30/01/2024
সৰুবোপাৰ বিয়া খন(!)
সকলোৰে এটা সুকীয়াকৈ কক্ষপথ থাকে। ঠিক তেনেকৈ সময়ৰো এটা নিজাকৈ পথ আছে। আমি ধৰি বান্ধি থ'ব নোৱাৰা সময়ে সেই পথেৰে গতি কৰি থাকে। পৃথিৱীৰ প্ৰতিজন মানুহেই উৰিব বিচাৰে। নিজৰ বৰ্তমানৰ পৰিবেশৰ পৰা আন এক পৰিৱেশ বিচাৰি মানুহে উৰি গৈ থাকিব বিচাৰে। মানুহৰ মনটোৰে উৰে। আমি একে খন ঠাইত থাকি ভাল নাপাওঁ, এটা পৰিবেশত থাকিও ভাল নাপাওঁ। আমাক নতুনত্ব লাগে। নতুন ঠাই, নতুন কাম, নতুন খাদ্য আৰু নতুন মানুহৰ প্ৰতি আমাৰ এটা বিৰাট টান থাকে। নতুন কিবা এটা বিচাৰি যোৱাত আমাৰ সমান দূতবেগী প্ৰাণী আৰু নাই। কিন্তু নতুন মন এটা আমি বিচাৰো নে?
বাৰু কথাবোৰ অলপ আলোচনা কৰা হওঁক।
হওঁতে হয়। সৰুবোপাৰ বিয়াখন ঘৰখনৰ মানুহবোৰে খুব ধুমধামেৰে পাতিব বুলি ইচ্ছা এটা মনতে পুহি ৰাখিছিল। ইয়াত ধুমধাম শব্দটোৰ সলনি 'ৰমক-ঝামক' শব্দটো ব্যৱহাৰ কৰিলে অতি খাপ খোৱা বিধৰ হ'ব বুলি মোৰ মনে ধৰে। বিয়া বুলি ক'লে 'ঝামেলা' শব্দটোও আওপকীয়াকৈ আহিয়ে যায়। বিয়া আৰু ঝামেলা এটা মুদ্ৰাৰ যেন দুটা পিঠিহে।কিয়নো বিয়াবুলি ক'লেই বিয়াখন চলাই নিবলৈ আমাক এদল মানুহ লাগিল। আইডিয়া দিয়া এজন অভিজ্ঞ মানুহ বিচাৰি আমাৰ বংশ কুটুমৰ ঘৰবোৰ চালাথ কৰিব লাগিল। ব্ৰাহ্মণ ঠিক কৰা, ৰভাৰ কাম, ৰিছিপচন পাৰ্টী, বেণ্ড পাৰ্টী, নিমন্ত্ৰনী পত্ৰ, কাপোৰ, খানাৰ আয়োজন, ঘৰত ৰং দিয়া, ইষ্ট কুটুম বোৰৰ বিশেষ ব্যক্তিক লগ কৰি তৈলমৰ্দন কৰাৰ দৰে কিচুমান কথা পাতি বিয়াৰ দিনা ৰভাৰ পৰা বিয়াৰ ভঁৰাল চোৱালৈ কাৰোবাক দায়িত্বত দিয়া, এইবোৰ জানো আজিৰ তাৰিখত এটা এটা ঝামেলা নহয়? এই কামবোৰে জানো এজন চাকৰিয়াল, ব্যৱসায়িক, খেতিয়ক লোকৰ জানো সময় নষ্ট নকৰে? সময়
