগীন উন্নয়নকামী জনগণক উষ্ম আদৰ...
16/09/2020

ছাত্র যুৱ সংগ্ৰাম সমিতি , চৰাইদেও জিলালৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কৰ্মমুখী আৰু সৰ্বাংগীন উন্নয়নকামী জনগণক উষ্ম আদৰণি জনাইছোঁ ।।

সম্প্ৰতি বিশ্ব জনতাৰ চৰ্চাৰ শীৰ্ষত আৰু উদ্যমী নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজনৈতিক ক্ষেত্ৰখনত এক আলোড়ণৰ সৃষ্টি কৰিছে ।।মূল্যবোধৰ ৰাজনীতিয়ে সহস্ৰ জনতাৰ প্ৰাণত আস্থা আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে ।।বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে আম আদমী পাৰ্টি ৰ প্ৰতি জনসাধাৰণৰ সঁহাৰি স্বতঃস্ফূৰ্ত আৰু অভাৱনীয় ।।আহক আমিয়ো প্ৰকৃত উন্নয়নৰ আৰু কেজৰীৱাল ডাঙৰীয়াৰ স্বৰাজৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ এই যাত্ৰাৰ সহযাত্ৰী হওঁ ।। কেজৰীৱাল ডাঙৰীয়াৰ সপোনৰ ভাৰত গঢ়াৰ যি দূৰদৰ্শী পৰিকল্পনা তাক সৰ্বতোপ্ৰকাৰে আগুৱাই নিয়াত আমি ছাত্র যুৱ সংগ্ৰাম সমিতি সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ ।।

#আমাক বিভেদ নালাগে , আমাক সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিব পৰাকৈ এটা শান্তিপূৰ্ণ আৰু সুশৃংখলিত প্ৰেক্ষাপট লাগে ।।

#আমাক ধৰ্মৰ ৰাজনীতি নালাগে , আমাক মূল্যবোধৰ ৰাজনীতি লাগে ।।

#আমাক ধনতন্ত্ৰ নালাগে , আমাক গণতন্ত্ৰ লাগে ।

।।আমি পঢ়িম ।।আমি যুঁজিম ।।আমি গঢ়িম ।।

ছাত্র যুৱ সংগ্ৰাম সমিতি , চৰাইদেও জিলা সমিতি গঠনৰ পূৰ্ণ প্ৰস্তুতি অব্যাহত আছে ।।অহা ইং-১৮-০৯-২০২০ তাৰিখ শুক্ৰবাৰে পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব ।।আমাৰ সৈতে যোগাযোগ কৰিবলৈ তলৰ ফোন নম্বৰত কল কৰক-
ভিক্তৰ গগৈ-8638442515
ইনামূল হুছেইন-8638773469

Address

Parbotipur
Sonari
785690

Alerts

Be the first to know and let us send you an email when CYSS Charaideo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share