All Assam Minorities Students' Union

All Assam Minorities Students' Union This is a group of student union AAMSU
and AAMSU was situated on 1989 by Abdul Hai as president

15/10/2017

মাননীয় উচ্চতম ন্যায়ালয়ত পঞ্চায়তৰ প্ৰমাণপত্ৰৰ বৈধতা আৰু অসমৰ প্ৰকৃত বাসিন্দা (Original Inhabitant) সম্পৰ্কীয় গোচৰৰ শুনানীঃ

NRC ত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ লগত বিবাহিত মহিলা সকলে দাখিল কৰা পঞ্চায়ত সচিবৰ প্ৰমাণপত্ৰক মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণযোগ্য নহব বুলি কৰা ৰায়ক প্ৰত্যাহ্বান জনাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু, মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তৰ অসম ৰাজ্যিক সমিতি, অসম মহিলা ছচিয়েল জাষ্টিচ ফৰাম, ভুক্তভোগী মহিলা ছুফিয়া বেগমে মাননীয় উচ্চতম ন্যায়ালয়ত দাখিল কৰা পৃথক পৃথক আবেদনৰ আজি ১২ অক্টোবৰ, ২০১৭ ইং তাৰিখে মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ নবিন সিনহাৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত শুনানী অনুষ্ঠিত হয়। শুনানী কালত আবেদনকাৰীৰ অধিবক্তাই পঞ্চায়তৰ প্ৰমাণপত্ৰক বাহাল ৰাখিবলৈ মাননীয় আদালতত যুক্তি প্ৰদৰ্শন কৰি কয় যে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ মহাপঞ্জীয়ক, NRC ৰ কতৃপক্ষ, আমছু, আছু আৰু অন্যান্য দল সংগঠনৰ ঐক্যমতত যিসকল লোকে বিশেষকৈ বিবাহিত মহিলা সকলে নিজৰ পিতৃ বা পূৰ্বপুৰুষৰ লগত সংযোগ স্থাপন কৰিবলৈ পঞ্চায়তৰ সচিবে প্ৰদান কৰা আৰু সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়া অথবা ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা কাউন্টাৰ ছিগ্নেচাৰ কৰাই জমা দিবলৈ NRC ৰ কতৃপক্ষই ৰাইজক বহুল প্ৰচাৰ কৰিছিল আৰু সেইমতে ৰাইজে জমা দিয়াৰ পাছত NRC ৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়ত এই নথি বাতিল কৰাটো অযুক্তিকৰ হব। এনে পঞ্চায়তৰ প্ৰমাণপত্ৰক তন্ন তন্নকৈ পৰীক্ষা কৰি হলেও ভুক্তভোগী ৪৮ লাখ মহিলাক বঞ্চিত নকৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ সকলো অসমবাসীৰ নাম অন্তৰ্ভুক্ত কৰি একে সময়ত একেলগে নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ আদালতত যুক্তি আগবঢ়ায়। নাগৰিক পঞ্জীখন শুদ্ধ আৰু স্বচ্ছতাৰে তথা সকলো ক্ষুদ্ৰ-বৰ জাতি জনগোষ্ঠীৰ লোকৰ নাম অন্তৰ্ভুক্তিৰে হোৱাটো সকলোৱে বিচাৰি আছে তেনে সময়ত ৪৮ লাখ বিবাহিতা মহিলাক বঞ্চিত কৰি খচৰা প্ৰকাশ কৰাটো অনুচিত হব।
আনহাতে NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই মাননীয় উচ্চতম ন্যায়ালয়ৰ যোৱা তাৰিখৰ নিৰ্দেশনা অনুযায়ী ৪৮ লাখ বিবাহিতা মহিলাৰ ভিতৰত ১৭.৪০ লাখ মহিলাক Original Inhabitant, ১.২৪ লাখ অবিবাহিতা মহিলা, ২.৩২ লাখ পুৰুষ আৰু ২৬.১৩ লাখ বিবাহিতা মহিলা বুলি চিনাক্ত কৰি মাননীয় আদালতত এক প্ৰতিবেদন দাখিল কৰে। উক্ত প্ৰতিবেদন অনুসৰি ১৭.৪০ লাখ বিবাহিতা মহিলাৰ নাম এন আৰ চিৰ খচৰা তালিকাত পোনপটীয়াকৈ অন্তৰ্ভুক্ত হব। বাকী সকলৰ নাম অন্তৰ্ভুক্তি সম্পৰ্কে তথা পঞ্চায়তৰ প্ৰমাণপত্ৰৰ বৈধতাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাজমেন্ট সঠিক আছিল নে নাই সেই সম্পৰ্কে অহা ১৫ নৱেম্বৰ তাৰিখে পুনৰ শুনানী অনুষ্ঠিত হব। আজিৰ শুনানীকালত এই গোচৰত প্ৰতিপক্ষ হব বিচৰা কোনো পক্ষৰে আবেদন গ্ৰহণ নকৰে বুলি ন্যায়ালয়ে মত প্ৰকাশ কৰে।

