Directorate of Fisheries, Assam

Directorate of Fisheries, Assam Department of Fisheries, Govt. of Assam

12/07/2026
Today (12th July 2026) Hon'ble Fishery Minister Mrs. Nilima Devi, accompanied by Hon'ble MLA, Tezpur LAC, Mr. Prithiraj ...
12/07/2026

Today (12th July 2026) Hon'ble Fishery Minister Mrs. Nilima Devi, accompanied by Hon'ble MLA, Tezpur LAC, Mr. Prithiraj Rava ; District Commissioner, Sonitpur, Mr. A. K. Das, ACS, and Director of Veterinary & Animal Husbandry, Mr. J. Goswami, visited Hazara Fish Farm to see the ongoing fish breeding operations.
They also visited the District Fisheries Development Officer Sonitpur Tezpur, and inspected the Large Feed Plant at Dipota, Sonitpur, established under the Pradhan Mantri Matsya Sampada Yojana ( ), the flagship programme of Department of Fisheries India . During the visit, they reviewed the progress of fisheries development activities and interacted with the officials concerned.

10/07/2026

ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে দেশৰ সকলো মীন পালক, মৎস্য উদ্যোগী, বিজ্ঞানী, বিষয়াবৰ্গ তথা মৎস্য খণ্ডৰ সৈতে জড়িত প্ৰতিজনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

মীন পালন কেৱল জীৱিকাৰ উৎসেই নহয়, ই পুষ্টি সুৰক্ষা, গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ এক গুৰুত্বপূৰ্ণ ভেঁটি। অসমৰ মৎস্য খণ্ডৰ উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰি থকা সকলো মীন পালকৰ কঠোৰ পৰিশ্ৰম আৰু অৱদানলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

"সমৃদ্ধ মীন পালক, শক্তিশালী কৃষক, আত্মনিৰ্ভৰ অসম।"

আজি 'ৰাষ্ট্ৰীয় মীন পালক দিৱস ২০২৬' উপলক্ষে শ্ৰদ্ধেয় অসমবাসী ৰাইজলৈ অসম চৰকাৰৰ মীন বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞ...
10/07/2026

আজি 'ৰাষ্ট্ৰীয় মীন পালক দিৱস ২০২৬' উপলক্ষে শ্ৰদ্ধেয় অসমবাসী ৰাইজলৈ অসম চৰকাৰৰ মীন বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
১৯৫৭ চনৰ ১০ জুলাই তাৰিখত ভাৰতৰ দুগৰাকী বিশিষ্ট মীন বিজ্ঞানী ডঃ হীৰালাল চৌধুৰী আৰু ডঃ কে এইচ আলিকুনহিয়ে উৰিষ্যাৰ আঙ্গুল মীন গৱেষণা প্ৰতিষ্ঠানত কাৰ্প জাতীয় মাছৰ আৱিষ্ট প্ৰজননৰ জৰিয়তে পোনা উৎপাদন কাৰ্যত প্ৰথমবাৰৰ বাবে সফলতা লাভ কৰিছিল। এই সফলতাই আমাৰ দেশৰ মীন পালন খণ্ডলৈ এক যুগান্তকাৰী পৰিবৰ্তন আনিলে। প্ৰাকৃতিক উৎসৰ পৰা পোনা সংগ্ৰহ কৰি মীন পালনৰ পূৰ্বৰ সীমাৱদ্ধ পৰিসৰৰ পদ্ধতিৰ পৰিৱৰ্তে আৱিষ্ট প্ৰজননৰ জৰিয়তে পৰ্যাপ্ত ভাৱে মাছৰ পোনাৰ উপলব্ধতা সুনিশ্চিত কৰি এই যুগান্তকাৰী বৈজ্ঞানিক কৃতকাৰ্যতাই আমাৰ দেশৰ সমগ্ৰ মীন পালন ব্যৱস্থাটোক এক দূৰন্ত গতি প্ৰদান কৰিলে। এই যুগান্তকাৰী বৈজ্ঞানিক সফলতাৰে মহান বিজ্ঞানী দুগৰাকীয়ে ভাৰতীয় মীন পালন ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা সুদূৰপ্ৰসাৰী, গৌৰৱময় অৱদানৰ স্মৃতি যুগমীয়া কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী মীনপালক আৰু ভাৰতৰ মীন খণ্ডক সমৃদ্ধ কৰা সকলো বিজ্ঞানী তথা মৎস্য বিশেষজ্ঞলৈ ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপনৰ মানসেৰে ২০০১ চনৰ পৰা প্ৰতিবছৰে ১০ জুলাইৰ দিনটো 'ৰাষ্ট্ৰীয় মীন পালক দিৱস' ৰূপে সমগ্ৰ দেশজুৰি পালন কৰি অহা হৈছে।

