টিহু মহাবিদ্যালয় আছুগোট

  • Home
  • India
  • Tihu
  • টিহু মহাবিদ্যালয় আছুগোট

টিহু মহাবিদ্যালয় আছুগোট এক নতুন দিশত প্ৰগতিৰ শিখা চুৱাৰ প্ৰতিশ্ৰুতিৰে॥জয় আই অসম॥জয়তু টিহু মহাবিদ্যালয়

📌📌
29/04/2026

📌📌

যোৱা ৭ ডিচেম্বৰ ২০২৫ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে টিহু আঞ্চলিক ছাত্ৰ সন্থাই হাৰিভাংগা উচ্চতৰ মাধ্যমিক বিদ্যা...
14/12/2025

যোৱা ৭ ডিচেম্বৰ ২০২৫ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে টিহু আঞ্চলিক ছাত্ৰ সন্থাই হাৰিভাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলাগুৰু আৰ্ট চেণ্টাৰত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰো আৰু আজি ১৪ ডিচেম্বৰ তাৰিখে বঁটা সমূহ বিতৰণ কৰো। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভপতি কৌশিক তালুকদাৰ, উপসভাপতি কুলদীপ শৰ্মা, সাংস্কৃতিক সম্পাদক সুপ্ৰীতম কলিতা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক অভিজিৎ বৈশ্য,টিহু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সুকুমাৰ কলাৰ সম্পাদক ৰঞ্জন দাস।
ফলাফল সমূহ
ক শাখাৰ
প্ৰথম - প্ৰীয়াংশা ডেকা
দ্বিতী়য় - দিব্যজ্যোতি কলিতা
তৃতী়য় - অৰ্ডিতা শৰ্মা
খ শাখা
প্ৰথম - হৰ্ষিতা ৰাজবংশী
দ্বিতীয় - স্নেহা ডেকা
তৃতীয় - দিয়া কলিতা

আজি শ্বহীদ দিৱস উপলক্ষে নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ অৰ্থে আত্ম বলিদান দিয়া মহান বীৰ শ্বহীদ সকলক স্মৰণ কৰি টিহু আঞ্চ...
10/12/2025

আজি শ্বহীদ দিৱস উপলক্ষে নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ অৰ্থে আত্ম বলিদান দিয়া মহান বীৰ শ্বহীদ সকলক স্মৰণ কৰি টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা টিহু মহাবিদ্যালয়ৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হ'ল ।

হে শ্বহীদ প্ৰণামো তোমাক !
জয় আই অসম ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পৰিৱেশ জলবায়ু সজাগতা সপ্তাহ উপলক্ষে আজি টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত হাৰিভাংগা ...
07/12/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পৰিৱেশ জলবায়ু সজাগতা সপ্তাহ উপলক্ষে আজি টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত হাৰিভাংগা শাখা ছাত্ৰ সন্থাৰ সহযোগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়

06/12/2025
আমাৰ প্ৰাণৰ শিল্পী, জনকণ্ঠ জুবিন দাৰ জন্ম দিন উপলক্ষে আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি টিহু আঞ্চলিক ছাত্ৰ সন...
17/11/2025

আমাৰ প্ৰাণৰ শিল্পী, জনকণ্ঠ জুবিন দাৰ জন্ম দিন উপলক্ষে আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহু মহাবিদ্যালয়ৰ চৌহদত তিনিটাকৈ গছপুলি ৰোপণ কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।

জুবিন দা অমৰ হওঁক।

প্ৰতিশ্ৰুতি অনুসৰি আজি ০৪/১১/২০২৫ তাৰিখে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ অনুমতি মৰ্মে আছু গোট ৰ উদ্যোগত অহা তিনি সপ্ত...
04/11/2025

প্ৰতিশ্ৰুতি অনুসৰি আজি ০৪/১১/২০২৫ তাৰিখে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ অনুমতি মৰ্মে আছু গোট ৰ উদ্যোগত অহা তিনি সপ্তাহৰ ভিতৰত নাহৰ গছৰ পুলি ৰোপনৰ পদক্ষেপটি হাতত লোৱা হৈছে। এই পদক্ষেপটিত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হল। 🙏🏻