নষ্ট কৰা এই কামবোৰ আওপকীয়াকৈ জানো আমাৰ সকলোৰে কিছু লোকচান নকৰে? যেনে- মনে নিবিচৰা কাৰোবাক বংশৰ ডাঙৰজন বুলিয়েই হাতে ভৰি ধৰিব লাগিল। বয়সত ডাঙৰ হোৱা বুলিয়েই কাৰোবাক সন্মান দিব লাগিল অথচ সেই মানুহ বোৰ কোনোদিন সন্মানৰ যোগ্য নহয়েই।আনকি আজিও সেই জ্যেষ্ঠ আৰু সন্মানৰ যোগ্য বুলি দাবী কৰিব খোজা মানুহৰ কোনোবা জনেই আপুনি কষ্ট কৰি পোৱা চৰকাৰী চাকৰিটো ভেটি দি পোৱা বুলি অপপ্ৰচাৰ কৰিছিল, যিটো কথাই আপোনাক আজিও মনৰ কোনোবা খিনিত দুখ দিয়ে। কিন্তু, বিয়া পাতিছে যিহেতু তেনেকুৱা মানুহকো কাকূটি মিনতি কৰি বিয়ালৈ নিমন্ত্ৰণ দিব লগীয়া হয়। হেজাৰ হওঁক সেই মুখ ৰচক আৰু পেটপচা মানুহ বোৰেই ৰভাৰ তল শুৱনি কৰা মানুহ, কিন্তু বিপদত তেওঁলোক আপোনাৰ পৰা যোজন বাট দূৰত। যিমান যি নহ'লেও কিন্ত আপোনাৰ একান্ত ব্যক্তিগত বুলি কিবা এটা কথা নথকা নহয়। এখন বিয়াৰ বাবে নিজৰ দর্শন আৰু ব্যক্তিত্বক সমাজৰ নীতি নিয়ম বোৰৰ আগত জ্বলাঞ্জলি দিয়াটো কিমান সমীচীন সেয়া আপোনাৰেই বিচাৰৰ বিষয় বুলি এৰিলোঁ। এই যে এজনী ছোৱালীক মাক দেউতাকে ডাঙৰ দীঘল কৰে, সমাজৰ নীতি মতেই শান্তি বিয়া পাতি গাঁঠিৰ ধন খৰছ কৰে, ভাল দৰে পঢ়া শুনা কৰাৰ পাছত ল'ৰা এজনে বিয়া পাতি লৈ আহে। নিজ পত্নীৰ উপাৰ্জনো দৰা জন মানে স্বামী জনৰেই হৈ পৰে । মানে ডাঙৰ কৰে কোনোবাই আৰু আৰ্থিক ভাৱে স্বচ্ছল হোৱাৰ সময়ত সেই ফল স্বামীয়ে ভোগ কৰে সেই কথাটোকলৈ কিন্তু সৰুবোপাৰ কিবা কিবি ক'ব লগা আছে। স্বাধীনতাৰ ডেফিনেচন দিয়া মানুহ বোৰেই 'বিয়া' শব্দটিক কবৰ দি এখন বেলেগ দুনীয়াৰ সৃষ্টি কৰি আহিছে আৰু আজি বিয়া হোৱাটো এক ব্যয়বহুল প্ৰক্ৰিয়ালৈ ৰূপান্তৰ হৈছে।
পৰিয়াল আৰু সমাজৰ অধিক মানুহে ভবাৰ লেখীয়া কিন্তু, সৰুবোপাই কিছুমান কথা নাভাবে। আমাৰ সমাজৰ কিছুমান সৰুবোপাই নিজৰ জীৱনৰ সমান্তৰালকৈ এখন যুদ্ধ কৰি জীয়াই থাকে। এই যুদ্ধ মন- মগজু আৰু মানসিক দ্বন্দ্বৰ মাজত কিছু পৰিমাণে সমাজৰ বিৰুদ্ধেও। এইসমূহ কথা সৰুবোপাই এনেকে ভাবে- যিদৰে সমাজত ই-ৰিক্সাৰ সংখ্যা বঢ়া মানেই নিবনুৱা সমস্যাৰ দূৰ হোৱাটো নুবুজায় ঠিক তেনেকৈৱবিয়াৰ নামত উৎসৱ পাতি টকা, শক্তি, সময় আৰু পৰিবেশৰ বায়ু বতাহ বেয়া কৰাৰো কোনো যুক্তি নাই। পৰিয়াল আৰু সমাজৰ সকলো কথাক একাষে থৈ সৰুবোপাই ভাবে-
বিয়া মানে নো কি?
