Assam Legislative Assembly

Assam Legislative Assembly Official page of The Assam Legislative Assembly, Dispur- 781005

The Assam Legislative Assembly is the unicameral legislature of the Indian state of Assam.
(1)

Ranjeet Kumar Dass is the current Speaker of the Assam Legislative Assembly.

অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি নতুন দিল্লীত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূ...
04/09/2026

অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি নতুন দিল্লীত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰে। মাননীয় অধ্যক্ষ মহোদয়ে ড'নাৰ মন্ত্ৰালয়ৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ সৃষ্টি আৰু কৃষ্টিৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ তেখেতক আহ্বান জনায়।


04/09/2026

যুৱপ্ৰজন্মৰ প্ৰগতি, অসমৰ উন্নতি — যুৱ সবলীকৰণৰ নতুন পদক্ষেপ


অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই  আজি দিল্লী বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী বিজেন্দৰ গুপ্তা ডা...
03/09/2026

অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি দিল্লী বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী বিজেন্দৰ গুপ্তা ডাঙৰীয়াৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বাৰ্তালাপ কৰে।

এই সাক্ষাৎকালত দিল্লী বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ে প্ৰাক্‌স্বাধীনতা কালৰে পৰা চলি অহা তদানীন্তন কেন্দ্ৰীয় বিধানসভা তথা দিল্লী বিধানসভাৰ ঐতিহাসিক আৰু বৰ্ণিল সংসদীয় ঐতিহ্যৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে।


03/09/2026

আজি ৰাজ্যিক ক্ৰীড়া দিৱসত অসমৰ গৌৰৱ, কিংবদন্তি ক্ৰীড়াবিদ, অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী শ্ৰীযুত ভোগেশ্বৰ বৰুৱাদেৱলৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

তেখেতৰ অসাধাৰণ ক্ৰীড়া-প্ৰতিভা, অদম্য সাহস, কঠোৰ পৰিশ্ৰম আৰু অনন্য সমৰ্পণে অসমক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মানচিত্ৰত এক গৌৰৱময় স্থান প্ৰদান কৰিছে। তেখেতৰ জীৱন আৰু কৃতিত্ব আমাৰ যুৱ প্ৰজন্মৰ বাবে এক চিৰন্তন প্ৰেৰণাৰ উৎস।


02/09/2026

মাজুলীৰ পৰ্যটন আৰু ঐতিহাসিক কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ


অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি নতুন দিল্লীস্থিত সংসদ ভৱন পৰিশিষ্টত লোকসভাৰ মাননীয় অধ্...
01/09/2026

অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি নতুন দিল্লীস্থিত সংসদ ভৱন পৰিশিষ্টত লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ওম বিৰলা ডাঙৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। উক্ত বৈঠকত গণতান্ত্ৰিক ব্যৱস্থা আৰু সংসদীয় নীতি-প্ৰক্ৰিয়াসম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে আগন্তুক দিনত দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত অনুষ্ঠিত হ’বলগীয়া ৬৯সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনৰ প্ৰস্তুতি আৰু আনুষংগিক দিশসমূহৰ সন্দৰ্ভত বিশদ তথা গঠনমূলক আলোচনা হয়।

এই গাম্ভীৰ্যপূৰ্ণ বৈঠকত ৰাজ্যসভাৰ মাননীয় উপাধ্যক্ষ শ্ৰী হৰিবংশ নাৰায়ণ সিং ডাঙৰীয়াৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ বিধানসভাৰ মাননীয় অধ্যক্ষসকল, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।


ভক্তি আন্দোলনৰ মহীয়ান সাধক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য, আধ্যাত্মিক জ্ঞানেৰে দীপ্তিমান প্ৰচাৰক শ্ৰীশ...
01/09/2026

ভক্তি আন্দোলনৰ মহীয়ান সাধক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য, আধ্যাত্মিক জ্ঞানেৰে দীপ্তিমান প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ। গুৰুজনাৰ আদৰ্শ, ভক্তি, অমূল্য সৃষ্টিৰাজি আৰু মানৱতাবাদী চিন্তাধাৰাই সমাজক চিৰকাল আলোকিত কৰি ৰাখিব।


নতুন দিল্লীস্থিত সংসদ ভৱনত আজি লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত ওম বিৰলা ডাঙৰীয়াক অসম বিধানসভাৰ মাননীয় অধ্যক্ষ ...
31/08/2026

নতুন দিল্লীস্থিত সংসদ ভৱনত আজি লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত ওম বিৰলা ডাঙৰীয়াক অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে।

এই সৌজন্যমূলক সাক্ষাৎকালত অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ে লোকসভাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ সৈতে সংসদীয় পৰিক্ৰমাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰে।

এই সাক্ষাৎকালত অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ সহধৰ্মিণী শ্ৰীমতী অঞ্জুৰাণী বৈশ্য দাস ডাঙৰীয়ানীও উপস্থিত থাকে।


31/08/2026

স্বনিৰ্ভৰতাৰ পথত অসম।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান।


ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন শ্ৰদ্ধাৰ প্ৰণৱ মুখাৰ্জীদেৱলৈ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।সুদীৰ্ঘ ৰাজ...
31/08/2026

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন শ্ৰদ্ধাৰ প্ৰণৱ মুখাৰ্জীদেৱলৈ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

সুদীৰ্ঘ ৰাজহুৱা জীৱনত দেশৰ উন্নয়ন আৰু প্ৰগতিত তেখেতে আগবঢ়াই যোৱা অৱদান চিৰস্মৰণীয় হৈ থাকিব।


Address

Dispur
Gauhati
781005

Alerts

Be the first to know and let us send you an email when Assam Legislative Assembly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Legislative Assembly:

Shortcuts

Share