আনহাতে অসমৰ ক্ষেত্ৰত প্ৰকৃত বাসিন্দা (Original Inhabitant) কোন বা Original Inhabitant ৰ সংজ্ঞা কি আৰু Original Inhabitant চিনাক্ত কৰাৰ উপায় কি বা গাইডলাইন কি হব এই সম্পৰ্কত আমছুৱে মাননীয় উচ্চতম ন্যায়ালয়ত নতুন এক আবেদন (IA No 101687/2017) দাখিল কৰাত উচ্চতম ন্যায়ালয়ে উক্ত আবেদন গ্ৰহণ কৰি পৰবৰ্তী শুনানী অহা ১৫ নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰিব বুলি নিৰ্দেশনা দিয়ে।
আজিৰ শুনানীকালত আবেদনকাৰী পক্ষৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা সকল ক্ৰমে ছলমান খুৰশ্বিদ, বিবেক কৃষ্ণা তাংখা আৰু সঞ্জয় হেগড়েক ফোজাইল আহমেদ আইয়োবী, পুস্কাৰ শৰ্মা, মোস্তাফা খাদ্দাম হুছেইন, আজিজুৰ ৰহমান, তেহছিনা, আব্দুছ ছামাদ আহমেদ, আব্দুল কাদিৰ, শ্বাক্সি কৌটিয়েল, আইনুদ্দিন আহমেদ আৰু আমনাই সহযোগ আগবঢ়ায়।
পঞ্চায়তৰ প্ৰমাণ পত্ৰক NRC ত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ লগত এক সংযোগী সহযোগী নথি হিচাপে মহিলা সকলে আগবঢ়াইছিল, গতিকে মাননীয় আদালতে এই ক্ষেত্ৰত পৰবৰ্তী শুনানীত এক যোগাত্মক নিৰ্দেশনা প্ৰদান কৰিব বুলি আমি আশাবাদী। প্ৰয়োজনত তন্ন তন্ন পৰীক্ষা কৰি হলেও ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ সকলো অসমবাসীৰ নাম অন্তৰ্ভুক্তিৰে একে সময়তে NRC প্ৰকাশ কৰাটো আমি বিচাৰি আছো আৰু মাননীয় আদালতত এই সম্পৰ্কে আবেদন কৰিছো।

অসমৰ প্ৰকৃত বাসিন্দা (Original Inhabitant) কোন বা ইয়াৰ সংজ্ঞাক লৈ বহু বিতৰ্ক বছৰ বছৰ ধৰি চলি আহিছে। অসম সাহিত্য সভা, অসম চৰকাৰ, অসম বিধান সভা, বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা, বিভিন্ন জাতীয় সংগঠনে আজিকোপতি অসমৰ সৰ্বজন গ্ৰহনযোগ্য এক সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰা স্বত্বেও NRC ৰ কৰ্তৃপক্ষই কেনেকৈ কিহৰ কিহৰ ভিত্তিত Original Inhabitant নিৰ্ণয় কৰি আছে সেয়া এক জটিল প্ৰশ্ন হিচাপে থিয় দিছে। আমি আমছুৱে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, NRC ৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা এই সম্পৰ্কত সদুত্তৰ নোপোৱাত বাধ্য হৈ IA No 101687/2017 নম্বৰৰ আবেদন দাখিল কৰিছো। আমি মাননীয় আদালতত Original Inhabitant ৰ সংজ্ঞা আৰু Original Inhabitant চিনাক্ত কৰাৰ গাইডলাইন বিচাৰি আবেদন দাখিল কৰিছো। আমি আশাবাদী পৰবৰ্তী ১৫ নৱেম্বৰৰ শুনানীকালত যুগ যুগ ধৰি অসমত চলি থকা এক বিতৰ্কৰ চুড়ান্ত মীমাংসা দেশৰ মাননীয় সৰ্বোচ্চ ন্যায়ালয়ে কৰি দিব।

NRC সম্পৰ্কত অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক ধৈৰ্য্য আৰু সংযমৰে আগবঢ়াৰ লগতে কোনো ন্যস্তস্বাৰ্থ জড়িত পক্ষৰ কথাত গুৰুত্ব প্ৰদান নকৰি মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰতি আস্থা ৰাখিবলৈ তথা স্বচ্ছ আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰনত সহযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনালো।

আজিজুৰ ৰহমান
সভাপতি, আমছু
ৰেজাউল কৰিম সৰকাৰ
আইনুদ্দিন আহমেদ
সাধাৰণ সম্পাদকদ্বয়, আমছু

15/10/2017

Welcome every body to our page

Address

Tihu

Telephone

7002325961

Website

Alerts

Be the first to know and let us send you an email when All Assam Minorities Students' Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share