Tinsukia District Congress Assam

Tinsukia District Congress Assam The official page of Tinsukia District Congress Committee, A Strongest District Committee in this Locality Under Indian National Congress .

09/09/2022
16/01/2021
31/12/2020
২৯/১২/২০২০ ইং তাৰিখে মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া জিলা কংগ্ৰেছৰ উদ্যোগত  তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনৰ পৰা উপায়ুক্তৰ কাৰ...
31/12/2020

২৯/১২/২০২০ ইং তাৰিখে মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া জিলা কংগ্ৰেছৰ উদ্যোগত তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ চাইকেল সমদল আৰু মূল্যবৃৃদ্ধি সন্দৰ্ভত নিস্ক্ৰিয় অসম চৰকাৰখনৰ ওপৰত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী |

07/12/2020

প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰয়াত জননেতা তৰুন গগৈ ডাঙৰীয়াৰ গুনমূগ্ধ সকলৰ জ্ঞাতাৰ্থে :-

প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰয়াত জননেতা তৰুন গগৈ দেৱৰ স্মৃতিত হাতত লোৱা শান্তি সদ্ভাৱনা যাত্ৰা আৰু চিতাভস্ম বিসৰ্জনৰ কাৰ্যসূচী হাতত লৈ প্ৰয়াত জননেতা গৰাকীৰ সূপুত্ৰ শ্ৰীযুত গৌৰৱ গগৈ, সাংসদ ডাঙৰীয়াৰ নেতৃত্বত অহা ১০ ডিচেম্বৰ ইং ২০২০ বৃহস্পতিবাৰে তিনিচুকীয়া চহৰৰ থানা চাৰিআলিৰ পৰা ৰাতিপূৱা ঠিক ৮.০০ বজাত জননেতা গৰাকীৰ চিতাভস্ম সুসজ্জিত বাহনত শ্ৰদ্ধা সহকাৰে শদিয়াস্থ চপাখোৱা কেন্দ্ৰীয় মূকলি মঞ্চ অভিমূখে লৈ যোৱা হ'ব | তলত উল্লেখিত স্থান আৰু সময়ত যাত্ৰাপথত ক্ষন্তেক সময়ৰ বাবে জনসাধাৰনে জননেতা গৰাকীক শ্ৰদ্ধাঞ্জলী জনোৱাৰ সুবিধাৰ্থে বাহন খন ৰখোৱা হ'ব |

তাং- ১০|১২|২০২০ (বৃহস্পতিবাৰ)

সময়সূচী

১| ৰাতিপুৱা ৮.০০ বজাত থানা চাৰিআলি ,তিনিচুকীয়াৰ পৰা যাত্ৰা আৰম্ভ |
২| ০৮.২০ বজাত মাকুম নগৰ |
৩| ০৯.০০ বজাত বৰহাপজান |
৪|০৯.৩০ বজাত ৰূপাই চাইদিং |
৫| ১০.১৫ বজাত ধলা গাঁও তিনিআলি |
৬| দিনৰ ১১ বজাৰ পৰা ২ বজালৈ চপাখোৱা কেন্দ্ৰীয় মূকলি মঞ্চত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা,ৰাজহুৱা শ্ৰদ্ধাঞ্জলী আৰু স্মৃতিচাৰন সভা |
৭| আৱেলী ৩.০০ বজাত দক্ষিন পাৰৰ জিৰো পইন্টৰ দিশৰ ব্ৰহ্মপূত্ৰ নদত চিতাভস্ম বিসৰ্জন আৰু তিনিচুকীয়া জিলা কেন্দ্ৰীক চিতাভস্ম বিসৰ্জন কাৰ্যসূচীৰ সমাপন |
উক্ত দিনৰ সমগ্ৰ কাৰ্যসূচীত অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি শ্ৰীযুত দেবব্ৰত শইকীয়া,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পৱন সিং ঘাটোৱাৰ,বিধায়ক শ্ৰীযুত ৰেকিবুদ্দিন আহমেদ প্ৰমূখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব |
গতিকে,জিলাখনৰ সকলো শ্ৰেনীৰ ৰাইজ, ৰাজনৈতিক - অৰাজনৈতিক দল - সংগঠনৰ সদস্য তথা কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই উক্ত "শান্তি সদ্ভাৱনা যাত্ৰা"ত অংশগ্ৰহন কৰি প্ৰয়াত জননেতা জনলৈ শ্ৰদ্ধা নিবেদন কৰিব বুলি আশা কৰিলো |
ধন্যবাদ | জয় হিন্দ |