Actually marriage, a legally and socially sanctioned union, usually between a man and a woman. এইখিনিতে অনাহক বিতৰ্কৰ বাবে বৈদিক ৰীতি নীতিবোৰ আঁতৰাই ৰাখি এবাৰ ভাবি চাওঁ আহক- বিয়া মানেনো কি? বেণ্ডপাৰ্টী পেঁপা, আনৰ পৰা টকা ধাৰলৈ আনি ৰাইজক খোৱাই দিয়া এক নম্বৰী ছাগলীৰ মঙহ, মাংস নোখোৱাৰ বাবে পনীৰ আদিৰ যোগাৰ কৰাৰ আগেয়ে কিন্তু দুগৰাকী মানুহৰ মন আৰু মগজু মাইকী যায়। দুজন মানুহৰ মন মগজু আৰু আবেগৰ এক আদান প্ৰদান হয়। দুজন মানুহৰ মাজত হোৱা কথা-বতৰাই দুয়োজনকে ওচৰ চপাই আনে। আৰু তেতিয়াই দুজন মানুহৰ মাজত মানসিক ভাৱে এক প্ৰচণ্ড শক্তিয়ে বাঁহৰ পাতে যত কোনো ধুমুহা আহি মুখ থেকেছা খায়। এই সম্পৰ্ক বিশ্বাস আৰু মৰমৰ সম্পৰ্ক।তিনি খলপীয়া চিঠি প্ৰিন্ট হোৱাৰ আগেয়ে ল'ৰা আৰু ছোৱালীয়ে মনত লিখি ৰয় ভালপোৱা নামৰ এটি শব্দ আৰু আশাৰ আখৰেৰে বহুতো কিবাকিবি লিখি লয়। যিবোৰ আখৰ দুখৰ বৰষুণত মোচ নাখায়। এইয়া মিলন। কেৱল মন্ত্ৰৰ প্ৰকোপত মিলন হোৱা হেঁতেন মানুহৰ সম্পৰ্কত বিচ্ছেদ বোলা শব্দটো নাহিল হেঁতেন। মনৰ মিলন হ'লে কেতিয়াবা মনৰ অমিলো হ'ব পাৰে যাৰ বাবে আমাৰ মাজত বিচ্ছেদ হয়। বিচ্ছেদ একো বেয়া কথা নহয়।
এই যে বিয়াৰ পিছতো আমাৰ কাৰোবাৰ মাজত বিবাহ বিচ্ছেদ হয়, কিয় বাৰু? বাৰু বাৰু সেয়া এক ডাঙৰ দীঘল বিষয় বস্তু। আবেগ অনুভূতি, মৰমৰ অভাৱত বিচ্ছেদ হ'ল বাৰু সেই বিচ্ছেদিত মানুহ বোৰৰ জীৱন কি ৰৈ যায় নেকি? বিচ্ছেদিত মানুহ বোৰৰ জীৱনলৈ পোহৰ আনিবলৈ 'তোমাৰ বিয়াখন কেতিয়া খাব পাম' বুলি সোধা মানুহবোৰে সহায় কৰেনে? বিয়া খাও খাওঁকৈ থকা সেই সদা প্ৰস্তত মানুহবোৰে বিচ্ছেদিত কাৰোবাক বিয়া পাতিব খুজিলে কিমান শতাংশ সমৰ্থন কৰে? নে তেওঁলোকে ফিচিঙাফিচিঙি কৰি কাৰোবাক সোধে- "এ অমুকাই হেনো ডিভৰ্শ্বি এজনী হে বিয়া পাতিলে।" একালত অঞ্চলৰ ভিতৰত সৰ্বাধিক নম্বৰ পোৱা কোনোবা বোৱাৰীয়ে মাকৰ আগত কোৱাকুই কৰাৰ পৰা বিৰত থাকিব নে- "এ শুনিছা, সেই যে কাকতিহতৰ ল'ৰা জনে এটা ডিভৰ্শ্বি বিয়া পাতিলে পাই"।
