10/10/2022
এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে গৃহমন্ত্ৰী অমিত শ্বাহ নেতৃত্বাধীন চৰকাৰী ভাষাক কেন্দ্ৰ কৰি গঠিত সংসদীয় কমিটিৰ প্ৰতিবেদন অনুসৰি শিক্ষানুষ্ঠানত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে।
কমিটিখনে কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে ধৰি সকলো কাৰিকৰী আৰু অকাৰিকৰী শিক্ষানুষ্ঠানত শিক্ষাৰ মাধ্যম বাধ্যতামূলকভাৱে হিন্দী হ’ব লাগিব আৰু লগতে নিযুক্তিৰ ক্ষেত্ৰতো হিন্দীৰ প্ৰয়োজনীয় জ্ঞান নিশ্চিত কৰা আৰু নিযুক্তি পৰীক্ষাত ইংৰাজীৰ ঠাইত হিন্দীৰ প্ৰশ্নকাকত বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে বুলি পৰামৰ্শ দিছে। শিক্ষাৰ কেন্দ্ৰীয়কৰণৰ চেষ্টা আৰু ভাৰতবৰ্ষৰ বৈচিত্ৰতাক উপলব্ধি নকৰি লোৱা এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায় এছ এফ এই অসম ৰাজ্যিক কমিটিয়ে।