Titabor Co-District Administration

Directions Website

Titabor Co-District Administration O/o Co-District Commissioner, Titabor

30/10/2026

তিতাবৰৰ প্ৰগতিশীল কৃষক: আধুনিক কৃষি পদ্ধতি আৰু বহুশস্য খেতিৰ দিশে এখোজ

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ৩০ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ২৪ সংখ্যক কিস্তি মুকলি উ...
30/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ৩০ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ২৪ সংখ্যক কিস্তি মুকলি উপলক্ষে তিতাবৰৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত এক অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত তিতাবৰৰ মহকুমা কৃষি বিষয়া, তিতাবৰ সমজিলাৰ অধীনস্থ কৃষি উন্নয়ন বিষয়া আৰু আঁচনিখনৰ হিতাধিকাৰী কৃষকসকল উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত হিতাধিকাৰীসকলক আঁচনিখনৰ অধীনত মুকলি কৰা শেহতীয়া কিস্তিৰ বিষয়ে অৱগত কৰা হয়। এই আঁচনিৰ জৰিয়তে যোগ্য কৃষক পৰিয়ালসমূহক প্ৰদান কৰা আৰ্থিক সাহায্যই কৃষকসকলৰ জীৱন-জীৱিকা আৰু কৃষি কাৰ্যত সহায় আগবঢ়াই আহিছে।

District Administration, Jorhat

29/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৯ অক্টোবৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিচা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। তিতাবৰ সমজিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত তিতাবৰৰ সহকাৰী আয়ুক্ত, যোৰহাটৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

বৈঠকত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, শৈক্ষিক অগ্ৰগতি আৰু বিদ্যালয় এৰি যোৱাৰ প্ৰৱণতা সম্পৰ্কে পৰ্যালোচনা কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বৃদ্ধি, বিদ্যালয় এৰা ৰোধ আৰু শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত আলোচনা কৰা হয়।

সংশ্লিষ্ট প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলক বিদ্যালয়সমূহৰ নিয়মীয়া পৰ্যবেক্ষণৰ লগতে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৭ অক্টোবৰ তাৰিখে তিতাবৰ পশু চিকিৎসালয়ৰ উদ্যোগত তিতাবৰ পৌৰসভা এলেকাত পথৰ কুকুৰৰ টিকাকৰণ অভি...
27/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৭ অক্টোবৰ তাৰিখে তিতাবৰ পশু চিকিৎসালয়ৰ উদ্যোগত তিতাবৰ পৌৰসভা এলেকাত পথৰ কুকুৰৰ টিকাকৰণ অভিযান অনুষ্ঠিত কৰা হয়। পশুৰ স্বাস্থ্য সুৰক্ষা আৰু জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়।

এই অভিযানৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত যোৰহাট পৌৰসভা আৰু তিতাবৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াদ্বয়ে পেছাদাৰী কুকুৰ ধৰোঁতাৰ ব্যৱস্থা কৰি সহযোগিতা আগবঢ়ায়।

৩য় অসম আৰক্ষী বেটেলিয়ন শিবিৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ সামৰণি তিতাবৰ অসামৰিক চিকিৎসালয় চৌহদত পৰে। অভিযানৰ সময়ছোৱাত মুঠ ২০টা পথৰ কুকুৰক টিকাকৰণ কৰা হয়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২১ অক্টোবৰ তাৰিখে তিতাবৰ সমজিলাৰ সমজিলা আয়ুক্ত মহোদয়ে তিতাবৰৰ টিপমীয়া, শান্তিপুৰস্থিত বৃষ্টি...
21/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২১ অক্টোবৰ তাৰিখে তিতাবৰ সমজিলাৰ সমজিলা আয়ুক্ত মহোদয়ে তিতাবৰৰ টিপমীয়া, শান্তিপুৰস্থিত বৃষ্টি লেয়াৰ ফাৰ্ম পৰিদৰ্শন কৰি ফাৰ্মখনৰ স্বত্বাধিকাৰী শ্ৰী ৰমেন দাসৰ সৈতে মত-বিনিময় কৰে।

