23/07/2026
📢 সদৌ তাই আহোম ছাত্ৰ সন্থা, (ATASU )তিনিচুকীয়া জিলা সমিতিৰ বিশেষ আহ্বান 📢
বয়কম ,সদৌ তাই আহোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা তিনিচুকীয়া জিলা জ্ঞাতি, শুভাকাংক্ষী,ৰাইজক বিশেষ আহ্বান জনাইছোঁ ৷শেহতীয়া ভয়াৱহ বানে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিস্তীর্ণ অঞ্চল প্লাবিত কৰি আমাৰ সহস্ৰাধিক জ্ঞাতি-কুটুম তথা বানাক্ৰান্ত ৰাইজক দিশহাৰা কৰি তুলিছে। আশ্ৰয় শিবিৰ আৰু বানপীড়িত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনিয়ে দেখা দিছে।বিপদৰ এই ঘূৰঘোৰ সংকটকালত আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় হোৱাটো প্ৰতিজন সচেতন নাগৰিক তথা আমাৰ সংগঠনৰ নৈতিক দায়িত্ব। সেই উদেশ্যে সদৌ তাই আহোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অহা ২৬ জুলাই (২৬/০৭/২০২৬) তাৰিখে উক্ত বানাক্ৰান্ত অঞ্চলসমূহত খাদ্য সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
এই মানৱীয় কাৰ্যসূচী সফল কৰি তুলিবলৈ আমি তিনিচুকীয়া জিলাৰ সমূহ সৰ্বসাধাৰণ ৰাইজ, সমাজকৰ্মী আৰু শুভাকাংক্ষীসকলৰ পৰা আন্তৰিক সহায়-সহযোগিতা বিচাৰিছোঁ।
আপোনালোকে আগবঢ়াব পৰা সম্ভাব্য সাহায্যসমূহ:
শুকান খাদ্য: চিৰা, মুৰি, বিস্কুট, গুৰ, গাখীৰৰ পাউডাৰ আদি।
ৰন্ধন সামগ্ৰী: চাউল, দাইল, নিমখ, মিঠাতেল আদি।
প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰী: খোৱা পানীৰ বটল, ও.আৰ.এছ. (ORS), প্ৰাথমিক চিকিৎসাৰ ঔষধ, মমবাতি, জুইশলা আদি।
আপোনাৰ সৰু এটি অৱদানেও বানাক্ৰান্ত পৰিয়াল এটাক এই কঠিন সময়ত সাহস আৰু সকাহ দিব পাৰে। আহক, আমি সকলোৱে হাতত হাত মিলাই আমাৰ বিপন্ন জ্ঞাতি-ৰাইজৰ কাষত থিয় হওঁ।
📦 সামগ্ৰী সংগ্ৰহ / জমা দিয়াৰ স্থান:
সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) তিনিচুকীয়া জিলা কাৰ্যালয়, শ্ৰীপুৰীয়া, তিনিচুকীয়া
📞 যোগাযোগৰ বাবে:
৯৩৬৫৪৮৭০৮৮
৯১০১৫ ৪৬৭৩৯
💳 আৰ্থিক সাহায্যৰ বাবে (GPay / PhonePe / UPI):
৯৩৬৫৪৮৭০৮৮ / ৯১০১৫ ৪৬৭৩৯
হাতে হাত মিলাই এই বাৰ্তা সকলোৰে মাজলৈ প্ৰেৰণ কৰিবলৈ প’ষ্টটো যিমান পাৰি শ্বেয়াৰ (Share) কৰিবলৈ অনুৰোধ জনালোঁ।
ৰংবয় বয়,
ধন্যবাদেৰে,
সদৌ তাই আহোম ছাত্ৰ সংস্থা
তিনিচুকীয়া জিলা সমিতি