08/08/2021
উদ্যোক্তা হীৰা গোস্বামীৰ থলুৱা খাদ্য প্ৰস্তুতকৰণেৰে জীৱিকা উত্তৰণৰ দিশত অগ্ৰসৰ
আত্মনিৰ্ভৰশীল নাৰীয়ে প্ৰতিটো খোজত সমাজখনক গৌৰৱান্বিত কৰাৰ লগতে নিজৰ আৰ্থিক নিৰাপত্তাৰ দিশটো সক্ৰিয় কৰি তুলিছে। ন-দুৱাৰ খণ্ডৰ অংকুৰ আত্মসহায়ক গোটৰ সৈতে জড়িত সদস্যা হীৰা গোস্বামীয়ে এগৰাকী উদ্যোগী ৰূপে নিজক গঢ় দি আন মহিলাসকলক উৎসাহিত কৰি তুলিবলৈ সক্ষম হৈছে।
বেলৰ চৰবত, কৰদৈ চৰবত, আম আৰু জলফাইৰ আচাৰৰ লগতে বাঁহৰ গাঁজ তথা জেলী, অসমৰ থলুৱা খাদ্য ক্ৰমে কোমল চাউল, ভজা কোমল চাউল, কড়াই গুড়ি ইত্যাদি সামগ্ৰী প্ৰস্তুতিৰে নিজ ব্যৱসায়ত অগ্ৰগতি লাভ কৰে। বিগত ২০১৫ চনৰ জুলাই মাহত অসমৰ কৃষি বিভাগৰ অধীনৰ কেন্দ্ৰীয় কেনিং আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা ফল আৰু পাচলি সংৰক্ষণৰ ওপৰত তিনিদিনীয়া প্ৰশিক্ষণ লাভ কৰাৰ পিছতেই এক সৰু ধাৰণাৰে সেই বছৰৰ অক্টোবৰ মাহত খাদ্য প্ৰক্ৰিয়াকৰণ গোটটো আৰম্ভ কৰা হৈছিল।
প্ৰথমাৱস্থাত প্ৰায় ১৭,০০০ টকাৰ পৰা ২০,০০০ টকা বিনিয়োগ কৰি বেলৰ চৰবত, কৰদৈ চৰবতেৰে হীৰা গোস্বামীয়ে তেওঁৰ ব্যৱসায় আৰম্ভ কৰিছিল। এই বিনিয়োগৰ সৈতে কেঁচা সামগ্ৰী, পৰিবহণৰ লগতে পেকেজিং ব্যয় অন্তৰ্ভূক্ত হৈ আছিল।
পৰৱৰ্তী সময়ছোৱাত, হীৰা গোস্বামীৰ চৰবতৰ উৎপাদন পূৰ্ণগতিত চলি থকাৰ সমান্তৰালভাৱে তেওঁ অন্যান্য আচাৰৰ লগতে জাম জেলীও প্ৰস্তুতিত ব্যস্ত হৈ পৰে।
সাম্প্ৰতিক সময়ছোৱাত ক'ৰোণা সৃষ্ট পৰিৱেশৰ বাবে তেওঁ অধিক উৎপাদন কৰিবলৈ সক্ষম নহয় যদিও এই পৰিস্থিতিৰ উন্নতিৰ পিছত ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ আৰু অধিক উৎপাদন কৰিবলৈ হীৰা গোস্বামী দৃঢ়প্ৰতিজ্ঞ।
Passion and motivation are the two main ingredients of Smt Hira Goswami’s entrepreneurial dream
Self-reliant women are making the society proud and securing the economy at every step of the way. A member of Ankur SHG under Naduar Block of Sonitpur District, Smt Hira Goswami is shaping herself as an entrepreneur and inspiring other women at the same time.
She started her food processing unit in October,2015. It started with a small idea after receiving a 3 days training on Fruits & Vegetable Preservation in July, 2015 held at Community Canning & Training Centre, Tezpur under Department of Agriculture, Assam. With the introduction of new products, she has grown her business today. In addition to Wood Apple Squash(Belor Sharbat), Star Fruit Squash (Kordoi Sharbat), she also prepares Mango/Bamboo Shoot/Olives/ Pickles, Roselle Jelly (Tenga Mora), and ready-to-eat traditional Assamese food products such as Kumol Sauul, Bhaja Kumol Sauul, Korai Guri etc.
Initially, the project started with wood apple and star fruit squashes with a minimal investment of approximately ₹17,000-20,000 which included raw materials, transportation and packaging costs.
In the next phase, along with the production of squashes products like Pickles, Traditional Snacks, Jam & Jelly were also added.
Currently, because of the impact of COVID-19 she is only producing a minimal number of products but once the situation improves she has plans to expand the business. ASRLM wishes for her growth and success.