Hridayananda Gogoi

Hridayananda Gogoi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hridayananda Gogoi, Gauhati.

আজি এক বিশেষ উপলক্ষত নতুন এক যাত্ৰাৰ বাবে সাজু —সবকা সাথ —সবকা বিকাশ—সবকা বিশ্বাস—সবকা প্ৰয়াস—
12/03/2026

আজি এক বিশেষ উপলক্ষত নতুন এক যাত্ৰাৰ বাবে সাজু —
সবকা সাথ —
সবকা বিকাশ—
সবকা বিশ্বাস—
সবকা প্ৰয়াস—

ফাগুন বুলি .. . .
24/02/2026

ফাগুন বুলি .. . .

আজি পুৱাই মাননীয় প্ৰধানমন্ত্ৰীৰ পৰা মেইলত অহা বিহুৰ শুভেচ্ছাপত্ৰখনিয়ে আনন্দিত কৰাৰ উপৰিও কৃতজ্ঞ কৰিলে৷ তেখেতৰ সদিচ্ছা আৰ...
14/01/2026

আজি পুৱাই মাননীয় প্ৰধানমন্ত্ৰীৰ পৰা মেইলত অহা বিহুৰ শুভেচ্ছাপত্ৰখনিয়ে আনন্দিত কৰাৰ উপৰিও কৃতজ্ঞ কৰিলে৷ তেখেতৰ সদিচ্ছা আৰু মৰম অসমবাসীয়ে সদায় লাভ কৰি থাকক৷ তেখেতলৈ অশেষ ধন্যবাদ আৰু শলাগ৷

24/08/2025

অসমত কোন থকা উচিত সেই বিষয়ে আমি অচিনজনক সুধিবলগীয়া পৰিৱেশ কেতিয়াও হোৱা নাই৷

13/06/2025

কালি সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাটো বিৰল৷ এই পৰ্যন্ত প্ৰাপ্ত তথ্যসমূহ পৰীক্ষা কৰিলে কেইটামান কথাই আশংকা অধিক বৃদ্ধি কৰে৷
১৷ সকলোৱে জানে জীৱনবৃত্তৰ সত্য এটাই৷ সেইবুলি জন্মিলে মৃত্যু অনিবাৰ্য যদিও অপমৃত্যু কোনেও কামনা নকৰে। এই বিমান দুৰ্ঘটনাত দুই শতাধিকৰ অপমৃত্যু ঘটিল মাত্ৰ কেইজনমানৰ বাবে৷৷
২। জানিব পৰামতে AI ৰ বয়িং Dreamliner খনৰ নিয়মীয়া পৰীক্ষণ সুকলমে হোৱা নাছিল আৰু মেৰামতিৰ সময় উকলি গৈছিল৷ (আজিৰ পৰা ২০ বছৰ মান পূৰ্বে যেতিয়া মই ব্ৰিটিছ এয়াৰৱেজ, এমিৰেটচকে ধৰি বিশ্বৰ আগশাৰীৰ আন্তৰাষ্ট্ৰীয় এয়াৰলাইনছৰ বিমানত প্ৰথম উঠিছিলো কেইটামান কথা লক্ষ্য কৰিছিলো যে আপুনি যাত্ৰা কৰা এয়াৰক্ৰাফটখনৰ পৰীক্ষণ আৰু মেৰামতিৰ তথ্যও আপুনি ইচ্ছা কৰিলে আগতীয়াকৈ জানিবলৈ পাইছিল৷ এতিয়া পাব পাৰি নে নোৱাৰি নাজানো৷)
৩৷ টাটা গ্ৰুপে AI লোৱাৰ পূৰ্বেও আমি AI পছন্দ কৰা নাছিলো কাৰণ তেতিয়াও Maintenance একেবাৰে নাছিল বুলিব পাৰি৷ সুকলমে পৰীক্ষণ আৰু maintenance নকৰা এয়াৰক্ৰাফট খনক আকাশত কেনেকৈ উৰিবলৈ অনুমতি দিয়া হয় সেইটোহে বুজিব নোৱাৰা বিষয় ৷
৪। টাটাই AI ললে যদিও যথোপযুক্ত Maintenance ৰ দায়িত্ব কাৰ্যকৰী কৰা নাই৷ অভিযোগ মতে Turkis Techno বোলা কোম্পানীৰ সৈতে maintenance আৰু servicingৰ চুক্তি লৈ হেনো বিবাদ চলি আছিল৷ ইয়াৰ পৰিণতিতে কালি বিমান দুৰ্ঘটনাটো সংঘটিত হ’ল নেকি?
৫৷ নিউজ চেনেলে দিয়া তথ্যমতে দিল্লীৰপৰা আহমেদাবাদলৈ যোৱা এজন যাত্ৰীয়ে কৰা ভিডিঅ’ত দেখা যায় এয়াৰক্ৰাফটখনৰ ভিতৰৰ এ চি, ডিচপ্লে পৰ্দা, ইনফৰমেশ্যন চুইচ আদি সৰহভাগ ডিভাইচ অকামিলা হৈ আছে৷ ইয়াৰপৰা নিশ্চিত যে এয়াৰক্ৰাফটখনৰ মেৰামতিৰ সময় কেতিয়াবাই উকলি গৈছে৷ এইটো টাটা গ্ৰুপৰ অমনোযোগিতাই নহয় যাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ প্ৰতিযোগিতা৷ এই ক্ষেত্ৰত চৰকাৰী চিভিল এভিয়েচনৰ ভূমিকা আৰু দায়িত্ব বিষয়টোতো এইখিনিতে প্ৰশ্নবোধক দিব পাৰি৷
৬৷ আজি টাটাই ১কোটিকৈ ক্ষতিপূৰণ দিলেই জীৱনবোৰ ঘূৰাই পাব নেকি? সেয়ে নিহতৰ পৰিয়ালে জাঙুৰ খাই উঠাতো স্বাভাৱিক৷
৭৷ AI ৰ ঘৰুৱা এয়াৰক্ৰাফট কেইখনৰ অৱস্থাও চাবলগীয়া৷
৮৷ কালি AI ৰ CEO কেমবিলে RI চেনেলৰ সাংবাদিকক Turkisৰ বিবাদ প্ৰসংগত এৰাই চলা বিষয়টোৱে maintenance হীনতা আৰু দায়িত্বহীনতাকে প্ৰমাণিত কৰা যেন লাগে৷

