Dr. Sailen Das's Personality

Dr. Sailen Das's Personality A page for Personality Development & Mind Power

See you all.D K Girls College, Mirza
06/03/2024

See you all.
D K Girls College, Mirza

30/01/2024

সৰুবোপাৰ বিয়া খন(!)

সকলোৰে এটা সুকীয়াকৈ কক্ষপথ থাকে। ঠিক তেনেকৈ সময়ৰো এটা নিজাকৈ পথ আছে। আমি ধৰি বান্ধি থ'ব নোৱাৰা সময়ে সেই পথেৰে গতি কৰি থাকে। পৃথিৱীৰ প্ৰতিজন মানুহেই উৰিব বিচাৰে। নিজৰ বৰ্তমানৰ পৰিবেশৰ পৰা আন এক পৰিৱেশ বিচাৰি মানুহে উৰি গৈ থাকিব বিচাৰে। মানুহৰ মনটোৰে উৰে। আমি একে খন ঠাইত থাকি ভাল নাপাওঁ, এটা পৰিবেশত থাকিও ভাল নাপাওঁ। আমাক নতুনত্ব লাগে। নতুন ঠাই, নতুন কাম, নতুন খাদ্য আৰু নতুন মানুহৰ প্ৰতি আমাৰ এটা বিৰাট টান থাকে। নতুন কিবা এটা বিচাৰি যোৱাত আমাৰ সমান দূতবেগী প্ৰাণী আৰু নাই। কিন্তু নতুন মন এটা আমি বিচাৰো নে?