এইখিনিতেই আপোনালোকক জনাবলৈ ভাল লাগিব যে অসম ৰাজ্যখন জলসম্পদৰে অতি চহকী। আমাৰ জনজীৱনৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে মাছ খোৱাৰ এক পৰম্পৰা থকাৰ হেতুকে মাছে আমাৰ ৰাজাখনত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। ৰাজ্যৰ লাখ লাখ জনসাধাৰণক খাদ্য, পুষ্টি, উপাৰ্জন আৰু জীৱিকা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সামগ্ৰিক ভাবে অসমৰ মীন খণ্ডত ২৫ লাখতকৈ অধিক লোক জড়িত হৈ আছে।
দেশৰ মিঠা পানীৰ মাছ উৎপাদনৰ ক্ষেত্ৰত আমি এখন অন্যতম আগশাৰীৰ ৰাজ্য। মীনপালকৰ আয় দুগুণ কৰা তথা মাছ আৰু মাছপোনা ৰপ্তানিকাৰক ৰাজ্য হোৱাৰ লক্ষ্যেৰে বিভাগটোৱে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজোনা ( ), প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সম্বৃদ্ধি সহ-যোজোনা (PM-MKSSY), নাবাৰ্ডৰ সহায়ত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF), ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন (SOPD) আদি আঁচনি ৰূপায়ন কৰি আহিছে।
বিগত বৰ্ষত ৰাজ্যৰ মাছৰ উৎপাদন ৫.৫৪ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পোৱাৰ ফলত আমি দেশৰ আগশাৰীৰ মাছ উৎপাদনকাৰী ৰাজ্যসমূহৰ অন্তৰ্ভুক্ত হ'ব পাৰিছোঁ। একেদৰে প্ৰায় ২০০০ কোটিতকৈ অধিক মাছপোনা উৎপাদনেৰে এই দিশত আমি প্ৰায় স্বনিৰ্ভৰশীল হ'ব পাৰিছোঁ।