পৰিদৰ্শনকালত সমজিলা আয়ুক্ত মহোদয়ে ফাৰ্মখনৰ কণী উৎপাদন বৃদ্ধিৰ বাবে স্বত্বাধিকাৰীজনক উৎসাহিত কৰে। লগতে, স্থানীয়ভাৱে কণী উৎপাদন বৃদ্ধি কৰি অঞ্চলটোত কণীৰ চাহিদা পূৰণৰ লগতে কণী উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৬ অক্টোবৰ তাৰিখে জিলা আবকাৰী টাস্ক ফ’ৰ্চে পৰৱৰ্তী সময়ত তিতাবৰ আবকাৰী দলৰ সহযোগত তিতাবৰ সমজি...
16/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৬ অক্টোবৰ তাৰিখে জিলা আবকাৰী টাস্ক ফ’ৰ্চে পৰৱৰ্তী সময়ত তিতাবৰ আবকাৰী দলৰ সহযোগত তিতাবৰ সমজিলাৰ অন্তৰ্গত নাগিনিজুৰিত এক তালাচী অভিযান চলায়। এই অভিযানত বৃহৎ পৰিমাণৰ গুড়ৰ গুড়ি আৰু লালী গুড় জব্দ কৰা হয়।

অভিযানকালত দুখন ট্ৰেক্টৰ-ট্ৰেইলাৰ, এখন মাৰুতি ভান আৰু এটা আৱাসিক চৌহদৰ ভিতৰত থকা গুদামঘৰৰ পৰা ১৫০ বস্তা (৪,৫০০ কিলোগ্ৰাম) গুড়ৰ গুড়ি আৰু ৩৫৩ টিন (প্ৰায় ৫,৩০০ কিলোগ্ৰাম) লালী গুড় জব্দ কৰা হয়।

জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ ১৬৩ নং ধাৰাৰ অধীনত জাৰি কৰা নিষেধাজ্ঞামূলক নিৰ্দেশৰ ভিত্তিত এই জব্দকৰণৰ কাৰ্য সম্পন্ন কৰা হয়।

পৰৱৰ্তী সময়ত, অধিক তদন্ত আৰু প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে গোচৰটো বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক হস্তান্তৰ কৰা হয় আৰু প্ৰাসংগিক আইনী বিধান অনুসৰি এখন এজাহাৰ (FIR) দাখিল কৰা হয়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৬ অক্টোবৰ তাৰিখে তিতাবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তিতাবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰা...
16/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৬ অক্টোবৰ তাৰিখে তিতাবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তিতাবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত)ৰ সভাপতিত্বত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া সুচাৰুৰূপে, শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত কৰা হয়।

বৈঠকত প্ৰতিমা বিসৰ্জনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰাৰ লগতে আইন-শৃংখলা বজাই ৰখা, জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰা, যান-বাহন নিয়ন্ত্ৰণ, বিসৰ্জনস্থলীসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু সংশ্লিষ্ট বিভাগসমূহ তথা অংশীদাৰসকলৰ মাজত সমন্বয় স্থাপনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে, নিৰাপদে আৰু জনসাধাৰণৰ কোনো অসুবিধা নোহোৱাকৈ সম্পন্ন হয়, তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক পাৰস্পৰিক সমন্বয়ৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৫ অক্টোবৰ তাৰিখে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ  বিষয়াসকলে তিতাবৰ পৌৰসভা ...
15/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৫ অক্টোবৰ তাৰিখে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে তিতাবৰ পৌৰসভা এলেকাৰ বিভিন্ন হোটেল আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ অননুমোদিত বাণিজ্যিক ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে পৰিদৰ্শন অভিযান চলায়।

এই অভিযানৰ মূল উদ্দেশ্য হৈছে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ অপব্যৱহাৰ ৰোধ কৰা, নিৰ্ধাৰিত নীতি-নিয়মসমূহৰ যথাযথ পালন নিশ্চিত কৰা আৰু ঘৰুৱা তথা বাণিজ্যিক ক্ষেত্ৰত এল পি জিৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰা।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৫ অক্টোবৰ তাৰিখে, মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কেন্দ্ৰ...
15/10/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ১৫ অক্টোবৰ তাৰিখে, মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তিতাবৰ সমজিলা আয়ুক্তই নন্দনাথ শইকীয়া মহাবিদ্যালয়, তিতাবৰত ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ আৰু ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ অধীনত প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে।

উক্ত কাৰ্যসূচীত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকল উপস্থিত থাকে।

এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰা আৰু শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক বাধাসমূহ হ্ৰাস কৰি তেওঁলোকৰ স্বাৱলম্বিতাক উৎসাহিত কৰা।

District Administration, Jorhat

Address

Purana Titabor
Jorhat
785630

Alerts

Be the first to know and let us send you an email when Titabor Co-District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share