বাৰু কথাবোৰ অলপ আলোচনা কৰা হওঁক।
হওঁতে হয়। সৰুবোপাৰ বিয়াখন ঘৰখনৰ মানুহবোৰে খুব ধুমধামেৰে পাতিব বুলি ইচ্ছা এটা মনতে পুহি ৰাখিছিল। ইয়াত ধুমধাম শব্দটোৰ সলনি 'ৰমক-ঝামক' শব্দটো ব্যৱহাৰ কৰিলে অতি খাপ খোৱা বিধৰ হ'ব বুলি মোৰ মনে ধৰে। বিয়া বুলি ক'লে 'ঝামেলা' শব্দটোও আওপকীয়াকৈ আহিয়ে যায়। বিয়া আৰু ঝামেলা এটা মুদ্ৰাৰ যেন দুটা পিঠিহে।কিয়নো বিয়াবুলি ক'লেই বিয়াখন চলাই নিবলৈ আমাক এদল মানুহ লাগিল। আইডিয়া দিয়া এজন অভিজ্ঞ মানুহ বিচাৰি আমাৰ বংশ কুটুমৰ ঘৰবোৰ চালাথ কৰিব লাগিল। ব্ৰাহ্মণ ঠিক কৰা, ৰভাৰ কাম, ৰিছিপচন পাৰ্টী, বেণ্ড পাৰ্টী, নিমন্ত্ৰনী পত্ৰ, কাপোৰ, খানাৰ আয়োজন, ঘৰত ৰং দিয়া, ইষ্ট কুটুম বোৰৰ বিশেষ ব্যক্তিক লগ কৰি তৈলমৰ্দন কৰাৰ দৰে কিচুমান কথা পাতি বিয়াৰ দিনা ৰভাৰ পৰা বিয়াৰ ভঁৰাল চোৱালৈ কাৰোবাক দায়িত্বত দিয়া, এইবোৰ জানো আজিৰ তাৰিখত এটা এটা ঝামেলা নহয়? এই কামবোৰে জানো এজন চাকৰিয়াল, ব্যৱসায়িক, খেতিয়ক লোকৰ জানো সময় নষ্ট নকৰে? সময়
নষ্ট কৰা এই কামবোৰ আওপকীয়াকৈ জানো আমাৰ সকলোৰে কিছু লোকচান নকৰে? যেনে- মনে নিবিচৰা কাৰোবাক বংশৰ ডাঙৰজন বুলিয়েই হাতে ভৰি ধৰিব লাগিল। বয়সত ডাঙৰ হোৱা বুলিয়েই কাৰোবাক সন্মান দিব লাগিল অথচ সেই মানুহ বোৰ কোনোদিন সন্মানৰ যোগ্য নহয়েই।আনকি আজিও সেই জ্যেষ্ঠ আৰু সন্মানৰ যোগ্য বুলি দাবী কৰিব খোজা মানুহৰ কোনোবা জনেই আপুনি কষ্ট কৰি পোৱা চৰকাৰী চাকৰিটো ভেটি দি পোৱা বুলি অপপ্ৰচাৰ কৰিছিল, যিটো কথাই আপোনাক আজিও মনৰ কোনোবা খিনিত দুখ দিয়ে। কিন্তু, বিয়া পাতিছে যিহেতু তেনেকুৱা মানুহকো কাকূটি মিনতি কৰি বিয়ালৈ নিমন্ত্ৰণ দিব লগীয়া হয়। হেজাৰ হওঁক সেই মুখ ৰচক আৰু পেটপচা মানুহ বোৰেই ৰভাৰ তল শুৱনি কৰা মানুহ, কিন্তু বিপদত তেওঁলোক আপোনাৰ পৰা যোজন বাট দূৰত। যিমান যি নহ'লেও কিন্ত আপোনাৰ একান্ত ব্যক্তিগত বুলি কিবা এটা কথা নথকা নহয়। এখন বিয়াৰ বাবে নিজৰ দর্শন আৰু ব্যক্তিত্বক সমাজৰ নীতি নিয়ম বোৰৰ আগত জ্বলাঞ্জলি দিয়াটো কিমান সমীচীন সেয়া আপোনাৰেই বিচাৰৰ বিষয় বুলি এৰিলোঁ। এই যে এজনী ছোৱালীক মাক দেউতাকে ডাঙৰ দীঘল কৰে, সমাজৰ নীতি মতেই শান্তি বিয়া পাতি গাঁঠিৰ ধন খৰছ কৰে, ভাল দৰে পঢ়া শুনা কৰাৰ পাছত ল'ৰা এজনে বিয়া পাতি লৈ আহে। নিজ পত্নীৰ উপাৰ্জনো দৰা জন মানে স্বামী জনৰেই হৈ পৰে । মানে ডাঙৰ কৰে কোনোবাই আৰু আৰ্থিক ভাৱে স্বচ্ছল হোৱাৰ সময়ত সেই ফল স্বামীয়ে ভোগ কৰে সেই কথাটোকলৈ কিন্তু সৰুবোপাৰ কিবা কিবি ক'ব লগা আছে। স্বাধীনতাৰ ডেফিনেচন দিয়া মানুহ বোৰেই 'বিয়া' শব্দটিক কবৰ দি এখন বেলেগ দুনীয়াৰ সৃষ্টি কৰি আহিছে আৰু আজি বিয়া হোৱাটো এক ব্যয়বহুল প্ৰক্ৰিয়ালৈ ৰূপান্তৰ হৈছে।

পৰিয়াল আৰু সমাজৰ অধিক মানুহে ভবাৰ লেখীয়া কিন্তু, সৰুবোপাই কিছুমান কথা নাভাবে। আমাৰ সমাজৰ কিছুমান সৰুবোপাই নিজৰ জীৱনৰ সমান্তৰালকৈ এখন যুদ্ধ কৰি জীয়াই থাকে। এই যুদ্ধ মন- মগজু আৰু মানসিক দ্বন্দ্বৰ মাজত কিছু পৰিমাণে সমাজৰ বিৰুদ্ধেও। এইসমূহ কথা সৰুবোপাই এনেকে ভাবে- যিদৰে সমাজত ই-ৰিক্সাৰ সংখ্যা বঢ়া মানেই নিবনুৱা সমস্যাৰ দূৰ হোৱাটো নুবুজায় ঠিক তেনেকৈৱবিয়াৰ নামত উৎসৱ পাতি টকা, শক্তি, সময় আৰু পৰিবেশৰ বায়ু বতাহ বেয়া কৰাৰো কোনো যুক্তি নাই। পৰিয়াল আৰু সমাজৰ সকলো কথাক একাষে থৈ সৰুবোপাই ভাবে-
বিয়া মানে নো কি?