২০২০-২১ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ নিৰ্ধাৰিত ভাৰত চৰকাৰৰ মীন মন্ত্ৰালয়ৰ অভিলাসী আঁচনি PMMSY অৰ্থাৎ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে আমাৰ ৰাজ্যখনত অভিলেখ সংখ্যক মাছপোনা উৎপাদন কৰা হেচাৰী, মাছপোনা প্ৰতিপালন পুখুৰী আৰু ডাঙৰ মাছ উৎপাদনৰ বাবে নতুন পুখুৰী খনন কৰা হয় যিয়ে ৰাজ্যখনত খোৱাৰ উপযোগী মাছ আৰু মাছপোনা উৎপাদনৰ বাবে যথেষ্ট অৰিহণা যোগাইছে। ৰূপায়ণৰ ধাৰাবাহিকতা এতিয়াও চলি থকা এই আচঁনিৰ দ্বাৰা ইতিমধ্যে উল্লেখ কৰা উপাদানসমূহৰ উপৰিও শেহতীয়া প্ৰযুক্তিৰ সহায়ত অতি কম মাটি আৰু পানী ব্যৱহাৰ কৰি মাছ উৎপাদনৰ বাবে পুনঃচক্ৰীয় জলসংবৰ্ধন পদ্ধতি (RAS), ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ জৈৱপূঞ্জৰ দ্বাৰা মাছ উৎপাদন প্ৰকল্প (BIOFLOC) আদি নিৰ্মাণ কৰা হয়। আঁচনিখনৰ বিভিন্ন উপাদানৰ জৰিয়তে ৰাজ্যখনৰ বৃহৎসংখ্যক মীনপালকে সুবিধা লাভ কৰে। ইয়াৰ উপৰিও মাছৰ প্ৰজনন ঋতুত প্ৰাকৃতিক জলাশয়ত মাছ ধৰাটো বাৰণ কৰাত সমৰ্থন পোৱাৰ উদ্দেশ্য সৰোগত কৰি মাছমৰীয়া সকললৈ জীৱিকা সহায়ক আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিখন দ্বিতীয় পৰ্যায়ত PMMSY 2.0 হিচাবে ৰূপায়িত হ'ব।
PMMSYৰ উপ-আঁচনি PM-MKSSY অৰ্থাৎ প্ৰধান মন্ত্ৰী মৎস্য কিষাণ সম্বৃদ্ধি সহ-যোজনা সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো ৰূপায়িত হৈ আছে।

মীন বিভাগে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ অৰ্থ সাহাৰ্য্যত গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ন পূঁজিৰ অধীনত নতুন পুখুৰী খননৰ উপৰিও মাছৰ মূল্য শৃংখল উন্নীতকৰণৰ বাবে ফ্ৰীজযুক্ত বাছ কঢ়িওৱা বাহনৰ লগতে অন্যান্য দুই, তিনি আৰু চাৰি চকীয়া বাহন বিতৰণ কৰে। মাছ উৎপাদনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মাছৰ খাদ্যৰ জোৰা মৰাৰ উদ্দেশ্যে কেতবোৰ ক্ষুদ্ৰ আৰু মজলীয়া মাছৰ খাদ্য উৎপাদন কৰা কল স্থাপন কৰা হয়। ইতিমধ্যে বিভাগটোৱে RIDF-২৮ আৰু ২৯ৰ অধীনত বৰ্তমানৰ ৩৫খন বিভাগীয় পামৰ উন্নয়ন, বিলত মাছ পালন আৰু মৎস্য উদ্যোগীকৰণ বিকাশৰ লক্ষেৰে পুখুৰী খননৰ বাবে হিতাধিকাৰীমুখী আঁচনি ৰূপায়ণৰ দিশত আশাব্যঞ্জকভাবে আগ বাঢ়ি আছে।

বিভাগটোৱে বিশ্ব বেংকৰ অৰ্থ সাহায্য আৰু ৱৰ্ল্ডফিচ প্ৰতিষ্ঠানৰ কাৰিকৰী সহায়ত “অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প (APART)ৰ অন্তৰ্গত মীন বিষয়ক আঁচনিখন সফলতাৰে ৰূপায়ণ কৰে। এই আঁচনিৰ অধীনত পুখুৰীত সংমিশ্ৰিত মীনপালন, ধানৰ লগত মাছ পালন, বিলৰ উন্নয়ন আদি শিতানৰ জৰিয়তে ৰাজ্যৰ মীনক্ষেত্ৰখন লাভান্বিত হৈছে। ইয়াৰ উপৰিও এই প্ৰকল্পৰ অধীনত গঠিত মৎস্যপালক উৎপাদক কোম্পানীসমূহে মীন সম্পৰ্কীয় বিভিন্ন কৰ্মসূচী বৰ্তমানেও ৰূপায়ণ কৰি আছে।

আমাৰ বিভাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থ সাহাৰ্য্যত বহনক্ষম জলাশয় আৰু সংহত মীন ৰূপান্তৰকৰণ প্ৰকল্প (SWIFT) নামেৰে এটা বহিঃসাহায্যযুক্ত প্ৰকল্প ৰূপায়ণ কৰিব ধৰিছে যিয়ে ৰাজ্যখনৰ শতাধিক বিলত মাছ উৎপাদনৰ হেতুকে সামগ্ৰিক উন্নয়নত সহায় কৰিব।