জয়ন্ত কলিতা
সভাপতি
তিনিচুকীয়া জিলা কংগ্ৰেছ |
৭|১২|২০২০ ইং

27/11/2020

“বিজেপিৰ সকলো অপপ্ৰচাৰক মিছা প্ৰতিপন্ন কৰিলে তৰুণ গগৈৰ মৃত্যুৱে“

এজন মানুহৰ মৃত্যু হ’ল ৷ তেনেই সাধাৰণ কথা ৷ মৃত্যু এক সহজাত প্ৰক্ৰিয়া ৷ কিন্তু তৰুণ গগৈৰ মৃত্যুৱে অসমৰ জনতাক দি গ’ল বহুত সুপ্ত সংবাদৰ অকথিত সম্ভেদ ৷ তৰুণ গগৈয়ে জীৱিত কালত যিমানবোৰ কাম কৰিলে, সেই আটাইবোৰ কামতকৈয়ো ডাঙৰ কাম কৰিলে মৃত্যুৰ পাছত ৷ জীয়াই থাকোতে অসমৰ জনতাৰ হকে কৰা সকলো ভালকামৰ উপৰিও, মৃত্যুৰ সময়তো অসমৰ জনতাক সোঁৱৰাই গ’ল, কি সঁচা কি মিছা সেই কথাৰ পাহৰণি ৷ মৃত তৰুণ গগৈয়ে অসমৰ নতুন যুৱক-যুৱতীসকলক কৈ গ’ল, অসমৰ ৰাজনীতিত তৰুণ গগৈৰ পোন্ধৰতা বছৰৰ শাসন কালৰ, গাপ দি থ’ব খোজা সত্য কাহিনী ৷

আমি তৰুণ গগৈৰ কংগ্ৰেছ দেখিছিলো ৷ সু-শাসন আছিল ৷ বাট-পথৰ উন্নতি হৈছিল ৷ যোৰহাট চহৰখন জাকত জিলিকি পৰিছিল ৷ যোৰহাট জিলাৰ তিতাবৰত, ২০১০ চনত গোলাঘাট জিলাৰ দৈয়াং আৰু ধনশিৰি নদীৰ পৰা, বৃহৎ পাইপেৰে পানী আনি, পানীত আৰ্চেনিক থকা তিতাবৰত বিমল পানীৰ যোগান ধৰিছিল ৷ ৯৮ কোটি টকাৰ ই এটা বৃহৎ প্ৰত্যাহ্বানৰ প্ৰজেক্ট আছিল ৷ ৯০ শতাংশ কেন্দ্ৰৰ আৰু ১০ শতাংশ ৰাজ্যিক পুঁজিৰে নিৰ্মাণ কৰা বৃহৎ প্ৰজেক্টটোৰ আৰম্ভনিতে হোৱা সমালোচনাৰ বাবে, আনকি তৰুণ গগৈ তিনিমাহলৈ প্ৰজেক্টটো উদ্বোধন কৰিবলৈ যোৱাই নাছিল ৷ শেষ মুহূৰ্ত্তত প্ৰজেক্টটোত হোৱা বেমেজালিৰ কথা গম পাই, উদ্ধোধনী অনুষ্ঠান বাতিল কৰা তৰুণ গগৈয়ে, তিনিমাহলৈ সেই সভা ত্যাগ কৰি, প্ৰজেক্টটোৰ খেলিমেলিবোৰ আঁতৰ কৰিবলৈ কঠোৰ নিৰ্দ্দেশ দি, সম্পূৰ্ণ কৰি তুলিছিল তিতাবৰৰ বৃহৎ পানীৰ প্ৰজেক্ট ৷ এটা পানী যোগান প্ৰকল্পৰ বাবে ৯৮ কোটি টকাৰ ৯০ শতাংশ অৰ্থাৎ, ৮৮ কোটি ২০ লাখ টকাৰ বৃহৎ অনুমোদন কেন্দ্ৰৰ পৰা লাভ কৰাতো নিশ্চয় তৰুণ গগৈ চৰকাৰৰ অন্যতম বৃহৎ সফলতা, যি সফলতা স্বীকাৰ কৰিবলৈ বিজেপি চৰকাৰৰ গা পোৰে ৷

