তিনিচুকীয়া জিলা উন্নতি সভা

  • Home
  • India
  • Tinsukia
  • তিনিচুকীয়া জিলা উন্নতি সভা

তিনিচুকীয়া জিলা উন্নতি সভা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from তিনিচুকীয়া জিলা উন্নতি সভা, Social service, Tinsukia.

সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াৰ সৈতে তিনিচুকীয়া জিলা উন্নতি সভাৰ সন্মানীয় সভাপতি ৰা...
19/08/2026

সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াৰ সৈতে তিনিচুকীয়া জিলা উন্নতি সভাৰ সন্মানীয় সভাপতি ৰাজেশ চাহু , সাধাৰণ সম্পাদক বিতু ডেকা আৰু উপদেষ্টা গৌতম পাল ।।

তিনিচুকীয়া জিলা উন্নতি সভা

19/08/2026
10/08/2026

আজি পানীতোলা বৰুৱাহোলা গাঁৱৰ সফল কৃষক তথা কৃষি উদ্যোগী ৰণ্টু চেতিয়া ডাঙৰীয়াৰ বাসগৃহত তিনিচুকীয়া জিলা উন্নতি সভাৰ সভাপতি ৰাজেশ চাহু, সাধাৰণ সম্পাদক বিতু ডেকা আৰু অসম উন্নতি সভাৰ উপ-সভাপতি লক্ষীকান্ত শইকীয়া ডাঙৰীয়া সহ এটা প্ৰতিনিধি দল উপস্থিত হৈ তেখেতৰ কৃষিকৰ্ম, মীন পালন, সৰিয়হৰ তেল উৎপাদন, পশুপালন আদি বিভিন্ন কৃষিভিত্তিক কাৰ্যকলাপ পৰিদৰ্শন কৰে।

আলোচনাৰ সময়ত ৰণ্টু চেতিয়া ডাঙৰীয়াই তেখেতৰ কৃষিকৰ্মৰ অভিজ্ঞতা আৰু কৃষিৰ জৰিয়তে কেনেদৰে আত্মনিৰ্ভৰশীল হৈ উঠিছে, সেই বিষয়ে অৱগত কৰে। তেখেতে জানিবলৈ দিয়া মতে, বিভিন্ন কৃষিভিত্তিক কামৰ জৰিয়তে বছৰি প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

তেখেতৰ এই সফলতা আমাৰ জিলাৰ কৃষকসকলৰ বাবে এক অনুপ্ৰেৰণাদায়ক উদাহৰণ। কৃষিক কেৱল জীৱিকাৰ মাধ্যম হিচাপে নহয়, এক সফল উদ্যোগ হিচাপেও গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ কৃষকসকলক আগুৱাই নিয়া, কৃষিভিত্তিক উদ্যোগ বৃদ্ধি কৰা আৰু কৃষকৰ উৎপাদিত সামগ্ৰীৰ বাবে বজাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনা আৰু সম্ভাৱনাৰ বিষয়েও এক গুৰুত্বপূৰ্ণ মত-বিনিময় কৰা হয়।

তিনিচুকীয়া জিলা উন্নতি সভা

আজি পানীতোলাৰ বৰুৱাহোলা গাঁৱত অসম উন্নতি সভাৰ সন্মানীয় উপ-সভাপতি শ্ৰী লক্ষীকান্ত শইকীয়া ডাঙৰীয়াৰ বাসগৃহত তিনিচুকীয়া ...
10/08/2026

আজি পানীতোলাৰ বৰুৱাহোলা গাঁৱত অসম উন্নতি সভাৰ সন্মানীয় উপ-সভাপতি শ্ৰী লক্ষীকান্ত শইকীয়া ডাঙৰীয়াৰ বাসগৃহত তিনিচুকীয়া জিলা উন্নতি সভাৰ এটি প্ৰতিনিধি দল উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে। সাক্ষাৎকালত সংগঠনৰ বিভিন্ন সাংগঠনিক বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