Actually marriage, a legally and socially sanctioned union, usually between a man and a woman. এইখিনিতে অনাহক বিতৰ্কৰ বাবে বৈদিক ৰীতি নীতিবোৰ আঁতৰাই ৰাখি এবাৰ ভাবি চাওঁ আহক- বিয়া মানেনো কি? বেণ্ডপাৰ্টী পেঁপা, আনৰ পৰা টকা ধাৰলৈ আনি ৰাইজক খোৱাই দিয়া এক নম্বৰী ছাগলীৰ মঙহ, মাংস নোখোৱাৰ বাবে পনীৰ আদিৰ যোগাৰ কৰাৰ আগেয়ে কিন্তু দুগৰাকী মানুহৰ মন আৰু মগজু মাইকী যায়। দুজন মানুহৰ মন মগজু আৰু আবেগৰ এক আদান প্ৰদান হয়। দুজন মানুহৰ মাজত হোৱা কথা-বতৰাই দুয়োজনকে ওচৰ চপাই আনে। আৰু তেতিয়াই দুজন মানুহৰ মাজত মানসিক ভাৱে এক প্ৰচণ্ড শক্তিয়ে বাঁহৰ পাতে যত কোনো ধুমুহা আহি মুখ থেকেছা খায়। এই সম্পৰ্ক বিশ্বাস আৰু মৰমৰ সম্পৰ্ক।তিনি খলপীয়া চিঠি প্ৰিন্ট হোৱাৰ আগেয়ে ল'ৰা আৰু ছোৱালীয়ে মনত লিখি ৰয় ভালপোৱা নামৰ এটি শব্দ আৰু আশাৰ আখৰেৰে বহুতো কিবাকিবি লিখি লয়। যিবোৰ আখৰ দুখৰ বৰষুণত মোচ নাখায়। এইয়া মিলন। কেৱল মন্ত্ৰৰ প্ৰকোপত মিলন হোৱা হেঁতেন মানুহৰ সম্পৰ্কত বিচ্ছেদ বোলা শব্দটো নাহিল হেঁতেন। মনৰ মিলন হ'লে কেতিয়াবা মনৰ অমিলো হ'ব পাৰে যাৰ বাবে আমাৰ মাজত বিচ্ছেদ হয়। বিচ্ছেদ একো বেয়া কথা নহয়।
এই যে বিয়াৰ পিছতো আমাৰ কাৰোবাৰ মাজত বিবাহ বিচ্ছেদ হয়, কিয় বাৰু? বাৰু বাৰু সেয়া এক ডাঙৰ দীঘল বিষয় বস্তু। আবেগ অনুভূতি, মৰমৰ অভাৱত বিচ্ছেদ হ'ল বাৰু সেই বিচ্ছেদিত মানুহ বোৰৰ জীৱন কি ৰৈ যায় নেকি? বিচ্ছেদিত মানুহ বোৰৰ জীৱনলৈ পোহৰ আনিবলৈ 'তোমাৰ বিয়াখন কেতিয়া খাব পাম' বুলি সোধা মানুহবোৰে সহায় কৰেনে? বিয়া খাও খাওঁকৈ থকা সেই সদা প্ৰস্তত মানুহবোৰে বিচ্ছেদিত কাৰোবাক বিয়া পাতিব খুজিলে কিমান শতাংশ সমৰ্থন কৰে? নে তেওঁলোকে ফিচিঙাফিচিঙি কৰি কাৰোবাক সোধে- "এ অমুকাই হেনো ডিভৰ্শ্বি এজনী হে বিয়া পাতিলে।" একালত অঞ্চলৰ ভিতৰত সৰ্বাধিক নম্বৰ পোৱা কোনোবা বোৱাৰীয়ে মাকৰ আগত কোৱাকুই কৰাৰ পৰা বিৰত থাকিব নে- "এ শুনিছা, সেই যে কাকতিহতৰ ল'ৰা জনে এটা ডিভৰ্শ্বি বিয়া পাতিলে পাই"।
এই খিনিতে নিশব্দ হৈ ৰয় কাৰোবাৰ বিয়াৰ ৰাতি ফুটা ফটকাৰ শব্দ, ম্লান হয় বিয়াৰ পেণ্ডেলত ওলমি থকা গেন্ধে ফুলৰ সুবাস। এই খিনিতে অসাৰ হয় মন্ত্ৰ আৰু নিয়ম বোৰ আৰু এইখিনিতেই প্রয়োজন হয় পৰিৱৰ্তনৰ। ভেকুলীয়ে প্ৰসাৱ কৰা কুঁৱাৰ পানী নাখায় আমি পিউৰিফাইড ফিল্টাৰৰ পানী খাব ললোঁ ঠিকেই। অৱসৰ বিনোদনৰ আদব কায়দা বোৰৰো সালসলনি হ'ল। কিন্তু, বিয়া আৰু বিবাহ বিচ্ছেদ হোৱা মানুহক চোৱা দৃষ্টিভংগীহে সলনি নহ'ল।

