Kishore Upadhyay

Kishore Upadhyay Official page of Kishore Kr. Upadhyay. Spokesperson, BJP Assam Pradesh & Chairman, Assam Small Industry Development Corporation, Govt. of Assam.
(1)

BJP Assam Pradeshৰ লোকসভাৰ বিস্তাৰক সকলৰ লগত এক বৈঠকত অংশগ্ৰহণ কৰোঁ। বৈঠকত সাংগঠনিক সাধাৰণ সম্পাদক Ravindra Raju, সাধাৰণ...
08/10/2023

BJP Assam Pradeshৰ লোকসভাৰ বিস্তাৰক সকলৰ লগত এক বৈঠকত অংশগ্ৰহণ কৰোঁ। বৈঠকত সাংগঠনিক সাধাৰণ সম্পাদক Ravindra Raju, সাধাৰণ সম্পাদক Pulok Gohain, বিস্তাৰক যোজনাৰ ৰাজ্যিক সংযোজক Dr. Vijay Kumar Guptaৰ লগতে অন্যান্য সকলৰ লগত উপস্থিত আছিল।

Bharatiya Janata Party (BJP)

অহা ৬ আৰু ৭ ডিচেম্বৰত আমেৰিকাৰ নিউইয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া THE AI SUMMIT NEWYORK আন্তৰাষ্ট্ৰীয় সন্মিলনত  অংশগ্ৰহণ কৰিবল...
08/10/2023

অহা ৬ আৰু ৭ ডিচেম্বৰত আমেৰিকাৰ নিউইয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া THE AI SUMMIT NEWYORK আন্তৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্রণ পাইছো। বিশ্বজোৰা এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ বাবে মই কৃতজ্ঞ।

08/10/2023

Narendra Modi
Bharatiya Janata Party (BJP)

08/10/2023

সহজ সৰল গাওঁবাসীক খ্ৰিষ্টিয়ান মিছনেৰিয়ে ধৰ্মান্তৰন কৰিবলৈ যাওঁতে গাওঁবাসীয়ে খেদি পঠিওৱা দেখি বিশ্বাস হ'ল যে, আমাৰ মানুহৰ আত্মবিশ্বাস আৰু নিজৰ ধৰ্মৰ প্ৰতি দায়বদ্ধতা বাঢ়িছে। 
Organiser Weekly

08/10/2023

এইবাৰ চীনত অনুষ্ঠিত হোৱা ভাৰতে ইতিহাস সৃষ্টি কৰি ১০৭ টা মেডেল পাবলৈ সক্ষম হ'ল। আমি যদি তুলনা কৰি চাওঁ তেন্তে দেখিম ২০০৬, ২০১০ আৰু ২০১৪ৰ এছিয়ান গেমছত ভাৰতে ক্ৰমে ৫৩, ৬৫ আৰু ৫৭টা মেডেলহে পাবলৈ সক্ষম হৈছিল।

কিন্তু মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi শাসনলৈ অহাৰ পিছত খেলৰ প্ৰতিও সিমানেই মনোনিবেশ কৰিলে যিমান অন্যান্য ক্ষেত্ৰত কৰিলে। ২০১৮ চনত মেডেল ৭০টালৈ বৃদ্ধিৰ বিপৰীতে এইবাৰ ১০৭টালৈ অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে। চৰকাৰে বিগত বছৰবোৰত
Fit India Movement, Khelo India Scheme, Sports Talent Search Portal, Sports and Games for Persons with Disabilities Scheme, Target Olympic Podium Scheme আঁচনিবোৰৰ জৰিয়তে খেলুৱৈসকলৰ বাছনিৰ পৰা প্ৰশিক্ষণলৈ সকলো সুবিধা প্ৰদান কৰিছে। ইয়াৰ ফলত ভাৰতে এছিয়ান গেমছ ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

BJP Assam Pradesh
Bharatiya Janata Party (BJP)

মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াই, BJP Assam Pradeshৰ মাননীয় সভাপতি Bhabesh kalita ভৱেশ কলিতা ডাঙৰীয়াৰ উপ...
07/10/2023

মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াই, BJP Assam Pradeshৰ মাননীয় সভাপতি Bhabesh kalita ভৱেশ কলিতা ডাঙৰীয়াৰ উপস্থিতিত মুখপাত্ৰ আৰু পেনেলিষ্টসকলৰ লগত কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ।

