Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ

  • Home
  • India
  • Tinsukia
  • Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ

Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ Official page of Moran Autonomous Council

শিক্ষাই হৈছে যুৱপ্ৰজন্মৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক শক্তিশালী মাধ্যম। শিক্ষাৰ জৰিয়তে এখন সমাজৰ ভৱিষ্যৎ নিৰ্মাণ হয়, আৰু...
26/08/2026

শিক্ষাই হৈছে যুৱপ্ৰজন্মৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক শক্তিশালী মাধ্যম। শিক্ষাৰ জৰিয়তে এখন সমাজৰ ভৱিষ্যৎ নিৰ্মাণ হয়, আৰু আমাৰ মেধাৱী যুৱপ্ৰজন্মক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰাটো মৰাণ স্বায়ত্তশাসিত পৰিষদৰ অন্যতম গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ।
আজি তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ ‘উচ্চ শিক্ষা সাহায্য আঁচনি-2026’ৰ অধীনত অনুষ্ঠিত উচ্চ শিক্ষা আৰু পেছাগত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলক ১০,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান সম্পন্ন হৈ যায়।

মৰাণ স্বায়ত্তশাসিত পৰিষদে বিশ্বাস কৰে যে আৰ্থিকভাৱে পিছপৰা অথচ মেধাৱী শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যাত্ৰাত এনে সহায়ে এক ইতিবাচক ভূমিকা পালন কৰিব। এই সাহায্য হয়তো তেওঁলোকৰ প্ৰয়োজনীয়তাৰ তুলনাত সৰু, কিন্তু তেওঁলোকৰ সপোন পূৰণৰ পথত ই এক আশাৰ বতৰা আৰু উৎসাহৰ শক্তি হিচাপে কাম কৰিব বুলি দৃঢ়ভাৱে আশা কৰে।

উক্ত গৌৰৱময় অনুষ্ঠানত ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়া,লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী প্ৰদান বৰুৱা, শদিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী বলিন চেতিয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী Arunjyoti Moran , তিনিচুকীয়াৰ জিলা আয়ুক্ত শ্ৰী সুমিত সত্তাৱন, জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক শ্ৰী মায়ং কুমাৰকে ধৰি গণ্য-মান্য ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটিক অধিক গাম্ভীৰ্যপূৰ্ণ আৰু সফল কৰি তোলে।
মৰাণ স্বায়ত্তশাসিত পৰিষদ — শিক্ষা, উন্নয়ন আৰু যুৱপ্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

Himanta Biswa Sarma
CMO Assam
Sarbananda Sonowal
Bolin Chetia

উচ্চ শিক্ষা সাহায্য আঁচনি(Higher Education Support Program) অনুষ্ঠানটি শুভাৰম্ভ কৰা হৈছে ইতিমধ্যে আমাৰ ছাত্ৰ-ছাত্ৰীসকল আ...
26/08/2026

উচ্চ শিক্ষা সাহায্য আঁচনি(Higher Education Support Program) অনুষ্ঠানটি শুভাৰম্ভ কৰা হৈছে ইতিমধ্যে আমাৰ ছাত্ৰ-ছাত্ৰীসকল আৰু বিষয়ববীয়াসকল আহি উপস্থিত হৈছে। এক উজ্জ্বল ভৱিষ্যতৰ দিশে আমাৰ এই যাত্ৰা।

মৰাণ স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত "উচ্চ শিক্ষাৰ এককালীন সাহায্য আচঁনি-2026" অ...
25/08/2026

মৰাণ স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত "উচ্চ শিক্ষাৰ এককালীন সাহায্য আচঁনি-2026" অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ কাৰ্যসূচীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই আঁচনিৰ অধীনত যোগ্য শিক্ষাৰ্থীসকলক এককালীন ১০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। লগতে বিভিন্ন বিদ্যালয়ৰ পৰা আমন্ত্ৰিত ছাত্ৰ -ছাত্ৰী সকলৰ মাজত বিশিষ্ট সমল ব্যক্তিৰ দ্বাৰা বিশেষ "অভিযোজন অনুষ্ঠান" অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সকলো হিতাধিকাৰী, অভিভাৱক আৰু শিক্ষাৰ্থীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত অনুষ্ঠানটিত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

বিগত বৰ্ষৰ দৰে এইবাৰো উচ্চ শিক্ষাৰ সহযোগিতা আচঁনিৰ জৰিয়তে অহা 26 আগষ্ট তাৰিখে মৰাণ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক কিছু সহায...
25/08/2026