অসমৰ কলেজ শিক্ষকসকল এটা সময়ত নিৰাপত্তাহীন আছিল ৷ কলেজ শিক্ষকৰ পেঞ্চন নাছিল ৷ অসম চৰকাৰৰ আনবোৰ কৰ্মচাৰীৰ দৰে, কলেজ শিক্ষকসকল অৱসৰৰ পাছত অৰ্থনৈতিক ভাবে নিৰাপদ নাছিল ৷ তৰুণ গগৈয়ে কলেজ শিক্ষকৰ পেঞ্চন মঞ্জুৰ কৰি, কলেজ শিক্ষকসকলক নিৰাপত্তা প্ৰদান কৰাতো তৰুণ গগৈৰ চৰকাৰৰ সফলতা নাছিলনে বাৰু ?

আজিৰ আত্মসহায়ক গোটবোৰৰ স্ৰষ্টা কোন বাৰু ? নিসন্দেহে কংগ্ৰেছ চৰকাৰ ৷ কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসন কালৰ আৰম্ভনিতে, অসমত আৰম্ভ হৈছিল আত্ম সহায়ক গোট ৷ নিবনুৱাৰ বাবে ১০০ দিনৰ হাজিৰাৰে জব কাৰ্ডৰ প্ৰচলন কংগ্ৰেছ চৰকাৰে কৰিছিল ৷ অনাময় আঁচনিৰে পৰিৱেশ সুৰক্ষাৰ শ্ল’গান দি, বিনামূলীয়া শৌচালয়ৰ আঁচনি কংগ্ৰেছে কৰিছিল ৷ দুখীয়াক তিনিটকীয়া চাউলৰ শুভাৰম্ভ কংগ্ৰেছে কৰিছিল ৷ আৰু অজস্ৰ কামেৰে কংগ্ৰেছে ২০০১ চনৰ পৰা ২০১৬ চনৰ এপ্ৰিললৈ অসমৰ সমাজজীৱন নতুনকৈ গঢ়িছিল ৷

এটা সময় আছিল, যি সময়ত আমি ঘৰত সৰু সৰুকৈ কথা পাতিব লগা হৈছিল ৷ কৰবাত যদি মানুহৰ মৃত্যু হৈছিল, আমি সৰু সৰুকৈ আলফাৰ কথা পাতিব লগা হৈছিল ৷ সেয়া আছিল প্ৰফুল্ল মহন্তৰ সময় ৷ আলফাৰ নাম ল’লে আৰ্মিয়ে ধৰি লৈ গৈ অত্যাচাৰ কৰাৰ অপৰাধত আমিবোৰ ঘৰৰ ভিতৰতে চুপে চাপে কথা পাতিবলগীয়া এটা আংশকাময় পৰিবেশত ডাঙৰ হৈছিলো ৷ আমি ফাইভ/চিক্সৰ পৰাই মেখেলা-চাদৰ পিন্ধি মিটিং মাটাঙলৈ যাবলৈ বাধ্য হৈছিলো ৷ প্ৰফুল্ল মহন্তৰ ছাত্ৰসন্থাৰ উৎপাতত ৷ সেই সময়বোৰত, মেখেলা-চাদৰ সামৰিব নোৱাৰা সৰু সৰু ছোৱালীবোৰ, ছাত্ৰসন্থাৰ লিডাৰবোৰৰ আলধৰা পালিনেতাবোৰৰ গালিৰে থকা সৰকা হৈছিল ৷ মেখেলা-চাদৰ নিপিন্ধাৰ অপৰাধত ৷ কলিয়াবৰৰ বাদে আন ঠাইৰ ৰাস্তা পদুলিত মন নিদিয়া প্ৰফুল্ল মহন্তৰ পাছত গাঁও, চহৰ, নগৰ, মহানগৰৰ উন্নতি কৰিছিল তৰুণ গগৈ চৰকাৰে ৷ সেয়া পাহৰাবলৈ বিজেপি চৰকাৰৰ অহৰহ প্ৰচেষ্টাত হাত উজান দিয়া অসমীয়াক দেখিলে, আমাৰ লাজ লাগে ৷

আৰু সীমাহীন উন্নয়নমূলক কাম ৷ যিবোৰ একেটা লেখাত শেষ কৰিব নোৱাৰি ৷ তথাপিও বিজেপি চৰকাৰে কয়- “কংগ্ৰেছে পোন্ধৰতা বছৰত একো নকৰিলে ৷“ বিজেপিৰ দালালবোৰে অসমীয়া মানুহক অকৃতজ্ঞ হোৱাৰ পাঠ পঢ়াইছে কিয় ?