এই খিনিতে নিশব্দ হৈ ৰয় কাৰোবাৰ বিয়াৰ ৰাতি ফুটা ফটকাৰ শব্দ, ম্লান হয় বিয়াৰ পেণ্ডেলত ওলমি থকা গেন্ধে ফুলৰ সুবাস। এই খিনিতে অসাৰ হয় মন্ত্ৰ আৰু নিয়ম বোৰ আৰু এইখিনিতেই প্রয়োজন হয় পৰিৱৰ্তনৰ। ভেকুলীয়ে প্ৰসাৱ কৰা কুঁৱাৰ পানী নাখায় আমি পিউৰিফাইড ফিল্টাৰৰ পানী খাব ললোঁ ঠিকেই। অৱসৰ বিনোদনৰ আদব কায়দা বোৰৰো সালসলনি হ'ল। কিন্তু, বিয়া আৰু বিবাহ বিচ্ছেদ হোৱা মানুহক চোৱা দৃষ্টিভংগীহে সলনি নহ'ল।
মনৰ মাজত এখন সুকীয়া পৃথিৱীৰ জন্মদিব বুলি সৰুবোপাই সমাজৰ কিচুমান অনিয়মক নিজেই সলনি কৰিব বিচাৰিছে নিজৰ মাজতে। বিয়াৰ সম্পর্ক মানুহৰ মাজতেই হয় তেন্তে সেই সম্পৰ্কৰ মাজত ভাঙোন কেতিয়াবা আহিব পাৰে।বিবাহ বিচ্ছেদও এক নতুন কথা নহয়। কিন্তু সমাজৰ এচাম লোকৰ বাবে এই সৰু সৰু কথা বিলাক আজিও এটা ডাঙৰ ডাঙৰ সমস্যাৰ দৰে থিয় হৈ থাকে।
সৰুবোপাই কথা বিলাক কিছু বেলেগকৈ ভাবিছে। জীয়াই থাকিবলৈ এগৰাকী সংগীৰ প্রয়োজন। সেই সংগীয়ে জীৱন আৱৰি ৰাখিব। জীৱনৰ উঠা নমা বিলাকৰ লগত আগুৱাই থাকিব পৰাকৈ জীবনে সেই সংগী গৰাকীৰ সৈতে মিতিৰালি কৰিব তাতেই জীৱনেও সাহস পাব। জীৱন সংগীক আনুষ্ঠানিক স্বীকৃতি দিয়া এই বিবাহ মনেৰে হওঁক বুলিয়েই ভাবে। বিয়াৰ ধাৰত জীৱনে কষ্ট নাপাওক, কইনা চাব যোৱাৰ নামত এঘৰ মানুহক হাহাকাৰ কৰা নহওঁক। বিয়াৰ ৰাতি ফুৰ্তিৰ শব্দত ওচৰৰ হাঁহ পাৰ আৰু চৰাইবোৰ ভয়তে নাকান্দক, বিয়াৰ নামত উৎসৱ নহওঁক। বিবাহ বিচ্ছেদ হোৱা কাৰোৱাকো সমাজে মুকলিকৈ আকোৱালি লওক।কথাবোৰ আলোচনা হওঁক।সৰুবোপাই কিন্তু তেনেকৈহে ভাবে...বিয়াখন বিয়া হৈ থাকিব দিব নোৱাৰিনে? বিয়াৰ নামত উৎসৱ নাপাতি থাকিব নোৱাৰিনে? টকা- পইচা, ধন-দৌলতৰ শ্ব' বিয়া নহওঁক। দুজন মানুহ চিৰদিনৰ বাবে থাকিবলৈ ঠিৰাং কৰা আনুষ্ঠানিক দিনটো কিছু বেলেগকৈ উদযাপন কৰিব নোৱাৰি? উত্তৰটো আপোনালৈ এৰিলোঁ।
শৈলেন দাস