বিগত বৰ্ষৰ দৰে এইবাৰো উচ্চ শিক্ষাৰ সহযোগিতা আচঁনিৰ জৰিয়তে অহা 26 আগষ্ট তাৰিখে মৰাণ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক কিছু সহায়ৰ হাত আগবঢ়াবৰ বাবে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা মানৱ কল্যাণ পূজা ভৱনত এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।উক্ত অনুষ্ঠানত সকলোৱে সাদৰেৰে উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা ৰাখিলো, ধন্যবাদ।

Himanta Biswa Sarma
CMO Assam
Arunjyoti Moran

24/08/2026
অহা ২৬ আগষ্ট তাৰিখে তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা আয়োজিত হ'ব লগা  উচ্চ শিক্ষাৰ এককালী...
19/08/2026

অহা ২৬ আগষ্ট তাৰিখে তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা আয়োজিত হ'ব লগা উচ্চ শিক্ষাৰ এককালীন আৰ্থিক সাহায্য আঁচনি – ২০২৬ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় শ্ৰী অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়া উপস্থিত থাকিব। উক্ত অনুষ্ঠানত আপোনালোক সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলো।

Himanta Biswa Sarma
CMO Assam
Arunjyoti Moran

দিৰাক সোনজান যুৱ সংঘৰ সভাপতি শ্ৰী খগেন মৰাণ ডাঙৰীয়া আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদৰ  মাননীয় সদস্য শ্ৰী ভবেন মহন্ত  উপস্...
18/08/2026

দিৰাক সোনজান যুৱ সংঘৰ সভাপতি শ্ৰী খগেন মৰাণ ডাঙৰীয়া আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় সদস্য শ্ৰী ভবেন মহন্ত উপস্থিতিত ক্ৰীড়াৰ সৈতে জড়িত খেলুৱৈসকলৰ সৈতে এক অৰ্থপূৰ্ণ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত আমাৰ যুৱ খেলুৱৈসকলৰ আশা-আকাংক্ষা আৰু বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।

যুৱ খেলুৱৈসকলক উৎসাহিত আৰু সহায়-সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ফুটবল, ভলীবল, জাৰ্চী আৰু অন্যান্য প্ৰয়োজনীয় ক্ৰীড়া সামগ্ৰী বিতৰণ কৰা হয়।

আহক, একেলগে ক্ৰীড়া প্ৰতিভাক বিকশিত কৰোঁ, ক্ৰীড়াৰ প্ৰসাৰ ঘটাওঁ আৰু আমাৰ যুৱ প্ৰজন্মক উচ্চ শিখৰলৈ আগুৱাই লৈ যাওঁ।

Himanta Biswa Sarma
CMO Assam
Arunjyoti Moran

মৰাণ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা৮০তম স্বাধীনতা দিৱসৰ পৱিত্ৰ উপলক্ষে সমূহ   অসমবাসী আৰু দেশবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু...
15/08/2026

মৰাণ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা
৮০তম স্বাধীনতা দিৱসৰ পৱিত্ৰ উপলক্ষে সমূহ অসমবাসী আৰু দেশবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ ত্যাগ আৰু আদৰ্শই আমাক সদায় দেশ আৰু জাতিৰ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।
জয় হিন্দ 🇮🇳 | বন্দে মাতৰম 🇮🇳

Himanta Biswa Sarma
CMO Assam
Arunjyoti Moran

যোৱা  ইংৰাজী ৯/০৮/ ২০২৬ তাৰিখ দেওবাৰে মৰাণ জাতীয় মহিলা পৰিষদৰ ৰঙাজান শাখা সমিতি প্ৰাক্তন সাধাৰণ সম্পদিকা ছফিলা নেওগৰ পু...
12/08/2026

যোৱা ইংৰাজী ৯/০৮/ ২০২৬ তাৰিখ দেওবাৰে মৰাণ জাতীয় মহিলা পৰিষদৰ ৰঙাজান শাখা সমিতি প্ৰাক্তন সাধাৰণ সম্পদিকা ছফিলা নেওগৰ পুত্ৰ সঞ্জীৱ নেওগৰ বিয়োগ ঘটে।
আজি তিনিদিনীয়া তিলনীত, ডুমডুমা বিধান সভাৰ মাননীয় বিধায়ক মহোদয় Rupesh Gowalaa ডাঙৰীয়া লগতে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী Arunjyoti Moran দেৱৰ লগতে পৰিষদৰ আন কেইবাজনো সদস্য উপস্থিতহৈ তেখেতক একাঁজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। 🙏🏻

Address

Borguri
Tinsukia
786126

Website

Alerts

Be the first to know and let us send you an email when Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share