যি হওক আনৰ দায়িত্বহীনতাত অপমৃত্যু অত্যন্ত পীড়াদায়ক। এনে বিমান দুৰ্ঘটনাৰ যেন পুনৰাবৃত্তি নহওক। তাৰ বাবে সকলো মাৰ বান্ধি উঠক৷ ব্যৱসায়িকসকলে অমূল্য জীৱনৰ হেতালি খেদাটো বন্ধ কৰক৷ কালিৰ পৰা সামাজিক মাধ্যমত ঘূৰি ফুৰা ছবি আৰু ভিডিঅ’সমূহ দেখি আমি আটায়ে অস্থিৰ হৈ পৰিছোঁ। এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু কৰ্তৃপক্ষসমূহক আগতীয়াকৈ প্ৰয়োজনীয় নিৰাপত্তাসমূহ চম্ভালিবলৈ আহ্বান জনালোঁ৷ 🙏

07/05/2025

বৰপেটা সত্ৰত বুঢ়া সত্ৰীয়াদেৱৰ সৈতে

ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে আমাৰ দেশৰ সেনাবাহিনীৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আৰু আস্থা আছে৷সেয়েহে সেনা জোৱানসকলক এই দুৰ্দমনীয় অভি...
07/05/2025

ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে আমাৰ দেশৰ সেনাবাহিনীৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আৰু আস্থা আছে৷
সেয়েহে সেনা জোৱানসকলক এই দুৰ্দমনীয় অভিযানৰ বাবে সাহস যাচিছোঁ আৰু অভিনন্দন জনাইছোঁ৷ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ এয়াই উপযুক্ত সময়৷

জয় হিন্দ 🇮🇳

19/04/2025

Dance performance at Dhaligaon..Bongaigaon

06/04/2025

Assam Sahitya Sabha president stressed on people's participation

23/11/2024

অসমীয়া সমাজৰ পৰম্পৰাগত বছৰেকীয়া কৰ্ম এভাগ

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Hridayananda Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hridayananda Gogoi:

Share