মনৰ মাজত এখন সুকীয়া পৃথিৱীৰ জন্মদিব বুলি সৰুবোপাই সমাজৰ কিচুমান অনিয়মক নিজেই সলনি কৰিব বিচাৰিছে নিজৰ মাজতে। বিয়াৰ সম্পর্ক মানুহৰ মাজতেই হয় তেন্তে সেই সম্পৰ্কৰ মাজত ভাঙোন কেতিয়াবা আহিব পাৰে।বিবাহ বিচ্ছেদও এক নতুন কথা নহয়। কিন্তু সমাজৰ এচাম লোকৰ বাবে এই সৰু সৰু কথা বিলাক আজিও এটা ডাঙৰ ডাঙৰ সমস্যাৰ দৰে থিয় হৈ থাকে।

সৰুবোপাই কথা বিলাক কিছু বেলেগকৈ ভাবিছে। জীয়াই থাকিবলৈ এগৰাকী সংগীৰ প্রয়োজন। সেই সংগীয়ে জীৱন আৱৰি ৰাখিব। জীৱনৰ উঠা নমা বিলাকৰ লগত আগুৱাই থাকিব পৰাকৈ জীবনে সেই সংগী গৰাকীৰ সৈতে মিতিৰালি কৰিব তাতেই জীৱনেও সাহস পাব। জীৱন সংগীক আনুষ্ঠানিক স্বীকৃতি দিয়া এই বিবাহ মনেৰে হওঁক বুলিয়েই ভাবে। বিয়াৰ ধাৰত জীৱনে কষ্ট নাপাওক, কইনা চাব যোৱাৰ নামত এঘৰ মানুহক হাহাকাৰ কৰা নহওঁক। বিয়াৰ ৰাতি ফুৰ্তিৰ শব্দত ওচৰৰ হাঁহ পাৰ আৰু চৰাইবোৰ ভয়তে নাকান্দক, বিয়াৰ নামত উৎসৱ নহওঁক। বিবাহ বিচ্ছেদ হোৱা কাৰোৱাকো সমাজে মুকলিকৈ আকোৱালি লওক।কথাবোৰ আলোচনা হওঁক।সৰুবোপাই কিন্তু তেনেকৈহে ভাবে...বিয়াখন বিয়া হৈ থাকিব দিব নোৱাৰিনে? বিয়াৰ নামত উৎসৱ নাপাতি থাকিব নোৱাৰিনে? টকা- পইচা, ধন-দৌলতৰ শ্ব' বিয়া নহওঁক। দুজন মানুহ চিৰদিনৰ বাবে থাকিবলৈ ঠিৰাং কৰা আনুষ্ঠানিক দিনটো কিছু বেলেগকৈ উদযাপন কৰিব নোৱাৰি? উত্তৰটো আপোনালৈ এৰিলোঁ।

শৈলেন দাস

19/01/2024

#সমাজে_কি_ক'ব?