ইতি
টিহু মহাবিদ্যালয়,আছু গোট
টিহু মহাবিদ্যালয়,টিহু

জয়তু টিহু মহাবিদ্যালয়।।
জয়তু টিচিয়ান।।

আজি হৈ যোৱা টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত ক্ৰমে সাংস্কৃতিক বিভাগ , গুৰু খেল বিভাগ‌, আলো...
30/10/2025

আজি হৈ যোৱা টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত ক্ৰমে সাংস্কৃতিক বিভাগ , গুৰু খেল বিভাগ‌, আলোচনী বিভাগ ,সমাজ সেৱা বিভাগ , সুকুমাৰ কলা বিভাগত মুঠ ৫ পদত জয় লাভ কৰে । জয় লাভ কৰা সমূহ প্ৰাৰ্থীকে অভিনন্দন জ্ঞাপন কৰিলোঁ।

"এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গণ"প্ৰিয় টিচিয়ান , সশ্ৰদ্ধ প্ৰণাম🙏🏻 মই , ধনঞ্জিৎ তহবিলদাৰ, টিচিয়ানৰ স...
23/10/2025

"এই পৃথিৱী এক ক্ৰীড়াংগন,
ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গণ"

প্ৰিয় টিচিয়ান ,
সশ্ৰদ্ধ প্ৰণাম🙏🏻

মই , ধনঞ্জিৎ তহবিলদাৰ,

টিচিয়ানৰ সপোনৰ সেউজীয়া পথাৰ টিহু মহাবিদ্যালয়ৰ মই স্নাতক মহলাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ এগৰাকী ছাত্ৰ ।

বুকুত হেজাৰটা সোণালী সপোন বান্ধি টিহু মহাবিদ্যালয়ৰ বাকৰিত এইবেলি আপোনালোক সকলোৰে আশীৰ্বাদ শিৰত তুলি লৈ টিহু মহাবিদ্যালয়ৰ আগন্তুক ছাত্ৰ একতা সভাৰ ২০২৫-২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত "লঘু খেল আৰু শৰীৰ চৰ্চা" অৰ্থাৎ Minor Games and Gymnasium Secratary পদটিত মই প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ।

আপোনালোকৰ দিহা-পৰামৰ্শ, আশীৰ্বাদেই মোৰ এই যাত্ৰাৰ একমাত্ৰ সাহস। প্ৰতিশ্ৰুতিৰে নহয় ,হাতে - কামে আগবাঢ়িম । তাৰ বাবে আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা মোৰ চিৰকাম্য লগতে আপোনালোকৰ বহুমূলীয়া বিবেকৱান ভোট টো মোৰ পক্ষত প্ৰদান কৰি মোক জয়যুক্ত কৰে যেন।

ধন্যবাদেৰে 🙏🏻
ধনঞ্জিৎ তহবিলদাৰ
লঘু খেল আৰু শৰীৰ চৰ্চা পদৰ প্ৰাৰ্থী ।

❤জয়তু টিহু মহাবিদ্যালয়❤

❤জয়তু টিচিয়ান❤

আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দাৰ ন্যায় বিচাৰি আজি টিহু মহাবিদ্যালয়ৰ বাকৰিত টিহু মহাবিদ্যালয় আছু গোটৰ উদ্যোগত ...
20/10/2025

আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দাৰ ন্যায় বিচাৰি আজি টিহু মহাবিদ্যালয়ৰ বাকৰিত টিহু মহাবিদ্যালয় আছু গোটৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
আজি এমাহসম্পূৰ্ণ হৈ গ’ল, কিন্তু জুবিন গাৰ্গক চৰকাৰ প্ৰশাসনে ন‍্যায় দিব নোৱাৰিলে…
মাননীয় মুখ‍্যমন্ত্ৰী মহোদয়লৈ ছাত্ৰ সমাজৰ বিনম্ৰ অনুৰোধ জুবিন দাক ন‍্যায় দিয়ক

Address

Tihu College
Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when টিহু মহাবিদ্যালয় আছুগোট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category