14/04/2026
অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ গৰু বিহুৱে অসমীয়া সমাজ জীৱনত গোধনৰ প্ৰতি সন্মান আৰু প্ৰকৃতিৰ সৈতে সম্পৰ্কক প্ৰতিনিধিত্ব কৰে। গৰু বিহু আমাৰ কৃষি সংস্কৃতিৰ এক উজ্জ্বল পৰম্পৰা।
আজি গৰু বিহুৰ দিনটোত সকলো গোধনৰ লগতে গোপালক সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ৰঙালীৰ ৰঙে সকলোৰে মন-প্ৰাণ উছাহ-আনন্দৰে পৰিপূৰ্ণ কৰি তোলক, তাৰেই কামনা কৰিছোঁ।