মানুহক মানুহ লাগে। চকাৰ আবিষ্কাৰ হোৱাৰ পৰাই, মানুহে সমাজ পাতি বাস কৰিব জনা হোৱাৰ দিনৰ পৰাই সভ্যতাই বাগৰ সলাইছিল। সভ্যতাবোৰ সলনি হোৱাৰ দিনৰ পৰাই সময়ে আমাক সদায় নতুন শিক্ষা দি থাকিব ল'লে। পৰিস্থিতি বোৰৰ পৰিৱৰ্তন হ'বলৈ ধৰিলে। পৰিৱৰ্তনৰ পম খেদি আমি আগুৱাই থাকিলোঁ। আমি আটায়ে জানো যে আগুৱাই থকাটোৱে জীৱন। গতি কৰি থকাটো, গতিশীল হৈ থকাটো বৰ ভাল কথা। সময়ে আমাক গতিশীল হ'বলৈ শিকাই থাকে।
গতিশীল হ'বলৈ চাগে মানুহক পৰিস্থিতিয়ে বাধ্য কৰাইছিল। সেইবাবে হয়তো কোৱা হয় যে মানুহ পৰিস্থিতিৰ দাস। কিন্ত পৰিস্থিতি তৈয়াৰ অথবা সৃষ্টি কোনে কৰে? প্ৰশ্নই প্ৰশ্ন, প্ৰশ্নবোৰৰ মাজতেই ৰেলখন ৰঙিয়া পালে।

সাউৎকৈ বৰপেটাৰ পৰা আহি থকা দীঘল বাছ এখনত বশিষ্ঠ চাৰিআলিলৈ উঠি দিলোঁ। মানে টংলা গৈছিলোঁ। মোৰ মন বেয়া লাগিলে অথবা মনত বহুত ফুৰ্তি লাগিলে বেছি ভাবি গুণী নাথাকি মই টংলালৈ গুছি যাওঁ। কলেজীয়া বন্ধুৰ ঘৰ। সেই ঘৰখন যেন মোৰো ঘৰ। জন্ম পাই ডাঙৰ দীঘল হোৱা ঘৰ খনৰ বাহিৰেও মানুহৰ জীৱনত কিছুমান ঘৰ গঢ়ি উঠে। এই ঘৰ সম্পৰ্কৰ ঘৰ, মৰমৰ ঘৰ, এক টানৰ ঘৰ। যদি এনেকুৱা ঘৰ আপুনি আপোনাৰ জীৱন কালত সৃষ্টি কৰিব পৰা নাই তেন্তে আপুনি এগৰাকী খুব দুখীয়া মানুহ। এই ক্ষেত্ৰত মই চহকী। সময় পালেই টংলা যোৱাটো মোৰ অভ্যাস। বাৰু বাৰু এইবোৰ মোৰ ব্যক্তিগত কথা মানে প্ৰাইভেট। বাছখনত যে উঠি দিলোঁ- কিবাকৈ চিট এটা পালোঁ। গাড়ীখন গুৱাহাটী অভিমুখে যিমান আগুৱাব ল'লে ক্ৰমান্বয়ে গাড়ীখনত যাত্ৰীৰ সংখ্যাও বাঢ়িব ল'লে।
"অ' দাদা সুমে যাক, সুমে যাক। এ বাইদেউ বেগটো অলপ ঘূৰে নলয় কিয়া? পিছফালে সুমে যাক। খালী আছে। অ' মাইনা অলপ সুমে জ..." বাছৰ কনডাক্টৰ জনৰ কথাত যাত্ৰী বোৰৰ খং উঠাটো স্বাভাৱিক। খোজ দিবলৈ ঠাই নোহোৱা গাড়ী খনত সকলোকে কৈ আছে
"সুমে যাক সুমে যাক"। সেই খিনি সময়তে কাৰোবাৰ লেপটপ বেগ এটা মোৰ মূৰত লগাত দুখ পাইছিলো। এই ফালে কনডাক্টৰ জনে মাতিয়েই আছে- গুৱাহাটী ডাইৰেক্ট খনাপাৰা, খালী গাড়ী আহক দাদা। ক'ত যাব? এই খনাপাৰা খানাপাৰা...