তৰুণ গগৈৰ মৃতদেহৰ কাষত ঘন্টা ঘন্টা ধৰি বহি কান্দি থকা হিমন্ত বিশ্বৰ অনুতপ্ত অৱয়বে, আমাক বহুত কথাই কৈ গ’ল ৷ এৰা, মানুহৰ ভুল হয়েই ৷ হিমন্তই তৰুণ গগৈৰ শৱদেহৰ ওচৰত যথেষ্ট সময় পাৰ কৰি, মনে প্ৰাণে তৰুণ গগৈক কৰা অপমান তথা তৰুণ গগৈৰ কাৰ্য্যকালত ’একো কাম নকৰিলে’ বুলি দিয়া অপবাদৰ বাবে ক্ষমা বিচাৰিলে ৷ আমি ভাল পালো ৷ ক্ষমা খোজাতো মহৎ কাম ৷ জীয়াই থকা মানুহজনক ককৰ্থনা কৰা হিমন্ত অনুতপ্ত ৷ যাৰবাবে ইমান ব্যস্ত মন্ত্ৰী এজনে, সকলো কাম বাদ দি, চাৰিদিন কেৱল আৰু কেৱল অসমৰ বিফল কংগ্ৰেছৰ, পোন্ধৰতা বছৰ উন্নয়নৰ কাম নকৰি অসমখন শেষ কৰি দিয়া মুখ্যমন্ত্ৰীজনৰ মৃতদেহৰ কাষত বহি চকুলো টুকিলে ৷ তেওঁ পাপৰ পায়চিত্ত কৰিলে ৷ আমি সুখী হ’লো ৷

ইমান দিনে যে বিজেপিয়ে কংগ্ৰেছক একো কাম নাই কৰা বুলি দোষ দি আহিছিল, সেই কথা মিছা বুলি কৰি তৰুণ গগৈৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰা অগণন মানুহে প্ৰমান কৰি দিলে ৷ তৰুণ গগৈৰ নাম লওঁতে আমি কংগ্ৰেছক বাদ দিব নোৱাৰিম ৷ কাৰণ এজন কংগ্ৰেছী হিচাপেহে তৰুণ গগৈ অসমৰ ৰাইজৰ মাজত পৰিচিত ৷ এতিয়া এটা পলিটিক্স হৈছে বা হ’ব ৷ যে তৰুণ গগৈ কেৱল কংগ্ৰেছী নহয়, তেওঁ জনতাৰ মানুহ ৷ এইয়া বিজেপিয়ে তেওঁলোকৰ দুজনমান গায়কৰ দ্বাৰা প্ৰচাৰ কৰাইছে ৷ ইয়ো এক কৌশল ৷ তৰুণ গগৈৰ জনপ্ৰিয়তাক, কংগ্ৰেছৰ পৰা আঁতৰত ৰখাৰ কৌশল ৷ এইবোৰ সব ফ্লপ শ্ব’ ৷ তৰুণ গগৈ আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ বিজেপিয়ে পৃথক কৰিবলৈ চাই লাভ নাই ৷ কাৰণ কংগ্ৰেছী তৰুণ গগৈক সকলোৱে সফল ৰাজনীতিবিদ হিচাপেহে জানে ৷ ষ্টাম্প মৰা নিকা কংগ্ৰেছী তৰুণ গগৈক, কংগ্ৰেছৰ পৰা পৃথক কৰাৰ কুট কৌশলৰ ফৰ্মূলা বাদ দিয়ক বিজেপিয়ে ৷