মত বিনিময় অনুষ্ঠানটোৰ আঁত ধৰে দলৰ মুখ্য মুখপাত্ৰ Manoj Baruahই

CMO Assam

07/10/2023

Himanta Biswa Sarma

মাননীয় মুখ্যমন্ত্রী Himanta Biswa Sarmaই আজি তামুলপুৰ জিলাৰ জাৰতালুকত বৰমা-ধমধমা-তামুলপুৰ পথত নৱনির্মিত পকী দলংখন শুভ উদ...
05/10/2023

মাননীয় মুখ্যমন্ত্রী Himanta Biswa Sarmaই আজি তামুলপুৰ জিলাৰ জাৰতালুকত বৰমা-ধমধমা-তামুলপুৰ পথত নৱনির্মিত পকী দলংখন শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। উল্লেখযোগ্য যে ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ২৯ কোটি ৫৭ লাখ টকা ব্যয় সাপেক্ষে দলংখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই দলংখনৰ দৈৰ্ঘ্য ১৯৩.৪৮০ মিটাৰ। এই দলংখনে তামুলপুৰ জিলাৰ লগত বাক্সা জিলা সংযোগ সাধন কৰিব। পূৰ্বতে এই দুয়োখন জিলা সংযোগ কৰিবলৈ কোনো বিকল্প পথ যোগাযোগ নাছিল।

এই উপলক্ষে তামুলপুৰত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই দলংখনৰ শুভ উদ্বোধনৰ লগে লগে বি টি আৰৰ পথ যোগাযোগ ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰিলে। এতিয়া তামুলপুৰ আৰু বাক্সাৰ মাজত যাতায়াত ব্যৱস্থা সূচলত হোৱাৰ লগতে তামুলপুৰ-মুছলপুৰৰ মাজত ভ্ৰমণৰ দূৰত্ব ৭৪ কিঃমিঃৰ পৰা ৩৭ কিঃমিঃলৈ আৰু যাত্ৰাৰ সময় ২ ঘণ্টাৰ পৰা ১ ঘণ্টালৈ হ্ৰাস পাব বুলিও তেওঁ কয়। পাগলাদিয়া নদীৰ ওপৰত নির্মিত এই দলংখনে কমেও ২৫ হাজাৰ লোকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব ।

মুখ্যমন্ত্রীয়ে কয় যে জনসাধাৰণৰ সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে তামুলপুৰ জিলা ঘোষণা কৰিছিল। সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে সাময়িকভাৱে কিছুদিনৰ কাৰণে জিলাখনৰ স্বীকৃতি স্থগিত কৰিবলগীয়া হৈছিল। যদিও বৰ্তমান তামুলপুৰ জিলাই পূৰ্বৰ মৰ্যাদা ওভতাই পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে জিলা আয়ুক্তয়ো নিয়মীয়া কাম-কাজ আৰম্ভ কৰিছে। কুমাৰীকাটা-কাউলি গুৱাবাৰী পথত মটঙা নদীৰ ওপৰত দুখন, বাল্টি নদীৰ ওপৰত এখন, দক্ষিণ কুমাৰীকাটা নাগ্ৰীজুলি পথৰ ওপৰত মটঙা নদীৰ ওপৰত আন এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণকাৰ্য অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে পাগলাদিয়া নৈৰ ওপৰত আন এখন দলও নিৰ্মাণৰ পদক্ষেপ হাতত লোৱা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে তামুলপুৰ আৰু বাক্সা জিলাৰ মাজত যোগাযোগ ব্যৱস্থা অতি সূচল হৈ পৰিব।

মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে ধমধমাৰ পৰা তামুলপুৰলৈ ২৬ কিঃমিঃ দৈৰ্ঘৰ পথটো অসম মালা অধীনত দ্বৈতপথ কৰা হ'ব। এই ক্ষেত্ৰত ৰাইজে সহযোগিতা আগবঢ়াব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰ আৰু বি টি চি চৰকাৰে বি টি আৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক বিকাশ অধিক দ্রুতকৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ৬০০ কোটি টকা ব্যয় সাপেক্ষ তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কাম পূর্ণ গতিত চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখন নিৰ্মাণ হৈ উঠিলে জনসাধাৰণ বিশেষকৈ বি টি আৰৰ অন্তৰ্গত লোকসকলৰ স্বাস্থ্য সেৱাৰ দিশত বহু সহায়ক হৈ উঠিব।

