03/08/2026
যোৰহাটৰ বন্যাক্ৰান্তৰ কাষত চিপিআই(এম) দলৰ প্ৰতিনিধি দল
বানবিধ্বস্ত যোৰহাট জিলাত চি পি আই(এম) দলৰ ৰাজ্যিক কমিটিৰ উদ্যোগত আৰু যোৰহাট জিলা কমিটিৰ সহযোগত আজি সাহায্য অভিযান আৰম্ভ কৰা হয়। চিপিআই(এম) দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক সূপ্ৰকাশ তালুকদাৰৰ নেতৃত্বত আজিৰ কাৰ্যসূচীত যোৰহাট জিলা সম্পাদক তথা ৰাজ্যিক সমিতিৰ সদস্য সুনীল বৰুৱা, জিলা সম্পাদকমণ্ডলীৰ সদস্য ডঃ পিনাকী সেনগুপ্ত, দিব্যেন্দু দাস সহিতে দলৰ যুৱ-ছাত্ৰ সদস্যসকলৰ এটা বৃহৎ দলে সহযোগিতা আগবঢ়ায়। দলৰ প্ৰতিনিধি দলে আজি শ’লমৰাৰ ভোগদৈৰ চিগা মাথাউৰি পৰিদৰ্শন কৰে। ইয়াৰ পিছত পশ্চিম যোৰহাট অঞ্চলৰ ৰৌমাৰি, ৰঙাগৰা, চেঙেলীআটি, খঙীয়া চুক, মজিয়াভেটি আদি ঠাইৰ প্ৰায় ৩০০ ঘৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হয়। চিপিআই(এম) দলৰ পক্ষৰ পৰা চাউল, দাইল, আলু, নিমখ আদি খাদ্যৰ টোপোলাৰ লগতে খোৱা পানী, ব্লিচিং পাউদাৰ, মমবাতি, মহ খেদোৱা ধূপ, চাবোন, চাৰ্ফ, আদি সামগ্ৰী পৰিয়ালসমূহক যোগান ধৰা হয়।
ইতিমধ্যেই বানাক্ৰান্ত জিলা কেইখনৰ চিপিআই(এম) দলৰ সদস্যসকলে বানাক্ৰান্ত অঞ্চলত খা-খবৰ লোৱাৰ লগতে সহায়-সহযোগিতা কৰা কামত যুক্ত হৈ আছে। কাইলৈ আৰু পৰহিলৈ দলৰ ৰাজ্যিক প্ৰতিনিধি দলটোৱে শিৱসাগৰ জিলা পৰিদৰ্শন কৰিব আৰু শিৱসাগৰ জিলাত বানাক্ৰান্তৰ সাহায্যৰ কাম-কাজত নিয়োজিত হ’ব।