এই যে কনডাক্টৰজনে মানুহে কি ক'ব অথবা মানুহে কি কয় ইত্যাদি কথাবোৰক ভ্ৰক্ষেপ নকৰি নিজৰ কামটো মন লগাই কৰি গৈ আছে এইয়াই এক 'মাইণ্ডছেট'। গাড়ীৰ উপাৰ্জন ভাল হ'লেহে গাড়ীৰ কৰ্মচাৰীৰ দৰমহা বাঢ়িব। গতিকে তেওঁ যাত্ৰী বঢ়োৱাত মন দিবই লাগিব। যাত্ৰীৰ অলপ অসুবিধা হোৱাটো একো ডাঙৰ কথা হ'ব নোৱাৰে বুলি ভাবিয়েই তেওঁ আকৌ দুগুণ বলেৰে কয়- "দাদা পিছৰ দেখি খালী আছে। সুমে যাক সুমে যাক"। - কথাখিনি সৰু যদিও ইয়াত ডাঙৰ কথাৰ পাক কিছুমান সুমুৱাই থকা দেখা পাইছে নে?
ওপৰোক্ত কনডাক্তৰ জনৰ লেখীয়াকৈ এটা এটিটিউড বনাবলৈ আমাৰ সকলোৰে সময় আহি পৰিছে। মানুহক মানুহ লাগে, জুই আৰু চকাৰ উদ্ভাৱনৰ পিছতেই মানৱ জাতিয়ে এক নতুন দিগন্ত দেখা পালে। সময়ে সময়ে বিজ্ঞানৰ চমকপদ আৱিস্কাৰ, কলাৰ অৱদান আৰু মানৱ জাতিৰ জ্ঞান পিপাসু মনটোৱে আমাক এক বেলেগ গতি দিছে যাৰ বাবেই আমি জোনবাইৰ মাটিত ঘৰ সজাৰ কথা ভাবো, দুৰাৰোগ্য বেমাৰৰ চিকিৎসা উদ্ভাৱন কৰোঁ। কিন্তু ইমানখিনি গতি পোৱাৰ পিছতো কিন্তু আমি কোনোবা খিনিত মন্থৰহৈ আছোঁ। সময়ে যেন আমাক শিকাব পৰা নাই...

সমাজে কি ক'ব? এই যাদুকৰী প্ৰশ্নৰ বাবেই আমি ৰৈ যাওঁ। সমাজে কি ক'বৰ বাবেই বহুত ভাল সম্পৰ্ক বিয়ালৈ ৰূপান্তৰ হ'ব পৰা নাই, সমাজে কি ক'ব?- এই প্ৰশ্নৰ বাবেই বহু বেবিৰিবাং প্ৰচলিত নিয়ম নামৰ অনিয়মক আমাৰ পৰা বিদায় দিব পৰা নাই। এই প্ৰশ্নৰ বাবেই বহু সন্তানহীন নাৰীয়ে কোনোবা খিনিত মুখ খুলি কথা ক'ব পৰা নাই, কোনোবা সন্তানৰ মাক-দেউতাকে নিজৰ ছোৱালী বা ল'ৰাৰ দ্বিতীয় বিবাহৰ কথা ভাবিব পৰা নাই অথবা কোনোবা নাৰীয়ে পতিৰ হিংসা, অত্যাচাৰ আদি দিনে দিনে সহি থাকিও বিবাহ বিচ্ছেদৰ কথা ভাবিব পৰা নাই। এই প্ৰশ্নই আমাক ক্ষতি কৰা নাই নে?
দৰাচলতে সমাজখন সৃষ্টি কৰে কোনে? সমাজ নামৰ চাদৰখনত দীঘ-বাণী বয় কোনে? আপুনি মই নহয় জানো? যদি আমি আধুনিক বুলি দম্ভালি মাৰি একবিংশ শতিকাৰ জয় গান পাৰো তেন্তে আমি বোৰে এই সমাজ এদিনতে সলনিও কৰিব পাৰো! কিন্তু নকৰো কিয়?

এই প্ৰশ্নটোৰ আঁত ধৰিয়েই দুটামান কথা আলোচনা কৰি চাব পাৰি নেকি?
আমাৰ মাজৰ বহুতেই সমাজৰ কিছুমান নীতি নিয়মক লৈ বহুত বেছি সন্তুষ্ট নহয়। কিন্তু তাৰ পিছতো আমি নিজৰ কামটো হোৱাৰ পিছত আনৰ কথা ভাবিব বাদ দিওঁ। কিন্ত কিয়?
১) আমি বেছিভাগ মানুহেই খুব বেছি স্বাৰ্থপৰ, নিজৰ প্ৰয়োজন নোহোৱালৈ আমি আনৰ অসুবিধা দেখা পালেও প্ৰায়ভাগ সময় চকুমুদিয়েই থাকোঁ।