আমি জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ পুঁজিৰে অসম ৰাজ্যিক জলজ কৃষি প্ৰসাৰ আৰু জীৱিকা উন্নীতকৰণ প্ৰকল্প (ASAPALI) নামৰ আন এক বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প ৰূপায়ণ দিশত সাৱলীল গতিত আগ বাঢ়ি আছোঁ। জাপানী কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ পুখুৰী ভিত্তিক জলজ কৃষি ব্যৱস্থাৰ সামগ্ৰিক বিকাশ এই প্ৰকল্পৰ অধীনত অন্বেষণ কৰা হ’ব।
ৰাজ্যৰ মীন খণ্ডত কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাও কাৰ্যকৰী হৈ আহিছে। এই আঁচনিৰ অধীনত এতিয়ালৈ মুঠ ৯৭০০তকৈও অধিক মাছপালকে প্ৰায় ৫৩.৫৫ কোটিতকৈও অধিক টকাৰ কেচিচি ঋণ লাভ কৰিছে।
আমি ২০২০_২১ বৰ্ষৰ পৰা অংশ গ্রহণ কৰি অহা ভাৰত চৰকাৰৰ সমূহীয়া দুৰ্ঘটনা বীমা আঁচনিত (GAIS) ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্যখনৰ মুঠ দুই লাখ গৰাকী মীনক্ষেত্ৰত জড়িত লোকক সামৰি লোৱা হৈছে।
আহক, আমি সকলোৱে মিলি আমাৰ ৰাজ্যখনত থলুৱা মাছৰ প্ৰজাতিসমুহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ লগতে মাছৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশীদাৰ হওঁ। ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ এই মধুৰ ক্ষণত এয়াই হওঁক আমাৰ সংকল্প

ধন্যবাদ

03/07/2026

We have got over 50 reactions on our posts last week! Thanks everyone for your support! 🎉

মাননীয়া মীন আৰু পশুপালন বিভাগৰ মন্ত্ৰী শ্ৰীযুতা Nilima Deviৰ সবল নেতৃত্বত আৰু শ্ৰদ্ধেয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত Himan...
02/07/2026

মাননীয়া মীন আৰু পশুপালন বিভাগৰ মন্ত্ৰী শ্ৰীযুতা Nilima Deviৰ সবল নেতৃত্বত আৰু শ্ৰদ্ধেয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত Himanta Biswa Sarma দেৱৰ নিৰন্তৰ পথনিৰ্দেশনাত মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ উত্তৰণৰ জৰিয়তে অসমৰ গ্ৰাম্য অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব বুলি আমি গভীৰভাৱে আশাবাদী।
Department of Fisheries India
CMO Assam

মাননীয়া মীনমন্ত্ৰী শ্ৰীযুতা Nilima Deviৰ ভ্ৰমণত উৎসাহিত বজালী জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল
25/06/2026

মাননীয়া মীনমন্ত্ৰী শ্ৰীযুতা Nilima Deviৰ ভ্ৰমণত উৎসাহিত বজালী জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল

আজি অসমৰ মাননীয়া মীন মন্ত্ৰী শ্ৰীযুতা Nilima Deviয়ে নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ (মেৰু...
25/06/2026