তিনিচুকীয়া জিলা উন্নতি সভা

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ ৬০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ শুভক্ষণত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যলৈ সংগ্ৰামী শ...
08/08/2026

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ ৬০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ শুভক্ষণত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যলৈ সংগ্ৰামী শুভেচ্ছা আৰু বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন
Jitendra Chutia
Protim Neog
Konseng Gogoi
Bitu Deka
তিনিচুকীয়া জিলা উন্নতি সভা
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
All Assam Students Union

বানপীড়িত ৰাইজৰ কাষত তিনিচুকীয়া জিলা উন্নতি সভাউজনি অসমত হোৱা ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ সহায়ৰ উদ্দেশ্যে তিনিচু...
31/07/2026

বানপীড়িত ৰাইজৰ কাষত তিনিচুকীয়া জিলা উন্নতি সভা

উজনি অসমত হোৱা ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ সহায়ৰ উদ্দেশ্যে তিনিচুকীয়া জিলা উন্নতি সভাই আজি শিৱসাগৰ জিলাৰ চণ্টক, বিহুবৰ, মৰাণ সেদুৰী আলি, নাজিৰা আদি বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

সাহায্য সামগ্ৰী প্ৰদানৰ লগতে বানপীড়িত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰি তেখেতলোকৰ দুখ-কষ্টৰ খবৰ লোৱা হয় আৰু আগন্তুক দিনতো সামৰ্থ্য অনুসৰি সকলো ধৰণৰ সহায়-সহযোগিতা অব্যাহত ৰাখিব বুলি আশ্বাস প্ৰদান কৰা হয়।

আজি উপস্থিত থাকে তিনিচুকীয়া জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক বিতু ডেকা, অসম উন্নতি সভাৰ সম্পাদক গৌতম পাল, অসম উন্নতি সভাৰ কাৰ্যনিৰ্বাহক সদস্য লক্ষীকান্ত শইকীয়া আৰু তিনিচুকীয়া জিলা উন্নতি সভাৰ উপদেষ্টা ক্ষীৰদা সোণোৱালৰ লগতে ১২ খন আঞ্চলিক উন্নতি সভাৰ বিষয় ববিয়া সকল।।

#তিনিচুকীয়া_জিলা_উন্নতি_সভা #মানৱতা #উজনি_অসম

বানপীড়িত ৰাইজৰ বাবে লৈ যোৱা সাহায্য সামগ্ৰীসমূহ সাজু হৈছে।কাইলৈ ৰাতিপুৱা ৫ বজাত শিৱসাগৰ অভিমুখে ৰাওনা হ’ম। তিনিচুকীয়া জ...
30/07/2026

বানপীড়িত ৰাইজৰ বাবে লৈ যোৱা সাহায্য সামগ্ৰীসমূহ সাজু হৈছে।
কাইলৈ ৰাতিপুৱা ৫ বজাত শিৱসাগৰ অভিমুখে ৰাওনা হ’ম।
তিনিচুকীয়া জিলা উন্নতি সভা

আজি চৰাইদেউ জিলাৰ দিচাংপানী, বনামালী, টেঙাপুখুৰী আদি অঞ্চলৰ মহা প্ৰলয়ত আক্ৰান্ত ৰাইজৰ কাষত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপ...
30/07/2026

আজি চৰাইদেউ জিলাৰ দিচাংপানী, বনামালী, টেঙাপুখুৰী আদি অঞ্চলৰ মহা প্ৰলয়ত আক্ৰান্ত ৰাইজৰ কাষত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা অসম উন্নতি সভাৰ সভাপতি ড° সমুজ্জ্বল ভট্টাচাৰ্য্য ডাঙৰীয়া।

তিনিচুকীয়া জিলা উন্নতি সভা

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when তিনিচুকীয়া জিলা উন্নতি সভা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category