তৰুণ গগৈৰ শেষ যাত্ৰাই কৈ গ’ল, অসমত কংগ্ৰেছ শাসনৰ সোণালী সময়ৰ কথা ৷ হয়, তেতিয়াও দালাল আছিল ৷ চাকৰি দিয়াৰ নামত টকা খাইছিল ৷ কংগ্ৰেছী গুণ্ডাৰ উৎপাতত আন মানুহে ঠিকা-ঠুকলি নাপাইছিল ৷ মই জীৱনৰ যথেষ্ট সময় অতিবাহিত কৰা, উজনিৰ চহৰ ডিব্ৰুগড়ত কেৱল মাত্ৰ পবন সিং ঘাটোৱাৰৰ ৰাজত্ব চলিছিল ৷ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা হাৰিব বুলি জানিও, ঘাটোৱাৰে বাৰে বাৰে কল্যান গগৈক টিকট দি, বিজেপিৰ লগত বুজাবুজি কৰি, ডিব্ৰুগড়ৰ দৰে চিটটো বিজেপিক এৰি দিছিল ৷ পৃথিৱী মাঝিয়ে ডিব্ৰুগড়ৰৰ মাৰোৱাৰী পট্টিৰ মাৰোৱাৰীৰ পৰা, দলৰ মিটিং কৰিবলৈ লাখে লাখে টকা উঠোৱাৰ কথা মোক নিজে কৈছিল মাৰোৱাৰী ব্যৱসায়ীসকলে ৷ টিংখং সমষ্টিৰ এতোৱা মুণ্ডা, চাবুৱাৰ ৰাজু চাহুৰ দম্ভালি, নাহৰকটীয়াৰ প্ৰণতি ফুকনৰ মইমতালি মই নিজে দেখিছিলো ৷ ব্যতিক্ৰম আছিল প্ৰদ্যুৎ বৰদলৈ ৷ সুশিক্ষিত ভদ্ৰ মানুহজনক সেইবাবেই আঁতৰত ৰখাৰ চেষ্টা কৰে একাংশ দালালে ৷ এই দালালবোৰ সকলো দলতে আছিল, আছে আৰু থাকিব ৷ কিন্তু দালালৰ উৎপাতৰ মাজতো কোনে কি কৰিছে, কোনে কিমান নীচ ৰাজনীতি কৰিছে সেয়া বিচাৰ কৰাতো ৰাইজৰ দায়িত্ব ৷

জীৱনৰ শেষ ঠিকনালৈ যাওঁতে যাওঁতেও, তৰুণ গগৈয়ে যুদ্ধ কৰি গ’ল বিজেপিৰ লগত ৷ ৰাজনীতিৰ সেনাপতিজনৰ সৈনিক হ’ল হাজাৰ বিজাৰ অসমীয়া ৷ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে কৰা সকলো অপপ্ৰচাৰক মিছা প্ৰতিপন্ন কৰি, ৰাইজে দেখুৱাই দিলে কংগ্ৰেছী তৰুণ গগৈৰ হেৰাই যোৱা সফলতাৰ কাহিনী ৷ কাৰণ, কংগ্ৰেছক বাদ দি তৰুণ গগৈৰ কথা আমি ভাবিব নোৱাৰো ৷ চৰকাৰ এখন এজন মানুহৰ মতে নচলে ৷ তৰুণ গগৈৰ সফলতাত, কংগ্ৰেছী মন্ত্ৰী, বিধায়ক আৰু কংগ্ৰেছ দলৰ সহযোগিতাক অবমাননা কৰিব কেতিয়াও নোৱাৰি ৷ গতিকেই তৰুণ গগৈৰ প্ৰতি জনতাৰ আদৰে, ইতিহাসক কৈ গ’ল যে, ২০০১ চনৰ পৰা ২০১৬ চনলৈ এই সুদীৰ্ঘ ১৫ বছৰত কংগ্ৰেছ, বিজেপিতকৈ হাজাৰ গুণেৰে সফল আছিল ৷ হিমন্ত-সৰ্বাৰ গোকাট মিছা অপবাদক ভুল প্ৰমানিত কৰি, তৰুণ গগৈৰ মৃতদেহে কৈ গ’ল-

“ বাদ দিয়াহে সৰ্বা-হেমন্ত,আসাম তোমালোকে চলাব নোৱাৰিবা ৷ মিছা ক’লে কিডাল হ’ব ? তোমালোক কিমানৰ মানুহ That is also an important matter হে ....”

শিখা শৰ্মা
গুৱাহাটী
২৭৷১১৷২০২০

(শ্বেয়াৰ আৰু নামসহ কপি কৰাত বাধা নাই )

বিঃদ্ৰঃ চাব দেই এই লেখাটো পঢ়ি মোক এতিয়া এসোপা বিজেপিয়ে কংগ্ৰেছী কৰি পেলাব ৷ আজমলী, কংগ্ৰেছী আৰু ভৱিষ্যতে বা কি কি হওঁ মই ! কাৰণ মই সঁচাখিনি লিখি পেলাওঁ ৷ কথা সিমানেই ৷ আকৌ কওঁ মই কোনো দলৰ নহয় ৷ মই ৰাইজৰ মাজৰ এজন ৷

Address

CONGRESS BHAWAN , , College Road; Tinsukia
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Tinsukia District Congress Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share