আজি অসমৰ মাননীয়া মীন মন্ত্ৰী শ্ৰীযুতা Nilima Deviয়ে নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ (মেৰুৱাট্টাৰী) অৱস্থিত মা একুৱা ফিছ ফাৰ্মত অৰ্থাৎ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অন্তৰ্গত কম ঠাইত, কম পানীৰ ব্যৱহাৰেৰে অধিক মাছ উৎপাদন কৰিব পৰা প্ৰযুক্তি সম্বলিত Recirculatory Aquaculture System অৰ্থাৎ পুনঃচক্ৰীয় জলসংবৰ্ধন পদ্ধতিৰ প্ৰকল্প এটিৰ শুভ উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী মহোদয়াই এই আধুনিক মীনপালন প্ৰযুক্তিৰ সংযোজনে মীনপামখনৰ উৎপাদন আৰু বাণিজ্যিক দিশ সৱল কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা, আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা আৰু মীন উৎপাদনৰ জৰিয়তে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে চিহ্নিত হ'ব বুলি মন্তব্য কৰে। তেখেতে লগতে কয় যে অসমত মীন পালনৰ ক্ষেত্ৰখনৰ অপাৰ সম্ভাৱনা আছে। ৰাজ্যখনক মীন উৎপাদনত অধিক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে এই খণ্ডটোত অনাগত দিনত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ বৰ্তমানৰ চৰকাৰখন সংকল্পবদ্ধ।
মা একুৱা ফিছ ফাৰ্মৰ দৰে উদ্যোগসমূহে আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে মীন পালনক উৎসাহিত কৰাৰ লগতে স্থানীয় যুৱক-যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ফাৰ্মখন অঞ্চলটোৰ বাবে এক আদৰ্শ আত্মনিৰ্ভৰশীল হিচাপে প্ৰতিষ্ঠিত হ’ব বুলি তেখেতৰ দৃঢ় বিশ্বাসৰ কথাও দোহাৰে আৰু ইয়াৰ জৰিয়তে স্থানীয়ভাৱে উন্নত মানসম্পন্ন মাছৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে কৃষক, মীনপালক আৰু ক্ষুদ্ৰ উদ্যোগীসকলেও উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে।মন্ত্ৰী মহাশয়াই এই মীন উদ্যোগটোৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন জনায় আৰু মা একুৱা ফিছ ফাৰ্মৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে আশা কৰে যে, এই নতুন উদ্যোগে অঞ্চলটোৰ উন্নয়ন, আত্মনিৰ্ভৰশীলতা আৰু মীন পালন খণ্ডৰ বিকাশত এক নতুন দিশ উন্মোচন কৰিব।
আজিৰ এই অনুষ্ঠানত বৰক্ষেত্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়া,মীন বিভাগৰ সঞ্চালক শ্ৰীযুত গৌৰীশংকৰ দাস ডাঙৰীয়া, মীন সঞ্চালকালয়ৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ ন'ডেল বিষয়া শ্ৰী চন্দন চেত্ৰী, নলবাৰী জিলাৰ জিলা মীন উন্নয়ন বিষয়া শ্ৰী পৱিত্ৰ কুমাৰ তালুকদাৰ, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী নিশানাথ শৰ্মা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ গীতিমুনি বৈশ্য আদিৰ লগতে সন্মানীয় অতিথিবৃন্দ, বুজন সংখ্যক মীনপালক আৰু স্থানীয় ৰাইজ আৰু উপস্থিত থাকে।

CMO Assam
Department of Fisheries India
Directorate of Information and Public Relations, Assam

North Eastern States Regional Review Meeting held on 25th May 2026, opening a new horizon towards comprehensive developm...
25/05/2026

North Eastern States Regional Review Meeting held on 25th May 2026, opening a new horizon towards comprehensive development of Fisheries, Animal Husbandry and Dairying sectors .
Valuable speeches delivered by Hon’ble Union Minister, Fisheries Animal Husbandry and Dairying, Hon’ble Union State Minister Fisheries Animal Husbandry and Dairying, Respected Additional Chief Secretary to the Government of Assam, Fisheries Department and other dignitaries.

Department of Fisheries India

The North East Region Regional Review Meeting 2026, organized by the Department of Fisheries, Government of India, brings together key stakeholders, official...

14/03/2026

Address

Director Of Fisheries, Meen Bhawan, Bishnu Rabha Nagar
Ulubari
781016

Alerts

Be the first to know and let us send you an email when Directorate of Fisheries, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share