Sachin Sahu

Sachin Sahu self employed

আমি বিচাৰো সুস্থ আৰু সুন্দৰ সমাজ |আটছা জিন্দাবাদ  || ✊
20/08/2026

আমি বিচাৰো সুস্থ আৰু সুন্দৰ সমাজ |
আটছা জিন্দাবাদ || ✊

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া শাখাৰ উদ্যোগত কচুজান উপ-শাখাৰ অন্তৰ্গত চান্দমাৰী চাহ বাগিছাৰ প্ৰতিটো লাইনত...
19/08/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া শাখাৰ উদ্যোগত কচুজান উপ-শাখাৰ অন্তৰ্গত চান্দমাৰী চাহ বাগিছাৰ প্ৰতিটো লাইনতে চুলাই মদ, ড্ৰাগছ আৰু সকলো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী বন্ধ কৰাৰ দাবীত এক সজাগতা সভা অনুষ্ঠিত হয়। স্থানীয় ৰাইজ সকলে এই অভিযানত পূৰ্ণ সমৰ্থন আগবঢ়ায় ।
অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ ।।

গেলাপুখুৰীৰ প্লাষ্টিক পাৰ্কত মোৰ মৰমৰ বন্ধু কৰন চ'নাৰ নতুনকৈ আৰম্ভ হোৱা ‘খাদ্যপ্ৰাংগন’ ৰেষ্টুৰেন্টত আজি উপস্থিত হৈ সুস্ব...
07/07/2026

গেলাপুখুৰীৰ প্লাষ্টিক পাৰ্কত মোৰ মৰমৰ বন্ধু কৰন চ'নাৰ নতুনকৈ আৰম্ভ হোৱা ‘খাদ্যপ্ৰাংগন’ ৰেষ্টুৰেন্টত আজি উপস্থিত হৈ সুস্বাদু খাদ্যৰ জুতি ল’লো। খাদ্যৰ সোৱাদ সঁচাকৈয়ে অপূৰ্ব আছিল। বন্ধুৰ এই নতুন যাত্ৰালৈ মোৰ তৰফৰ পৰা অলেখ শুভকামনা আৰু মৰম জনালোঁ। তোমাৰ ব্যৱসায় বহুত আগুৱাই যাওক ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চাইমন সিং হ’ৰ’ দেৱৰ পুণ্য তিথিত তেখেতৰ অমৰ স্মৃতিলৈ শত-কোটি প্ৰণাম...
26/06/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চাইমন সিং হ’ৰ’ দেৱৰ পুণ্য তিথিত তেখেতৰ অমৰ স্মৃতিলৈ শত-কোটি প্ৰণাম। আজি তিনিচুকীয়া জিলা ছাত্ৰাবাসত থকা তেখেতৰ প্ৰতিমূৰ্তিৰ সন্মুখত জিলা, শাখা আৰু উপ-শাখাৰ বিষয়ববীয়াৰ উপস্থিতিত সন্ধিয়া ভক্তিৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

জাতীয় স্বাভিমান, অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত নিজৰ জীৱন আহুতি দিয়া চাহ জনজাতিৰ মহান শ্বহীদসকললৈ ৩৮তম শ্বহীদ দিৱ...
07/06/2026

জাতীয় স্বাভিমান, অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত নিজৰ জীৱন আহুতি দিয়া চাহ জনজাতিৰ মহান শ্বহীদসকললৈ ৩৮তম শ্বহীদ দিৱস উপলেক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। শ্বহীদৰ ত্যাগ আৰু আদৰ্শই আমাক সদায় সমাজ আৰু জাতিৰ উন্নয়নৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক।
​অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA) তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, অসম চাহ জনজাতি মহিলা সমিতিৰ আতিথ্যত আৰু সমূহ শাখাৰ সহযোগত আজি ৩৮তম শ্বহীদ দিৱস ডুমডুমা বংঙীয় দুৰ্গাবাড়‌ী প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ।
​✊ শ্বহীদ অমৰ হওক!

✊ আটছা জিন্দাবাদ!

জনতাৰ জয়ধ্বনিৰে মুখৰিত আপোনাৰ এই বিজয় যাত্ৰাই অঞ্চলটোলৈ কুশল কঢ়িয়াই আনক। এজন নিষ্ঠাৱান বিধায়ক হিচাপে আপোনাৰ পৰিচয় সুপ্ৰ...
05/05/2026

জনতাৰ জয়ধ্বনিৰে মুখৰিত আপোনাৰ এই বিজয় যাত্ৰাই অঞ্চলটোলৈ কুশল কঢ়িয়াই আনক। এজন নিষ্ঠাৱান বিধায়ক হিচাপে আপোনাৰ পৰিচয় সুপ্ৰতিষ্ঠিত হওক। জয়ৰ এই শুভক্ষণত মোৰ ফালৰ পৰা অশেষ মৰম আৰু শুভেচ্ছা।

আপোনালৈ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সমাজ গঢ়াত আপোনাৰ ত্যাগ আৰু পৰিশ্ৰম সদায় অতুলনীয়।​শ্ৰমেই হ'ল...
01/05/2026

আপোনালৈ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সমাজ গঢ়াত আপোনাৰ ত্যাগ আৰু পৰিশ্ৰম সদায় অতুলনীয়।
​শ্ৰমেই হ'ল সফলতাৰ মূল চাবিকাঠি। মে' দিৱসৰ এই পৱিত্ৰ ক্ষণত পৃথিৱীৰ প্ৰতিগৰাকী শ্ৰমজীৱী ব্যক্তিলৈ জনালোঁ গভীৰ সন্মান আৰু শুভেচ্ছা।

15/04/2026

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতকৈ চেনেহৰ বিহু ,অসমৰ প্ৰাণৰ উৎসৱ তথা আমাৰ চেনেহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে আপোনালৈ আৰু আপোনাৰ পৰিয়ালৰ সকলোটিলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আমাৰ দেশত নিৰ্বাচন আহি পৰিছে। এই নিৰ্বাচন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ হাতত থকা এই ভোটটো কেৱল এটা চিয়াহীৰ দাগ ন...
07/04/2026

আমাৰ দেশত নিৰ্বাচন আহি পৰিছে। এই নিৰ্বাচন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ হাতত থকা এই ভোটটো কেৱল এটা চিয়াহীৰ দাগ নহয়, ই আপোনালোকৰ শক্তি।
​আমি সকলোৱে চাহ বাগিছাৰ লাইনৰ পৰা ওলাই গৈ নিৰ্দিষ্ট দিনটোত ভোটকেন্দ্ৰত উপস্থিত হ'ব লাগে। মনত ৰাখিব, যদি আমি ভোট নিদিওঁ, তেন্তে আমি আমাৰ অধিকাৰ হেৰুৱাম। গতিকে সকলোৱে মিলি একত্ৰিত হওঁ আহক আৰু গণতন্ত্ৰৰ এই উৎসৱত অংশ লওঁ।

08/03/2026

নাৰী হ’ল শক্তি, নাৰী হ’ল প্ৰেৰণা। সমাজৰ প্ৰতিটো খোজত নাৰীৰ অৱদান অতুলনীয়।
"নাৰী শক্তিৰ জয় হওক — সমাজ গঢ়াত আপোনালোকৰ অৱদান অতুলনীয়।"
সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ।"

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Sachin Sahu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category