07/08/2026
আপোনালোক সকলোকে জনাৱলৈ পাই সুখী হৈছোঁ যে পাটনাত মোৰ যাৱতীয় চিকিৎসা অন্ত পেলাই মই ইতিমধ্যে শুৱালকুছিস্থিত বাসগৃহলৈ নিৰাপদে ঘূৰি আহিছোঁ। বৰ্তমান মোৰ স্বাস্থ্য পূৰ্বতকৈ বহুত উন্নত।
চিকিৎসাৰ বাবে ব্যস্ত থকাৰ হেতুকে কেইদিনমান পূৰ্বে শুৱালকুছিত অনুষ্ঠিত হৈ যোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশেষ অনুষ্ঠানটিত মই শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰ বাবে মই আন্তৰিকতাৰে দুঃখিত।
কিন্তু মোৰ বাবে আটাইতকয়ে সৌভাগ্যৰ আৰু আনন্দৰ বিষয় যে, যোৱাকালি বিদ্যাৰ্থী পৰিষদৰ শুৱালকুছি শাখাৰ সন্মানীয় বিষয়ববীয়াসকলে মোৰ শুৱালকুছিস্থিত বাসগৃহলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লয় আৰু মোক এক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
বিদ্যাৰ্থী পৰিষদৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা ভাই-ভনীলৈ মোৰ মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ দৰে নিষ্ঠাৱান যুৱ শক্তিয়ে আমাৰ সমাজখনক সদায় এক সঠিক দিশ দেখুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস।
Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
Pijush Hazarika
Ashok Singhal
Ranjit Bhattacharya
ABVP Assam