২) আজিৰ তাৰিখত নিজা সুকীয়া শৈলীৰে কাম কৰা মানুহ কম। বেছি ভাগ মানুহেই অনেক কথাৰ আঁত ধৰি, নকল কৰিহে কামবোৰ কৰি যাব খোজে। নকল কৰা মানুহে ভৰপূৰ সমাজত চিধাচিধিকৈ কথা কোৱা মানুহৰ সংখ্যা কম।

৩) সমাজখন সলনি কৰিবৰ বাবে এচাম সঁচা অৰ্থত শিক্ষিত মানুহৰ জন্ম হ'ব লাগিব। ইতিমধ্যেই শিক্ষিত মানুহ আছে। কিন্তু তেওঁলোক বহু ক্ষেত্ৰত বহু লবী, ৰাজনীতি, দুৰ্নীতিৰ লগত মানুহৰ লগত মেনেজ হৈ থাকে গতিকে তেওঁলোক নিমাত আৰু এটা বিপদমুক্ত পৰিবেশত বসবাস কৰে।

৪) নিয়ম বোৰ সলনি কৰিবৰ বাবে এচাম মানুহে যৎপৰনাস্তি চেষ্টা কৰি আছে। কিন্তু তেওঁলোকৰ ব্যক্তিত্বৰ অভাৱৰ বাবে তেওঁলোকৰ কথা সৰ্বসাধাৰণ মানুহে বিশ্বাসত ল'ব নোখোজে।

কথা বিলাক পাকলগা। ভাবিলে এনেকুৱা লাগে যে এই সমস্যাটোৰ সমাধান নহ'বই নেকি? কিন্তু কি জানেনে, এই সমস্যাটোৰ সমাধান নিজৰ লগতেই আছে। আপুনি আৰু মই নিজৰ মাজত দুখন পৃথিৱী বনাই লব লাগিব। এখন ভিতৰৰ পৃথিৱী আৰু আনখন বাহিৰৰ পৃথিৱী। বাহিৰৰ পৃথিৱী খনৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকিব। কিন্তু, আভ্যন্তৰীণ পৃথিৱীখন আপোনাৰ একান্ত আপোনাৰ এই পৃথিৱীখনত আপোনাৰ অনুমতি অবিহনে যাতে কোনেও একো কৰিব নোৱাৰে তাৰ ওপৰত আপুনি নজৰ দিব লাগিব। বেলেগে কি কয়, কি কৰে এই কথাদুটাৰ ওপৰত গুৰুত্ব নিদি নিজৰ বিচাৰ বুদ্ধিৰে আগবাঢ়ি যাওঁক। এই গতিয়ে আমাক জীৱন দিব। যাৰ লগত ভাল লাগে তাৰ লগত থাকিম। সমাজে কি কয় ক'ব। যি কথা ক'লে দহ জনৰ ভাল হয় সেয়া চিঞৰি ক'ম। সেই কথা শুনি কোনেৱে আমাৰ চৰিত্ৰত ধৰি কথা ক'লেও ক'ব। যি মান যায় তাকেই কৰিব সময় আহি গ'ল। মন যোৱা কামটোৱে যাতে কাৰো ক্ষতি নকৰে তালৈ সজাগ হ'লে হল।কিন্তু আনক সন্তুষ্ট কৰিবলৈ আমি জীয়াই নাথাকো। কাৰণ সকলোকে সন্তুষ্ট কৰিবলৈ আমি বেশ্যা নহয়। হয় নে?

📍শৈলেন দাস

01/02/2023

Importance of Personality

31/01/2023

Tips for Personality Development

23/12/2022

জীৱনে কি বিচাৰে?


https://www.amazon.in/dp/B0BK5JN875?ref=myi_title_dpMy BioNovel.
23/10/2022

https://www.amazon.in/dp/B0BK5JN875?ref=myi_title_dp

My BioNovel.

A Bio-novel written by Dr. Sailen Das and published by Panchajanya Books, Bamunimaidam, Guwahati- 781021 and Printed at Panchajanya Printing & Publishing, Bamunimaidam, Guwahati- 781021 শূন্য এটা সদায় শূন্য হৈ নেথাকে। শূন্য এটাৰ ....

Address

Guwahati
Uzan Bazaar
781125

Alerts

Be the first to know and let us send you an email when Dr. Sailen Das's Personality posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dr. Sailen Das's Personality:

Share