মুখ্যমন্ত্ৰীয়ে তামুলপুৰত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ২৫ কোটি টকা, তামুলপুৰ আৱৰ্ত্ত ভৱনৰ বাবে ৫ কোটি টকা আৰু তামুলপুৰত স্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলিও ঘোষণা কৰে। এই কামসমূহ অহা জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত দিনত যোগ্য মহিলাসকলক অৰুণোদয় হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত কৰা হ'ব।

আজিৰ এই অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম , বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, সাংসদ দিলীপ শ‍ইকীয়া উপস্থিত থাকে।

BJP Assam Pradesh
Pramod Boro
Dilip Saikia
BJP Baksa District official

05/10/2023

আজি সন্ধিয়া ৭.৪৫বজাত NB News ৰ লাইভ অনুষ্ঠানত উপস্থিত থাকিম

৩ অক্টোবৰৰ দিনা   নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ  কলাক্ষেত্ৰত অনষ্ঠিত বাৰ্ষিক সভাত উপস্থিত থাকোঁ। Bhattadev University : Ba...
05/10/2023

৩ অক্টোবৰৰ দিনা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ কলাক্ষেত্ৰত অনষ্ঠিত বাৰ্ষিক সভাত উপস্থিত থাকোঁ। Bhattadev University : Bajaliৰ অধ্যাপিকা Binita Bora Dev Choudhuryৰ পৰিচালনাত অনুষ্ঠিত সভাত ক্ষুদ্ৰ উদ্যোগীকৰণৰ জৰিয়তে মহিলা সৱলীকৰনৰ ওপৰত আলোকপাত কৰোঁ। সভাত Wariors সভাপতি Utpal Shivam, Sonmoni Bayan ৰ লগতে তেওঁলোকৰ সতীৰ্থসকল উপস্থিত আছিল।

BJP Assam Pradesh
05/10/2023

BJP Assam Pradesh

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰত চৰকাৰৰ জনহিতাৰ্থে বৃহৎ সিদ্ধান্ত।

এতিয়াৰে পৰা উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছৰ গ্ৰাহক সকলে মাত্ৰ ৬০০ টকাতে লাভ কৰিব চিলিণ্ডাৰ।

05/10/2023

তামুলপুৰ আৰু বাকছাৰ মাজৰ দূৰত্ব কমাবলৈ ২৯.৫ কোটি ব্যয়েৰে মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত বৰমা-ধমধমা- তামুলপুৰ সংযোগী পথৰ আৰ চি চি দলং আজি উদ্বোধন কৰা হ'ব।

১৯৩ মিটাৰ দৈৰ্ঘ্যৰ দুয়োকাষে ৩৩৫ মিটাৰ এপ্ৰ’চ ৰোড থকা এই দলংখন গাইড বান্ধেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও ষ্ট্ৰীট লাইট, বাগিচা, ক্ৰেচ বেৰিয়াৰ আৰু গাৰ্ড পোষ্ট অন্তৰ্ভুক্ত কৰা হৈছে

এই দলংৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ:
◆তামুলপুৰ আৰু বাকছাৰ মাজত পোনপটীয়া সংযোগ।

◆ তামুলপুৰ আৰু মুছলপুৰৰ মাজৰ দূৰত্ব ৭৪কিলোমিটাৰৰ পৰা ৩৭কিলোমিটাৰলৈ হ্ৰাস তামুলপুৰ আৰু মুছলপুৰৰ মাজৰ যাত্ৰাৰ সময় ২ ঘন্টাৰ পৰা ১ ঘন্টালৈ হ্ৰাস।

◆ এই দলংখনে ১২খনতকৈও অধিক গাঁৱত বিস্তৃত ২৫ হাজাৰ লোকক পোনপটীয়াকৈ উপকৃত কৰিব ।

◆ ইয়াৰ দ্বাৰা শৈক্ষিক আৰু চিকিৎসা সুবিধাসমূহৰ সংযোগৰ সুবিধা বৃদ্ধি পাব।
BJP Assam Pradesh

Address

Tezpur
784149

Alerts

Be the first to know and let us send you an email when Kishore Upadhyay posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kishore Upadhyay:

Share

Category